ডিজিটেল ডেস্ক: আজি সৌৰভ গাংগুলীৰ কলকাতাস্থিত বাসভৱনত দেখা গ’ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক৷ সৌৰভ গাংগুলীৰ বাসভৱনত এক নৈশ ভোজত অংশ ল’লে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে৷ কলকাতা ভ্ৰমণলৈ অহা গৃহমন্ত্ৰী অমিত শ্বাহে৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পুত্ৰ জয় শ্বাহ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড সচিব হিচাপে প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলীৰ সহকৰ্মী হোৱাৰ বাবে এই ভ্ৰমণটোক এক সৌজন্যমূলক সাক্ষাৎ বুলি কোৱা হৈছে৷
গৃহমন্ত্ৰীগৰাকীয়ে দেহৰক্ষীৰ দ্বাৰা পৰিবেষ্টিত এখন বগা এছইউভিত গাংগুলীৰ বাসভৱনত উপস্থিত হৈছিল। সন্মুখৰ আসনত বহি নমস্কাৰৰ ইংগিতৰে ৰাইজক সম্ভাষণ জনোৱা অমিত শ্বাহক চাবলৈ সৌৰভ গাংগুলীৰ বাসভৱনৰ সন্মুখৰ পথটোত যথেষ্ট ভিৰ পৰিলক্ষিত হৈছিল।
গাংগুলীয়ে সাংবাদিকসকলক কৈছিল যে নৈশ ভোজক কেন্দ্ৰ কৰি কোনোধৰণৰ ৰাজনৈতিক চৰ্চী হোৱাৰ প্ৰয়োজন নাই৷ তেওঁ কৈছিল যে তেওঁ অমিত শ্বাহক এটা দশকৰো অধিক সময় ধৰি জানে আৰু কেইবাবাৰো লগ পাইছে।
গাংগুলীয়ে কয়, আমাৰ বহুত কথা পাতিবলৈ আছে। মই তেওঁক ২০০৮ চনৰ পৰা চিনি পাওঁ। যেতিয়া মই খেলিছিলোঁ, তেতিয়াও আমি লগ হৈছিলোঁ৷ বিগত বৰ্ষৰ আৰম্ভণিতে পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বেও গাংগুলীয়ে অমিত শ্বাহৰ সৈতে হোৱা বৈঠকৰ বিষয়ে স্পষ্টীকৰণ দিবলগীয়া হৈছিল৷ সেইসময়ত তেওঁ বিজেপিত যোগদান কৰিব বুলি অস্বীকাৰ কৰিছিল।
Leave A Comment