ডিজিটেল ডেস্কঃ ১৯ বছৰ অনুৰ্ধৰ ৱমেনছ এছিয়া কাপ ২০২৪ত ভাৰতে শক্তিশালী প্ৰদৰ্শন আগবঢ়াই। ছুপাৰ ফোৰ মেচত শ্ৰীলংকাক পৰাস্ত কৰে ভাৰতে। এই জয়েৰে ভাৰতীয় দলে ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰথমে বেটিং কৰি শ্ৰীলংকাই ভাৰতক ৯৯ ৰানৰ লক্ষ্য দিছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে ৬টা উইকেট হেৰুৱাই মেচখনত জয়লাভ কৰে।
ভাৰতীয় দলৰ হৈ আয়ুষী শুক্লাই বলিঙত সুন্দৰ প্ৰদৰ্শন আগবঢ়াই। তেওঁ ৪টা উইকেট দখল কৰে। খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপেও নিৰ্বাচিত হয় আয়ুষী শুক্লা। প্ৰথমে বেটিং কৰি শ্ৰীলংকাই ৯টা উইকেট হেৰুৱাই ২০ অভাৰত ৯৮ ৰান সংগ্ৰহ কৰে। এই সময়ছোৱাত নানায়কাৰাই ৩৩ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলিছিল। ছুমুডুৱে ৩১টা বলৰ মুখামুখি হৈ ২১ ৰান সংগ্ৰহ কৰে। অ’পেনাৰ সঞ্জনাই ৯ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি যায়। আনহাতে হিৰুণীয়ে ২ ৰান সংগ্ৰহ কৰে। এই সময়ত আয়ুষী শুক্লাই ভাৰতৰ হৈ মাৰাত্মক বলিং কৰে। তেওঁ ৪টা উইকেট দখল কৰে। এই খেলখন শ্ৰীলংকাৰ বাবে অতি কঠিন আছিল।
ভাৰতৰ হৈ আয়ুষী শুক্লাই ৪ অভাৰত মাত্ৰ ১০ ৰান দি ৪টা উইকেট দখল কৰে। খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপেও তেওঁক নিৰ্বাচিত কৰা হয়। পাৰুণিকাইও ২টা উইকেট দখল কৰে।তেওঁ ৪ অভাৰত ২৭ ৰান দিয়ে। শবনাম আৰু ধৃতিয়ে ১-১ উইকেট লাভ কৰে।
এই জয়েৰে ভাৰতে ১৯ বছৰ অনুৰ্ধৰ ৱমেনছ টি-২০ এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ কৰিছে। শ্ৰীলংকাক ৪ উইকেটত পৰাস্ত কৰিছে ভাৰতে। ভাৰতৰ হৈ কমলিনীয়ে ২৬টা বলৰ বিনিময়ত ২৮ ৰান সংগ্ৰহ কৰে। তৃষাই ২৪ বলৰ বিনিময়ত ৩২ ৰানৰ ইনিংছ খেলে। মিথিলাই ১২টা বলত ১৭টা অপৰাজিত ৰান সংগ্ৰহ কৰে। ৩ ৰান সংগ্ৰহ কৰি আউট হয় অধিনায়ক নিকি।
Leave A Comment