• পিকেৰ সৈতে বিচ্ছেদ ছাকিৰাৰ, কিয় ১২ বছৰীয়া সম্পৰ্কত ইতিৰেখা টানিলে ছাকিৰাই?

    ক্ৰীড়া
    পিকেৰ সৈতে বিচ্ছেদ ছাকিৰাৰ, কিয় ১২ বছৰীয়া সম্পৰ্কত ইতিৰেখা টানিলে ছাকিৰাই?

    ডিজিটেল ডেস্কঃ বাৰ্চিলোনাৰ
    তাৰকা জেৰাৰ্ড পিকে
    ৰ সৈতে বিচ্ছেদ কলম্বিয়াৰ বিশ্ববিখ্যাত
    সংগীতজ্ঞ ছাকিৰাৰ। জনসংযোগ সংস্থাৰ জৰিয়তে এই
    বিষয়ে সদৰী
    কৰিছে
    তাৰকা দম্পতীয়ে



    এক বিবৃতিযোগে তেওঁলোকে কয় যে, ‘অতি দুখেৰে জনাব বিচাৰিছো যে,
    আমি এতিয়াৰে পৰা পৃথক হৈ পৰিলো। আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো 'ল আমাৰ সন্তানৰ গোপনীয়তাক সন্মান কৰা।



    স্মৰ্তব্য যে, ২০১১ চনৰ পৰা ৪৫
    বছৰীয়া ছাকিৰাৰ সৈতে
    একেলগে আছে ৩৫ বছৰীয়া পি কে। এই যুটিৰ
    মিলন আৰু ছাছা নামৰ দুজন পুত্ৰ
    সন্তান আছে।
    ২০১০ চনৰ দক্ষিণ আফ্ৰিকা বিশ্বকাপৰ কিছু সময়ৰ পূৰ্বে
    মুখামুখি
    হৈছিল দুয়ো। 


    শেহতীয়াকৈ,
    জেৰাৰ্ড পিকেৰ এগৰাকী মহিলাৰ সৈতে থকা গোপন সম্পৰ্কৰ কথা পোহৰলৈ
    অহাৰ পাছতে ছাকিৰাই এই সিদ্ধান্ত লোৱা বুলি জানিবলৈ পোৱা গৈছে। বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত শাকিৰাৰ কণ্ঠত প্ৰাণ পাই উঠিছিল জনপ্ৰিয়
    গীত ৱাকা ৱাকা-দিছ টাইম
    ফৰ আফ্ৰিকা
    ।’