• বিদায় বেলাত যি কথা কৈ গ’ল ধোনীয়ে…

    ক্ৰীড়া
    বিদায় বেলাত যি কথা কৈ গ’ল ধোনীয়ে…
    ডিজিটেল ডেস্কঃ  চলিত আইপিএলৰ অভিযানৰ সামৰণি মাৰিলে চেন্নাই ছুপাৰ কিংছে। মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পিছত ধোনী বাহিনীৰ প্লে’ অফত প্ৰৱেশৰ আশা আৰু নাই। এতিয়াৰে পৰা ধোনীয়ে আগন্তুক আইপিএলৰ বিষয়ে ভাবিবলৈ আৰম্ভ কৰিছে। আইপিএলৰ পৰা সকলো ধৰণৰ ক্ৰিকেটত ভাৰতীয় দলৰ লাভা লাভৰ বিষয়েও জনালে মহেন্দ্ৰ সিং ধোনীয়ে।

    খেলখনৰ পিছত, ধোনীয়ে স্বীকাৰ কৰে যে এই উইকেটত মাত্ৰ ৯৭ ৰান কৰি জয়লাভ কৰাটো অসম্ভৱ কথা আছিল। তাৰপাছতো মুকেশ চৌধুৰী আৰু ছিমৰজিৎ সিঙৰ প্ৰচেষ্টাক প্ৰশংসাৰ দৃষ্টিৰে চাইছে ধোনীয়ে। তেওঁ কয়, ‘দুজন যুৱ পেচাৰে খুব ভাল বলিং কৰিছে। এনেধৰণৰ খেলে তেওঁলোকৰ মনত আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব।’

    আইপিএলৰ উপযোগিতাৰ বিষয়েও মন্তব্য কৰে ধোনীয়ে। এই প্ৰতিযোগিতাৰ ফলস্বৰূপে প্ৰতিবছৰে বহুতো ঘৰুৱা ক্ৰিকেটাৰে আত্মপ্ৰকাশ কৰা দেখা গৈছে আৰু  ই ভাৰতীয় ক্ৰিকেটক লাভান্বিত কৰিছে বুলি কয় মিষ্টাৰ কুলে। ধোনীয়ে লগতে কয়, ‘বহু বছৰ ধৰি আমাৰ টীমত বেগী বলাৰৰ সংখ্যা কমি আছিল।  কিন্তু এতিয়া আছে। বহু বলাৰ নিৰীক্ষণত আছে। পৰিপক্ক হ'বলৈ নিজক সময় দিব লাগিব তেওঁলোকে। কিন্তু আইপিএলৰ এই ছয় মাহৰ ভিতৰত, তেওঁলোকে সকলো ধৰণৰ ক্ৰিকেটৰ বাবে সাজু হৈ উঠিছে।’

    আইপিএলৰ ফলস্বৰূপে ঘৰুৱা যুৱ ক্ৰিকেটাৰসকলৰ আত্মবিশ্বাস যথেষ্ট বৃদ্ধি পাইছে বুলি ধাৰণা ধোনীৰ। ধোনীয়ে কয়, ‘তেওঁলোকে আৰম্ভণিৰে পৰা কঠিন প্ৰতিযোগিতা দেখি আহিছে। উন্নত প্ৰদৰ্শনৰ বাবে তেওঁলোকে যথেষ্ট চেষ্টা কৰিছে। ফলস্বৰূপে, তেওঁলোকে অতি সোনকালে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ বাবে সাজু হৈছে। কাকো ভয় নকৰে এই যুৱ পেচাৰসকলে। যুঁজৰ পৰা আঁতৰি অহা নাই।’

    এইবাৰ প্ৰতিযোগিতাত বিফল হ’লেও দলটোৱে কেইবাজনো ইতিবাচক যুৱ ক্ৰিকেটাৰ লাভ কৰা বুলি জনাইছে ধোনীয়ে। তেওঁ কয়, ‘এই বছৰ দুজন যুৱ বেগী বলাৰ আমি পাইছো। অহা বছৰ আৰু দুজন বেগী বলাৰ আহিব। আৰু কেইজনমানৰ ওপৰত আমি চকু ৰাখিছো। চলিত ছিজনে আমাক বহুতো শিকালে। এই অভিজ্ঞতাখিনি আগন্তক ছিজনত ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিম। ’