স্বাস্থ্য
ডিজিটেল ডেস্কঃ ৰাছিয়াৰ
আক্ৰমণত অশান্তিৰ সৃষ্টি হৈছে ইউক্ৰেইনত। চৌপাশৰ এনে অসহনীয়
পৰিস্থিতিৰ মাজতো ফুটবল বিশ্বকাপত খেলাৰ সপোন পুহি ৰাখিছিল দেশখনে। কিন্তু সেই সপোনেই পূৰ্ণতা নাপালে। আত্মঘাতী গ’ল দিয়াৰ পিছতে কাটাৰ বিশ্বকাপৰ টিকট লাভ কৰে ৱেলছে। প্লে’ অফৰ ফাইনেলত ১-০ গ’লত পৰাস্ত হয় ইউক্ৰেইন।
দেওবাৰে ৱেলছৰ অধিনায়ক গেৰেথ
বেলৰ ফ্ৰী কিক হেডাৰটো ক্লিয়াৰ কৰি আন এগৰাকী অধিনায়ক আন্দ্ৰেয়া ইয়াৰমোলেংকোৱে
নিজৰ নেটত বলটো পঠিয়াই দিয়ে। আনহাতে, ৬৪ বছৰৰ পাছত প্ৰথম বিশ্বকাপ
খেলিবলৈ গৈ আছে ৱেলছে। অহা নৱেম্বৰ মাহত দলটোৱে আমেৰিকাৰ বিৰুদ্ধে উদ্বোধনী খেলখনত খেলিব।
এই মেচখনত ইউক্ৰেইনৰ বহু আৱেগ
জড়িত হৈ আছিল। ৰাছিয়াৰ আক্ৰমণৰ পাছত কাটাৰ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জনৰ অভিযানৰো
যেন এক বেদনাদায়ক পৰিসমাপ্তি ঘটিল।
অৱশ্যে, মেচ চলাকালীন চতুৰ্থ মিনিটত ইউক্ৰেইনে
প্ৰথমটো সুযোগ লাভ কৰে। ৱেলছৰ গ’লৰক্ষক ৱেইন হেনেছিয়ে মিডফিল্ডাৰ ৰুছলান মালিন’ভস্কিৰ বাওঁ ভৰিৰ শ্বটটো ব্লক কৰে। ১১ মিনিটত ইলিয়া জাবাৰ্ণীৰ প্ৰচেষ্টাতো
বাধা প্ৰদান কৰে।
২৯ মিনিটত ইউক্ৰেইনে আৰু এক সুযোগ লাভ কৰে। এইবাৰ মানচেষ্টাৰ চিটিৰ মিডফিল্ডাৰ
আলেকজেণ্ডাৰ গিনচেংকোৱে বক্সৰ বাহিৰৰ পৰা লোৱা শ্বট এটা হেনেছিয়ে ব্লক কৰে। খেলৰ ৩৪ মিনিটত অধিনায়ক বেলৰ দক্ষতাৰে অগ্ৰগতি লাভ কৰে ৱেলছে। ইউক্ৰেইনৰ শিবিৰত
দুখৰ পৰিৱেশে বিৰাজ কৰাৰ বিপৰীতে বিশ্বকাপৰ বাবে দুৱাৰ খোল খোৱাত আনন্দত আত্মহাৰা হৈ পৰিছে ৱেলছ। অহা নৱেম্বৰৰ
পৰা কাটাৰত অনুষ্ঠিত হ’বলগীয়া
বিশ্বকাপৰ গ্ৰুপ বিত খেলিব ৱেলছে। ইংলেণ্ড, আমেৰিকা আৰু ইৰাণ প্ৰধান তিনিটা
বিৰোধীদল হিচাপে থাকিব গ্ৰুপ বিত।
Leave A Comment