• ৰাহুৰ দশা চলিছে নেকি ৰান মেছিনৰ? টফেলৰ পৰামৰ্শ, ‘আম্পায়াৰিং কৰক বিৰাট কোহলীয়ে’

    ক্ৰীড়া
    ৰাহুৰ দশা চলিছে নেকি ৰান মেছিনৰ?  টফেলৰ পৰামৰ্শ, ‘আম্পায়াৰিং কৰক বিৰাট কোহলীয়ে’
    ডিজিটেল ডেস্কঃ বগা টুপী, বগা চাৰ্ট আৰু ক’লা পেণ্ট পিন্ধি উইকেটৰ পিছফালে থিয় হৈ আছে বিৰাট কোহলী। বল আহি বেটছমেনৰ পেডত লগাৰ লগে লগে তৰ্জনী আঙুলি ওপৰলৈ তুলি বিৰাটৰ ঘোষণা আউট। আম্পায়াৰ বিৰাট কোহলী। ধৰি লোৱা হওক বিৰাট কোহলী আম্পায়াৰ! কথাটো কেনেকুৱা হ’ব বাৰু? প্ৰাক্তন আম্পায়াৰ ছাইমন টফেলে বিৰাটক এই ৰূপত চাব বিচাৰে। প্ৰাক্তন আম্পায়াৰগৰাকীৰ দৃষ্টিত বিৰাট কোহলী এজন অতি ভাল আম্পায়াৰ হ’ব পাৰে বুলি শেহতীয়াকৈ সদৰী কৰিছে।

    খেলপথাৰত আম্পায়াৰৰ এটা ভুলে খেলৰ ফলাফল সলনি কৰি দিব পাৰে। গোটেই দিনটো উইকেটৰ পিছফালে থিয় হৈ সঠিক সিদ্ধান্ত লোৱাৰ কোনো কৃতিত্ব নাথাকিলেও এটা ভুলৰ বাবে ক্ৰিকেটাৰসকলৰ পৰা সংবাদ মাধ্যমলৈ নানা প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হয় আম্পায়াৰসকলে। ছাইমন টফেলে জানে তেওঁৰ এই কাম কিমান কঠিন। অভিজ্ঞ আম্পায়াৰগৰাকীয়ে ভৱিষ্যতে দুজন বৰ্তমানৰ ভাৰতীয় ক্ৰিকেটাৰে আম্পায়াৰিং কৰাটো বিচাৰিছে।

    এক সংবাদমেলত টফেলে কয়, ‘ মই বিচাৰো যে বিৰাট কোহলী বা ৰবিচন্দ্ৰন অশ্বিনে আম্পায়াৰিং কৰক। তেওঁলোকে দুয়োজনে ক্ৰিকেটৰ নীতি-নিয়ম, খেলৰ পৰিস্থিতি সকলো ভালদৰে বুজে। আত্মবিশ্বাসৰ সৈতে মোকাবিলা কৰাৰ ক্ষমতা আছে দুয়োৰে।’ 

    স্মৰ্তব্য যএ, ২০১২ চনত আম্পায়াৰৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল টফেলে। কেৱল বিৰাট বা অশ্বিনে নহয়, বীৰেন্দ্ৰ ছেহৱাগেও ভাল আম্পায়াৰ হ’ব পাৰে। টফেলে এবাৰ প্ৰাক্তন ভাৰতীয় বেটছমেনগৰাকীক তেনেকৈয়ে কৈছিল। দিছিল আম্পায়াৰ হোৱাৰ পৰামৰ্শ।