• সাইলাখ তৰমুজৰ দৰে! লিক হ’ল পাকিস্তানৰ নতুন জাৰ্চিৰ ফটো; ট্ৰলিং আৰম্ভ

    ক্ৰীড়া
    সাইলাখ তৰমুজৰ দৰে! লিক হ’ল পাকিস্তানৰ নতুন জাৰ্চিৰ ফটো; ট্ৰলিং আৰম্ভ
    ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপ আৰম্ভ হ’বলৈ মাত্ৰ এমাহ বাকী। ইতিমধ্যে বহু দলে ঘোষণা কৰিছে নিজৰ দল। আনহাতে একাংশ দলে বিশ্বকাপৰ বাবে নতুন জাৰ্চি মুকলি কৰিছে, য’ত টীম ইণ্ডিয়াও আছে। ইফালে, পাকিস্তানৰ নতুন জাৰ্চিও প্ৰস্তুত কৰা হৈছে, যাৰ ছবি ছ’চিয়েল মিডিয়াত লিক হৈছে।

    ছ’চিয়েল মিডিয়াত নতুন জাৰ্চি পিন্ধা পাকিস্তানৰ অধিনায়ক বাবৰ আজমৰ লগতে আন একাংশ খেলুৱৈৰ ছবি ভাইৰেল হৈছে। পাক দলৰ নতুন জাৰ্চি দেখি ট্ৰল কৰিবলৈ আৰম্ভ কৰিছে নেটিজেনসকলে। যদিও পাকিস্তানে এতিয়াও আনুষ্ঠানিকভাৱে নতুন জাৰ্চি মুকলি কৰা নাই, তথাপিও ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে পাকিস্তান দলৰ নতুন জাৰ্চিৰ ছবি।

    ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ছবিসমূহৰ প্ৰতি অনুৰাগীসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে পাকিস্তানৰ নতুন জাৰ্চি দেখাত তৰমুজৰ দৰে। নতুন পোছাক পিন্ধা বাবৰ আজমৰ ছবিখনো ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে।

    উল্লেখ্য যে ভাৰতে দেওবাৰে নিজৰ নতুন জাৰ্চি মুকলি কৰিছে। অধিনায়ক ৰোহিত শৰ্মা, হার্দিক পাণ্ডিয়া, মহিলা দলৰ অধিনায়ক হৰমনপ্রীত কৌৰকে ধৰি আন তাৰকা খেলুৱৈৰ উপস্থিতিত টিম ইণ্ডিয়াৰ নতুন জার্চি মুকলি কৰা হৈছে। ভাৰতীয় দলৰ নতুন জাৰ্চিৰ ৰং আকাশ নীলা ৰঙৰ৷ ভাৰত আৰু পাকিস্তানে অহা ২৩ অক্টোবৰৰ পৰা ইজনে সিজনৰ বিৰুদ্ধে টি-২০ বিশ্বকাপত নিজৰ মিছন আৰম্ভ কৰিব।