• বৈষ্ণৱী শৰ্মাই ৰচিলে ইতিহাস ; ১৯ বছৰ অনুৰ্ধ মহিলা বিশ্বকাপত হেট্ৰিক লোৱা প্ৰথমগৰাকী ভাৰতীয় বলাৰ

    ক্ৰীড়া
    বৈষ্ণৱী শৰ্মাই ৰচিলে ইতিহাস ; ১৯ বছৰ অনুৰ্ধ মহিলা বিশ্বকাপত হেট্ৰিক লোৱা প্ৰথমগৰাকী ভাৰতীয় বলাৰ
    ডিজিটেল ডেস্কঃ চলি থকা ১৯ বছৰ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপ ২০২৫ত হেট্ৰিক দি ইতিহাস ৰচিলে বৈষ্ণৱী শৰ্মাই ৷ তেওঁ ১৯ বছৰ অনুৰ্ধ মহিলা বিশ্বকাপ প্ৰতিযোগিতাত ভাৰতৰ হৈ হেট্ৰিক লোৱা প্ৰথমগৰাকী বলাৰ হিচাপে পৰিগণিত হয়। মালয়েছিয়াৰ বিৰুদ্ধে খেলা প্ৰতিযোগিতাখনৰ ১৬ সংখ্যক মেচত বৈষ্ণৱীয়ে এই কৃতিত্ব অৰ্জন কৰে।

    ভাৰতে টছত জয়লাভ কৰি মেচখনত বলিং কৰাৰ সিদ্ধান্ত লয়। মালয়েছিয়াই প্ৰথমে বেটিং কৰিবলৈ সোমাইছিল আৰু মাত্ৰ ৩১ ৰানত অল আউট হয়। এই সময়ছোৱাত বৈষ্ণৱী শৰ্মাই টিম ইণ্ডিয়াৰ হৈ সৰ্বাধিক ৫টা উইকেট দখল কৰে, য’ত এটা হেট্ৰিকো আছিল। বৈষ্ণৱীয়ে প্ৰথম ইনিংছৰ ১৪ অভাৰত হেট্ৰিক লৈ এই কৃতিত্ব অৰ্জন কৰিলে।

    বৈষ্ণৱীৰ হেট্ৰিক অভাৰৰ প্ৰথমটো বল ডত আছিল। তাৰ পাছত পৰৱৰ্তী তিনিটা বলত নূৰ এন বিন্তি ৰ’ছলানক ০৩, নূৰ ইছমা ডানিয়া (০০) আৰু সতী নাজৱাহ (০০)ক আউট কৰে। নূৰ আইন বিন্তি ৰ’ছলান আৰু নূৰ ইছমা ডানিয়াক এল বি ডব্লিউৰ জৰিয়তে বৈষ্ণৱী শৰ্মাই আউট কৰে। ইয়াৰ উপৰিও বৈষ্ণৱীয়ে সতী নজৱাহক আউট কৰে। উজ্জ্বল প্ৰদৰ্শনৰ বাবে বৈষ্ণৱীক প্লেয়াৰ অৱ দ্য মেচৰ খিতাপ দিয়া হয়।

    প্ৰথমে বেটিং কৰিবলৈ অহা মালয়েছিয়াই ১৪.৩ অভাৰত মাত্ৰ ৩১ ৰান সংগ্ৰহ কৰি অল আউট হৈছিল। এই সময়ছোৱাত দলটোৰ কোনো বেটছমেনে দুটা সংখ্যাৰ সীমা অতিক্ৰম কৰিব নোৱাৰিলে। দলটোৰ হৈ নুনি ফাৰিনি ছাফ্ৰি আৰু অধিনায়ক নুৰ ডানিয়া ছায়াহাদাই ৫-৫ ৰানৰ সৰ্ববৃহৎ ইনিংছ খেলিছিল। এই সময়ছোৱাত ভাৰতৰ হৈ বৈষ্ণৱী শৰ্মাই সৰ্বাধিক ৫টা উইকেট দখল কৰে। ইয়াৰ উপৰিও আয়ুষী শুক্লাই ৩টা আৰু যোশিতা ভিজে ১টা উইকেট দখল কৰে।