• ছোৱেইবৰ দ্ৰুত ডেলিভাৰীৰ অভিলেখ চূৰ্ণ কৰিব উমৰাণ মালিকেঃ পাৰভেজ ৰছুল

    ক্ৰীড়া
    ছোৱেইবৰ দ্ৰুত ডেলিভাৰীৰ অভিলেখ চূৰ্ণ কৰিব উমৰাণ মালিকেঃ পাৰভেজ ৰছুল
    ডিজিটেল ডেস্কঃ উমৰাণ মালিকে ভংগ কৰিব ছোৱেইব আখতাৰৰ সৰ্বাধিক দ্ৰুত ডেলিভাৰীৰ অভিলেখ। এই ভৱিষ্যদ্বাণী কৰিছে ভাৰতৰ হৈ খেলা জম্মু-কাশ্মীৰৰ পাৰভেজ ৰছুলে। চলিত আইপিএলৰ প্ৰতিখন মেচতে দৰ্শনীয় ছন্দত দেখিবলৈ পোৱা গৈছে উমৰাণ মালিকক। দিল্লী কেপিটেলছৰ বিৰুদ্ধে ঘণ্টাত ১৫৬ কিলোমিটাৰ বেগত বল কৰিছে উমৰাণ মালিকে। উমৰাণৰ প্ৰদৰ্শনে মুগ্ধ কৰি তুলিছে ক্ৰীড়াপ্ৰেমীক। উমৰাণ মালিকৰ শেহতীয়া প্ৰদৰ্শনলৈ চাই সেইবাবে পাৰভেছ ৰছুলে মন্তব্য কৰিছে যে, এদিন ছোৱেইব আখটাৰৰ দ্ৰুততম ডেলিভাৰীৰ অভিলেখ স্পৰ্শ কৰিব।

    ২০০৩ চনৰ বিশ্বকাপত ছোৱেইব আখতাৰে সৰ্বাধিক দ্ৰুত ডেলিভাৰী দিছিল। ইংলেণ্ডৰ বিৰুদ্ধে খেলখনত ৰাৱালপিণ্ডী এক্সপ্ৰেছে প্ৰতি ঘণ্টাত ১৬১.৩ কিলোমিটাৰ বেগত বলিং কৰিছিল। বিপক্ষৰ বেটছমেনৰ আতংকৰ কাৰণ হৈ পৰিছিল ছোৱেইব আখতাৰ। ছোৱেইবৰ দ্ৰুত ডেলিভাৰীৰ মোকাবিলা কৰাটো বেটছমেনসকলৰ বাবে হৈ পৰিছিল প্ৰত্যাহ্বান। ইডেন টেষ্টত শচীন টেণ্ডুলকাৰ আৰু ৰাহুল দ্ৰাবিড়ৰ ষ্টাম্প ড্ৰ’প কৰি পাকিস্তানী বেগী বলাৰজনে দৃষ্টি আকৰ্ষণ কৰিছিল সকলোৰে। উমৰানে ছোৱেইবৰ দৰেই বেগী বলিং কৰি আহিছে শেহতীয়াকৈ। জাতীয় দলৰ হৈ নেখেলিলেও কিন্তু উমৰাণে ইতিমধ্যে আইপিএলত ২১টা উইকেট দখল কৰিছে।

    ছানৰাইজাৰ্ছ হায়দৰাবাদৰ এইগৰাকী দ্ৰুতবেগী বলাৰৰ প্ৰদৰ্শনৰ পিছত ক্ৰিকেট বিশেষজ্ঞসকলে উপত্যকাৰ এই স্পীড ষ্টাৰজনে অতিশীঘ্ৰে ৰাষ্ট্ৰীয় দলত স্থান লাভ কৰিব লাগে বুলিও যুক্তি দৰ্শাইছে। ৰছুলে কয়, ‘উমৰাণ মালিকে আইপিএলত যিদৰে বলিং কৰি আছে, শীঘ্ৰেই ছোৱেইব আখতাৰৰ সৰ্বাধিক দ্ৰুত ডেলিভাৰীৰ অভিলেখ ভংগ কৰিব। উমৰাণ এক দুৰ্দান্ত প্ৰতিভা। উমৰাণে আইপিএলত খুব ভাল খেলিছে। আৰু সেয়া ভাৰতীয় ক্ৰিকেটৰ বাবে ভাল কথা। যুৱ প্ৰতিভাৰ উত্থান ঘটিছে আৰু তেওঁলোকে ভাল প্ৰদৰ্শন কৰিছে।’

    অভিলেখৰ কথা চৰ্চিত হোৱা ছোৱেইব আখতাৰেও উমৰাণৰ প্ৰশংসা কৰিছে। এইবাৰ আইপিএলে উমৰাণ মালিকক চিনাকি কৰাই দিলে।