• মহাভাৰতৰ ‘ভীম’ৰ ৰূপত ৰাইনা! গদা হাতত লৈ কি কৰিছে সুৰেশ ৰাইনাই?

    ক্ৰীড়া
    মহাভাৰতৰ ‘ভীম’ৰ ৰূপত ৰাইনা! গদা হাতত লৈ কি কৰিছে সুৰেশ ৰাইনাই?
    ডিজিটেল ডেস্কঃ সুৰেশ ৰাইনাই আইপিএল ২০২২ত দল লাভ নকৰিলে। খেলপথাৰত নাথাকিলেও ধাৰাভাষ্যকাৰ হিচাপে ৰাইনাই দেখিবলৈ পোৱা গৈছিল আইপিএল ২০২২ত।নিলামত কোনো এটা দলে ৰাইনাক ক্ৰয় কৰিব নিবিচৰা কথাটো লাভ কৰা মাত্ৰকে স্তম্ভিত হৈ পৰিছিল অনুৰাগী। 

    কিন্তু আইপিএলত খেলিবলৈ সুযোগ নাপালেও নিজকে ক্ৰিকেটৰ সৈতে জড়িত কৰি ৰাখিছে ৰাইনাই। ছ’চিয়েল মিডিয়াতো নিজকে সক্ৰিয় কৰি ৰাখিছে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে। 

    শেহতীয়াকৈ, সুৰেশ ৰাইনাই এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত তেওঁ এটা ‘গদা’ হাতত লৈ ৱৰ্কআউট কৰা দেখা গৈছে। ৰাইনাৰ এই ভিডিঅ’টোৱে যেন মহাভাৰতৰ ভীমৰ কথাকে যেন মনত পেলাই দিছে অনুৰাগীক। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰাইনাৰ শেহতীয়া ভিডিঅ’টো। কেপচনত তেওঁ একো লিখা নাই। এইবাৰ মেগা নিলামত সুৰেশ ৰাইনাৰ বেচ প্ৰাইজ আছিল ২ কোটি টকা। 

    কিন্তু কোনেও তেওঁক বেচ প্ৰাইছত ক্ৰয় কৰিব বিচৰা নাছিল। আইপিএলৰ ইতিহাসত পঞ্চম সৰ্বাধিক ৰান গেটাৰ হিচাপে পৰিগণিত হৈছে ৰাইনা। আইপিএলৰ ২০৫ খন খেলত তেওঁ ৫৫২৬ ৰান সংগ্ৰহ কৰিছে। এই কৃতিত্বৰ দাবীদাৰৰ তালিকাৰ শীৰ্ষ ৪ত আছে বিৰাট কোহলী, শিখৰ ধাৱান, ৰোহিত শৰ্মা আৰু ডেভিদ ৱাৰ্নাৰ।