• উৰন্ত উমৰাণৰ বায়ুবেগী বলিঙে শ’লঠেকত পেলাইছে প্ৰতিপক্ষক, ৩ গৰাকীকৈ ভাৰতীয় বলাৰৰ অভিলেখ স্পৰ্শ

    ক্ৰীড়া
    উৰন্ত উমৰাণৰ বায়ুবেগী বলিঙে শ’লঠেকত পেলাইছে প্ৰতিপক্ষক, ৩ গৰাকীকৈ ভাৰতীয় বলাৰৰ অভিলেখ স্পৰ্শ
    ডিজিটেল ডেস্কঃ আইপিএলত নতুন অভিলেখ গঢ়িলে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বেগী বলাৰ উমৰাণ মালিকে। আইপিএলত ২০ বা তাতকৈ অধিক উইকেট দখল কৰা আটাইতকৈ কম বয়সীয়া ভাৰতীয় বলাৰ হিচাপে বিবেচিত হৈছে উমৰাণ মালিক। ইয়াৰ পূৰ্বে এই অভিলেখ মুম্বাই ইণ্ডিয়ানছৰ বলাৰ যশপ্ৰীত বুমৰাৰ হাতত আছিল।

    মাত্ৰ ২২ বছৰ বয়সত জম্মু-কাশ্মীৰৰ বলাৰ গৰাকীয়ে এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ২০১৬ চনৰ আইপিএলত ২৩ বছৰীয়া বুমৰাহে ২০টাতকৈ অধিক উইকেট দখল কৰি চমক দিছিল ক্ৰীড়াবিশ্বক। ২০০৯ চনৰ আইপিএলত এই কৃতিত্বৰ দাবীদাৰ আছিল ভাৰতীয় বলাৰ আৰ পি সিং। তেতিয়া তেওঁৰ বয়স আছিল ২৩ বছৰ। ২০১০ চনৰ আইপিএলত ২৩ বছৰ বয়সত ২০টাতকৈও অধিক উইকেট দখল কৰি অনন্য কৃতিত্বৰ দাবীদাৰ হৈছিল প্ৰজ্ঞান ওঝা।

    ৱানখেড়ে ষ্টেডিয়ামত মুম্বাইৰ বিৰুদ্ধে এই অভিলেখ গঢ়ে উমৰাণ মালিকে। ৰোহিতৰ বিৰুদ্ধে ৩ অ’ভাৰত ২৩ ৰানত ৩টা উইকেট দখল কৰে উমৰাণ মালিকে। ইয়াৰ লগে লগে তেওঁৰ উইকেটৰ সংখ্যা ২১লৈ বৃদ্ধি পায়। প্ৰথম অ’ভাৰ আশানুৰূপ নহ’লেও পৰৱৰ্তী সময়ত পুনৰ প্ৰত্যাৱৰ্তন কৰে উমৰাণ মালিকে। পৰৱৰ্তী দুটা অ’ভাৰত মুম্বাইৰ বেটছমেনে উমৰাণৰ গতিত তিষ্টি থাকিব নোৱাৰিলে। ঈশান কিষাণ, ডেনিয়েল ছেমছ আৰু তিলক বাৰ্মাৰ দৰে আগশাৰীৰ বেটছমেনক পেভেলিয়নমুখী কৰে। ১৩খন মেচত ২১টা উইকেট দখল কৰি বেঙুনীয়া ৰঙৰ টুপীৰ দৌৰত চতুৰ্থ স্থানত আছে উমৰাণ মালিক।