• বিনোদ কাম্বলীক সহায় কৰিবলৈ আগবাঢ়ি আহিল ১৯৮৩ চনৰ বিশ্বকাপৰ তাৰকা

    ক্ৰীড়া
    বিনোদ কাম্বলীক সহায় কৰিবলৈ আগবাঢ়ি আহিল ১৯৮৩ চনৰ বিশ্বকাপৰ তাৰকা
    ডিজিটেল ডেস্কঃ ভাৰতীয় দলৰ প্ৰাক্তন বেটছমেন তথা কিংবদন্তি শচীন তেণ্ডুলকাৰৰ শৈশৱৰ বন্ধু বিনোদ কাম্বলী বৰ্তমান বাতৰিৰ শিৰোনামত। শেহতীয়াকৈ মহান প্ৰশিক্ষক ৰমাকান্ত আচ্ৰেকাৰৰ স্মৃতিচাৰণ কাৰ্যসূচীত কাম্বলীক দেখা গৈছিল, য’ত তেওঁ কিংবদন্তি তেণ্ডুলকাৰক লগ পাইছিল। সেই সময়ছোৱাত কাম্বলীৰ অসুস্থতা স্পষ্টকৈ দেখা গৈছিল। শচীনক লগ পাওঁতে তেওঁ ভালদৰে থিয় হ’বও পৰা নাছিল। এতিয়া কাম্বলীৰ অৱস্থা দেখি ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী তাৰকাসকলে তেওঁক সহায় কৰাৰ কথা ক’লে।

    ইভেণ্টৰ কিছুদিন পিছতে কাম্বলীৰ শৈশৱৰ বন্ধু তথা প্ৰথম শ্ৰেণীৰ আম্পায়াৰ মাৰ্কাছ কৌটোৱে সংবাদ মাধ্যমত জনায় যে, "তেওঁৰ স্বাস্থ্যৰ বহু গুৰুতৰ সমস্যা আছে। তেওঁৰ বাবে ৰিহাবলৈ যোৱাৰ কোনো যুক্তি নাই। আমি বিগত ১৪ বাৰ তেওঁক ৰিহাবৰ বাবে ভাছাইলৈ লৈ গৈছো।"

    উল্লেখ্য যে কাম্বলীৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী ভাৰতীয় অধিনায়ক কপিল দেৱ আৰু বলাৰ বলৱিন্দৰ সিঙে সহায়ৰ হাত আগবঢ়োৱাৰ কথা সদৰী কৰিছে । কম্বলীক সহায় কৰাৰ আগতে তেওঁক কোৱা হৈছিল যে তেওঁ প্ৰথমে নিজকে সহায় কৰিব লাগিব।

    এক প্ৰতিবেদনত বলৱিন্দৰ সিঙৰ উদ্ধৃতিৰে কোৱা হৈছে যে, "কপিলে মোক স্পষ্টকৈ কৈছে যে যদি তেওঁ ৰিহাবলৈ যাব বিচাৰে তেন্তে আমি তেওঁক আৰ্থিকভাৱে সহায় কৰিবলৈ সাজু। অৱশ্যে তেওঁ প্ৰথমে নিজেই ৰিহাব পৰীক্ষা কৰিব লাগিব। যদি তেওঁ তেনে কৰে তেন্তে চিকিৎসা যিমানেই দিন নাথাকক কিয় আমি বিল পৰিশোধ কৰিবলৈ সাজু হৈ আছো।"

    আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত বিনোদ কাম্বলিয়ে ১৭খন টেষ্ট আৰু ১০৪খন এদিনীয়া খেল খেলিছিল। টেষ্টত তেওঁ ৫৪.২০ গড়ে ১০৮৪ ৰান আৰু এদিনীয়াত ৩২.৫৯ গড়ে ২৪৭৭ ৰান সংগ্ৰহ কৰে। টেষ্টত তেওঁ ৪টা শতক আৰু ৩টা অৰ্ধশতক অৰ্জন কৰে। ইয়াৰ বাহিৰেও তেওঁ এদিনীয়াত ২টা শতক আৰু অৰ্ধশতক অৰ্জন কৰে।