ডিজিটেল ডেস্কঃ আউট হোৱাৰ পাছত ড্ৰেছিং ৰুমলৈ উভতি যোৱাৰ সময়ত বহুতে নিজৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰা দেখা যায়। কোনোবাই আকৌ বাউণ্ডেৰীত পেড-গ্লভ-বেটটো দলিয়াই দিয়ে, হতাশ হৈ ডাগআউটত বহে। কিন্তু বিৰোধী দলৰ ড্ৰেছিং ৰুমত প্ৰৱেশ! ডেভিদ ৱাৰ্নাৰে সেইটোৱেই কৰিলে।
টি-২০ বিশ্বকাপৰ প্ৰথমখন খেলত ওমানৰ বিৰুদ্ধে অৰ্ধশতক অৰ্জন কৰে ৱাৰ্নাৰে। ৫১টা বলত ৫৬ ৰানৰ ইনিংছ খেলিছিল। টি-২০ মানৰ ইনিংছ নাছিল যদিও সেই পৰিস্থিতিত ইয়াৰ প্ৰয়োজন আছিল। কাৰণ ইটোৰ পিছত সিটো উইকেট হেৰুৱাই অষ্ট্ৰেলিয়া হেঁচাত পৰিছিল। ষ্ট’ইনিছে দলটোৰ স্থিতি দৃঢড় কৰে। ৩৬টা বলত ৬৭ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। দলটোৰ অল ৰাউণ্ডাৰে আধা ডজন ছয় মাৰিলে।
১৯ অভাৰৰ পঞ্চম বলত ৱাৰ্নাৰ আউট হৈছিল। ৬ ফোৰ আৰু ১ ছয় ইনিংছ কৰি উভতি অহাৰ সময়ত দেখা গ’ল যে তেওঁ ভুলতে ওমানৰ ড্ৰেছিং ৰুমৰ চিৰি বগাবলৈ আৰম্ভ কৰিছিল। কেইখোজমান বগাই যোৱাৰ পাছত পিছফালৰ পৰা কোনোবাই মাতি তাৰ ভুলটো আঙুলিয়াই দিলে। তাৰ পিছত ৱাৰ্নাৰক নিজৰ ড্ৰেছিং ৰুমৰ চিৰিৰে নামি অহা দেখা যায়। এই সমগ্ৰ ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিল।
Leave A Comment