• ধোনীলৈ চিঠি আৱেগিক অনুৰাগীৰ, মিষ্টাৰ কুলৰ সঁহাৰি, 'ৱেল ৰিটেন, বেষ্ট উইশ্বেছ'

    ক্ৰীড়া
    ধোনীলৈ চিঠি আৱেগিক অনুৰাগীৰ, মিষ্টাৰ কুলৰ সঁহাৰি, 'ৱেল ৰিটেন, বেষ্ট উইশ্বেছ'
    ডিজিটেল ডেস্কঃ মহেন্দ্ৰ সিং ধোনীৰ মাজত তাৰকাসুলভ মনোভাৱ দেখিবলৈ পোৱা নাযায়। ভাৰতীয় ক্ৰিকেট দলৰ যুগদ্ৰষ্টা হিচাপে চিহ্নিত হোৱাৰ উপৰি অজস্ৰ খ্যাতিৰ গৰাকী হৈয়ো বিনয়ী ধোনী। সেইবাবে ধোনীৰ প্ৰতি প্ৰতিগৰাকী অনুৰাগীৰ আছে অপৰিসীম ভালপোৱা, অকুণ্ঠ শ্ৰদ্ধা। বিশ্ব ক্ৰিকেটৰ কিংবদন্তীত পৰণিত হোৱা স্বত্বেও অনুৰাগীৰ আহ্বানৰ প্ৰতি অনায়াসে সঁহাৰি জনায় তেওঁ। অনুৰাগীৰ সৈতে যেন জী থকাৰ আজন্ম হেঁপাহ ধোনীৰ। চলিত আইপিএলৰ মাজতে অনুৰাগীৰ প্ৰতি চেন্নাই ছুপাৰ কিংছৰ অধিনায়কগৰাকীৰ সহানুভূতি পুনৰবাৰ দেখিবলৈ পোৱা গ’ল।

    এগৰাকী অনুৰাগীয়ে চেন্নাইৰ অধিনায়কগৰাকীলৈ এখন ফ্ৰেমযুক্ত চিঠি প্ৰেৰণ কৰিছিল। ধোনীয়ে কেৱল চিঠিখন পঢ়ি থৈ দিয়া নাছিল। চিঠিখনৰ ওপৰত তেওঁৰ অনুভৱো ব্যক্ত কৰিছে। তেওঁ লিখিছে, ‘গ্ৰেট ৰাইটিং, গুড লাক।’ ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে স্বাক্ষৰো কৰিছে। আইপিএল ফ্ৰেঞ্চাইজীটোৱে সামাজিক মাধ্যমৰ জৰিয়তে অনুৰাগীৰ প্ৰতি ধোনীৰ মৰম-ভালপোৱা শ্বেয়াৰ কৰিছে। 

    মন কৰিবলগীয়া যে, আইপিএলৰ আৰম্ভণিৰ পূর্বে চেন্নাইৰ অধিনায়কৰ পৰা ধোনীৰ পদত্যাগ অনুৰাগীয়ে মানি ল’ব পৰা নাছিল৷ ধোনীক অধিনায়কৰ ৰূপত চাবলৈ অনুৰোধ জনাই এই চিঠিখন লিখিছিল অনুৰাগীয়ে। ধাৰাবাহিক ব্যৰ্থতাৰ বাবে ৰবীন্দ্ৰ জাদেজাই যেতিয়া অধিনায়কত্ব ত্যাগ কৰে তেতিয়া অভিজ্ঞ ধোনীক পুনৰ সেই পদ প্ৰদান কৰা হয়। ইয়াৰ  পিছতে চিএছকেই আৱেগিক অনুৰাগীৰ চিঠিখন মুকলিকৈ শ্বেয়াৰ কৰে।

    ৪বাৰৰ আইপিএল চেম্পিয়ন চেন্নাইয়ে এইবাৰ আশা কৰা ধৰণে প্ৰদৰ্শন আগবঢ়াব নোৱাৰিলেও ধোনীৰ জনপ্ৰিয়তা যে আজিও অক্ষুণ্ণ, অনুৰাগীৰ এই চিঠিখনেই প্ৰমাণ।