• খং উঠিছে ‘গতিৰ সদাগৰ’ উমৰাণৰ; ক’লে, ‘ৱাকাৰ ইউনিছক মই কেতিয়াও অনুসৰণ কৰা নাই’

    ক্ৰীড়া
    খং উঠিছে ‘গতিৰ সদাগৰ’ উমৰাণৰ; ক’লে, ‘ৱাকাৰ ইউনিছক মই কেতিয়াও অনুসৰণ কৰা নাই’

    ডিজিটেল ডেস্কঃ সদ্যসমাপ্ত
    আইপিএলৰ শ্ৰেষ্ঠ উদীয়মান তাৰকা হিচাপে নিৰ্বাচিত হৈছে উমৰাণ মালিক। ছানৰাইজাৰ্ছ
    হায়দৰাবাদৰ তাৰকাগৰাকীয়ে ঘণ্টাত ১৫০ কিলোমিটাৰতকৈ অধিক বেগত ধাৰাবাহিকভাৱে বলিং
    কৰি নিজৰ পৰিচয় গঢ়িবলৈ সক্ষম হৈছে। লীগ মেচৰ ১৪খন মেচত সৰ্বাধিক ২২টা উইকেট দখল
    কৰে উমৰাণ মালিকে। সমৰ্থকৰ পৰা বিশেষজ্ঞলৈকে উমৰাণৰ প্ৰদৰ্শনে প্ৰভাৱিত কৰি তুলিছে
    অনুৰাগীক।



     



    আইপিএলৰ পিছত দক্ষিণ আফ্ৰিকাৰ
    বিৰুদ্ধে আগন্তুক টি-২০ শৃংখলাত ভাৰতীয় দলত স্থান লাভ কৰিছে উমৰাণে। যুৱ বেগী
    বলাৰগৰাকীৰ প্ৰদৰ্শনত মুগ্ধ হৈ ব্ৰেট লীয়ে ৱাকাৰ ইউনিছক বিচাৰি পোৱা বুলি কৈছে।
    এক সাক্ষাত্‍কাৰত ব্ৰেট লীয়ে কয়
    , ‘মই তেওঁৰ
    অনুৰাগী। মোৰ মতে উমৰাণৰ গতি আছে। তেওঁ এজন অসাধাৰণ প্ৰতিযোগী আৰু অতীতৰ বেগী
    বলাৰসকলৰ দৰে ক্ৰীজৰ ফালে দৌৰি আহে। তেওঁক দেখা মাত্ৰকে ৱাকাৰ ইউনিছৰ কথা মনত পৰে।



     



    উমৰাণৰ স্পষ্টমত,  ‘পাক কিংবদন্তিক
    মই কেতিায়াও অনুসৰণ কৰা নাই। মোৰ আদৰ্শ বেলেগ।
    ইণ্ডিয়ান এক্সপ্ৰেছ আইডিয়া এক্সচেঞ্জৰ আগত উমৰাণে কয় যে, ‘মই কেতিয়াও ৱাকাৰ ইউনিছক তেনেকৈ অনুসৰণ কৰা নাই। মোৰ বলিং
    একচন অতি স্বাভাৱিক। বুমৰাহ
    , মহম্মদ ছামী
    আৰু ভুৱনেশ্বৰ ভাইক মই আদৰ্শ বুলি গণ্য কৰোঁ। মই কেৰিয়াৰৰ আৰম্ভণিতে তেওঁলোকক
    অনুসৰণ কৰিছিলোঁ।