• বিশ্বকাপ ক্ৰিকেটঃ কুকুৰে কামুৰিলে মিচেল ষ্টাৰ্কৰ পত্নীক! বিশ্বকাপৰ মাজতে ঘৰলৈ যাব নেকি অষ্ট্ৰেলিয়ান তাৰকাগৰাকী?

    ক্ৰীড়া
    বিশ্বকাপ ক্ৰিকেটঃ কুকুৰে কামুৰিলে মিচেল ষ্টাৰ্কৰ পত্নীক! বিশ্বকাপৰ মাজতে ঘৰলৈ যাব নেকি অষ্ট্ৰেলিয়ান তাৰকাগৰাকী?
    ডিজিটেল ডেস্কঃ বিশ্বকাপৰ প্ৰথম দুখন মেচত পৰাস্ত হোৱাৰ পিছত অষ্ট্ৰেলিয়াই দুখন মেচত জয়লাভ কৰে। এতিয়া নেদাৰলেণ্ডৰ বিৰুদ্ধে জয়ৰ হেট্ৰিকৰ লক্ষ্য লৈছে। তাৰ পূৰ্বে দলটোৰ পেচাৰ মিচেল ষ্টাৰ্কে এটা বেয়া খবৰ লাভ কৰিলে। তেওঁৰ পত্নী এলিছা হিলীক কুকুৰে কামুৰিলে।

    ইতিমধ্যে অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেটাৰ এলিছাক চিকিৎসালয়ত ভৰ্তি। তেওঁৰ অস্ত্ৰোপচাৰ কৰা হৈছে। মহিলা বিগ বেছ লীগৰ পৰাও নিজৰ নাম প্ৰত্যাহাৰ কৰিছে।

    অষ্ট্ৰেলিয়াৰ দলত হিলীৰ সতীৰ্থ ফিবি লিচফিল্ডে এই খবৰ প্ৰকাশ কৰে। তেওঁ দাবী কৰে যে হিলীৰ আঘাত গুৰুতৰ নহয় আৰু সোনকালে সুস্থ হৈ উঠিব।

    তেওঁ কয়, “হিলীয়ে কুকুৰৰ দুষ্ট আক্ৰমণৰ সন্মুখীন হৈছিল। কিন্তু এতিয়া ভাল হৈছে।" ইয়াৰ পূৰ্বে হিলীয়ে এখন ফটো পোষ্ট কৰিছিল য’ত তেওঁৰ আঙুলিটো ডাঠ বেণ্ডেজত মেৰিয়াই থোৱা দেখা গৈছিল।

    এতিয়ালৈকে এই সম্পৰ্কত ষ্টাৰ্কৰ পৰা কোনো সঁহাৰি পোৱা নাই। বিশ্বকাপৰ মাজতে নিজৰ দেশলৈ ঘূৰি যোৱাটোও কঠিন।