ডিজিটেল ডেস্কঃ আগন্তুক বাৰ্মিংহাম কমনৱেলথ গেমছৰ বাবে ভাৰতীয় বক্সিং দল নিৰ্বাচনৰ বাবে অনুষ্ঠিত হৈছিল ট্ৰায়েল মেচ। কিন্তু এই ট্ৰায়েলৰ পৰাই ভাৰতীয় সমৰ্থকৰ বাবে আহিল এক দুঃসংবাদ। কিংবদন্তী ভাৰতীয় বক্সাৰ মেৰীকমে ভৰিৰ আঘাতৰ বাবে ট্ৰায়েলৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয়। ৪৮ কেজি শাখাৰ পৰীক্ষামূলক অধিবেশনত অংশগ্ৰহণ কৰিছিল তেওঁ। তাতেই ভৰিত আঘাত পোৱাৰ বাবে মেৰীকমে নিজৰ নাম প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয়।
স্মৰ্তব্য যে, ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল এই ট্ৰায়েল মেচখন। য’ত ৪৮ কেজি ওজনৰ ছেমিফাইনেলৰ প্ৰথম ৰাউণ্ডতে আঘাতপ্ৰাপ্ত হয় মেৰীকম। ফলত তেওঁ নাম প্ৰত্যাহাৰ কৰিবলগীয়া হয়। মেৰীকমে ট্ৰায়েলৰ ছেমিফাইনেলৰ পৰা নাম প্ৰত্যাহাৰ কৰা বাবে হাৰিয়ানাৰ নিতুৱে ফাইনেলত প্ৰৱেশ কৰে।
২০১৮ চনৰ কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ীগৰাকী হঠাতে প্ৰথম ৰাউণ্ডৰ ট্ৰাইলৰ সময়ত পৰি যায়। তথাপি, ৩৯ বছৰীয়া মেৰীকমে অব্যাহত ৰাখিছিল যুঁজ। কিন্তু একেৰাহে কেইবাটাও পাঞ্চ মৰাৰ পিছত আঘাতৰ বাবে তেওঁ আৰু নিজৰ ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰিলে। ফলত তেওঁ নাম প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয়। ৰিঙৰ পৰা ওলাই আহোতেও সহায়কৰ প্ৰয়োজন হয় মেৰীকমৰ। ইফালে, অহা মাহত বাৰ্মিংহামত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ।
Leave A Comment