• জন্মদিনত শতক অৰ্জন কৰাৰ গৌৰৱ! মাত্ৰ কেইজনমান বেটাৰৰহে আছে এই কৃতিত্ব, তালিকাত এতিয়া যোগ হ’ল বিৰাটৰ নাম

    ক্ৰীড়া
    জন্মদিনত শতক অৰ্জন কৰাৰ গৌৰৱ! মাত্ৰ কেইজনমান বেটাৰৰহে আছে এই কৃতিত্ব, তালিকাত এতিয়া যোগ হ’ল বিৰাটৰ নাম
    ডিজিটেল ডেস্কঃ দেওবাৰে বিয়লি বিৰাট কোহলিয়ে ইডেন গাৰ্ডেনছত শতক অৰ্জন কৰি জন্মদিন পালন কৰে। এই মুহূৰ্তৰ বাবেই সমগ্ৰ ভাৰত, সমগ্ৰ চহৰখনে আগ্ৰহেৰে অপেক্ষা কৰি আছিল। অতি কম সংখ্যক বেটছমেনৰহে জন্মদিনত শতকৰ নজিৰ আছে। সেই তালিকাত শেহতীয়া সংযোজন হৈছে কোহলী।

    এই পৰ্যন্ত কোহলীকে ধৰি এদিনীয়া ক্ৰিকেটত জন্মদিনত শতক অৰ্জন কৰিছে ৭ জন বেটছমেনে। তাৰে এটা এই বিশ্বকাপত ঘটিছিল। সকলো ফৰ্মেটতে জন্মদিনৰ শতক অৰ্জন কৰা বেটছমেনৰ সংখ্যা ১১ জন।

    এইক্ষেত্ৰত প্ৰথমজন ভাৰতীয় ক্ৰিকেটাৰ হৈছে বিনোদ কাম্বলী। প্ৰাক্তন বাওঁহাতৰ বেটছমেনগৰাকীয়ে ১৯৯৩ চনৰ ১৮ জানুৱাৰীত জয়পুৰত ইংলেণ্ডৰ বিৰুদ্ধে ১০০ ৰানৰ ইনিংছ খেলিছিল। সেইদিনা তেওঁৰ বয়স হৈছিল ২১ বছৰ। দ্বিতীয় বেটছমেন হিচাপে শচীন টেণ্ডুলকাৰে এই নজিৰ গঢ়ি তুলিছিল। ২৫ বছৰ সম্পূৰ্ণ কৰাৰ পিছত ১৯৯৮ চনৰ ২৪ এপ্ৰিলত শ্বাৰজাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৩৪ ৰান সংগ্ৰহ কৰে।

    শ্ৰীলংকাৰ সনাথ জয়সূৰিয়াই তৃতীয় বেটছমেন হিচাপে এই নজিৰ গঢ়ি তুলিছিল। ৩৯ সংখ্যক জন্মদিনত ২০০৮ চনৰ ৩০ জুনত কৰাচীত বাংলাদেশৰ বিৰুদ্ধে ১৩০ ৰানৰ ইনিংছ খেলিছিল। নিউজিলেণ্ডৰ ৰছ টেইলৰে জন্মদিনত এদিনীয়া খেলত শতক অৰ্জন কৰা এছিয়াৰ বাহিৰত প্ৰথমজন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় আৰু বিশ্বৰ চতুৰ্থজন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়।

    ২০১১ চনৰ ৮ মাৰ্চত কেণ্ডীত পাকিস্তানৰ বিৰুদ্ধে ১৩১ ৰান সংগ্ৰহ কৰিছিল। সেই সময়ত তেওঁ ২৭ বছৰ সম্পূৰ্ণ কৰিছিল। সেই মেচখনো আছিল বিশ্বকাপৰ। ইয়াৰ পিছত ২০২২ চনত নেদাৰলেণ্ডৰ বিৰুদ্ধে নিউজিলেণ্ডৰ টম লেথামে ৩০ বছৰীয়া জন্মদিনত শতক অৰ্জন কৰে।

    এইবাৰো বিশ্বকাপত দুটা নজিৰ আহিছে। মিচেল মাৰ্ছ বিশ্বৰ পঞ্চমজন ক্ৰিকেটাৰ আৰু জন্মদিনত শতক অৰ্জন কৰা অষ্ট্ৰেলিয়াৰ প্ৰথমজন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। ২০ অক্টোবৰত ১০৮ বলত ১২১ ৰানৰ ইনিংছ খেলিছিল। ১০টা চাৰি আৰু ৯টা ছয় মাৰিলে। এদিনীয়া ক্ৰিকেটত তেওঁ দ্বিতীয় শতক অৰ্জন কৰে। এই তালিকাত সপ্তম ক্ৰিকেটাৰ হিচাপে স্থান লাভ কৰিছে কোহলি। ভাৰতীয় প্রাক্তন অধিনায়কগৰাকীয়ে দেওবাৰে ১২১টা বলত ১০১ ৰান কৰি অপৰাজিত হৈ থাকে।