• IPLৰ দল ক্ৰয় কৰিবলৈ ক’ত নিবিদা লোৱা হয়? পকেটত কিমান টকা থাকিলে ক্ৰয় কৰিব পাৰি এটা দল

    ক্ৰীড়া
    IPLৰ দল ক্ৰয় কৰিবলৈ ক’ত নিবিদা লোৱা হয়? পকেটত কিমান টকা থাকিলে ক্ৰয় কৰিব পাৰি এটা দল
    ডিজিটেল ডেস্কঃ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ(আই পি এল)বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু ব্যয়বহুল ক্ৰিকেট প্ৰতিযোগিতা। এই লীগত এটা দল ক্ৰয় কৰাৰ পদ্ধতিটো অলপ বিশেষ। যদি আপুনিও ভাবিছে যে আইপিএলৰ দল এটা কিনিবলৈ কিমান টকাৰ প্ৰয়োজন হয়,ইয়াৰ বাবে পকেটত কিমান টকাৰ প্ৰয়োজন, সবিশেষ জানো আহক ।


    আইপিএলদলৰ নিবিদা ক’ত হয়?

    আইপিএলৰ দল এটা কিনিবলৈ নিবিদা কৰা হয়। যেতিয়াই নতুন দল গঠন হয় বা বৰ্তমানৰ দলৰ স্বত্বাধিকাৰ সলনি হয় তেতিয়াই আইপিএলত নিলামৰ আয়োজন কৰা হয়। বিনিয়োগকাৰী আৰু কোম্পানীয়ে এই নিলামত নিজৰ নিবিদা লয়। যদি তেওঁলোকৰ বিড সৰ্বাধিক হয়, তেন্তে তেওঁলোকে সেই দলটোৰ স্বত্বাধিকাৰ হোৱাৰ অধিকাৰ পায়।

    এই নিলাম সাধাৰণতে মুম্বাই বা নতুন দিল্লীত অনুষ্ঠিত হয়। ইয়াৰ বাবে বিনিয়োগকাৰীয়ে প্ৰথমে বিচিচিআইৰ পৰা অনুমতি ল’ব লাগিব আৰু তেওঁ এটা নিৰ্দিষ্ট আৰ্থিক ক্ষমতা দেখুৱাব লাগিব, য’ত ব্যক্তিজনে দলটো চলাবলৈ সক্ষম হোৱাৰ প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব।

    আইপিএলৰ দল এটা কিনিবলৈ কিমান টকাৰ প্ৰয়োজন?

    আইপিএলৰ দল এটা ক্ৰয় কৰিবলৈ বিপুল পৰিমাণৰ ধনৰ প্ৰয়োজন। উল্লেখ্য যে আইপিএলৰ দল এটা কিনিবলৈ হ’লে হয়তো প্ৰায় ১৫০০ কোটিৰ পৰা ৬০০০ কোটি টকা বিনিয়োগ কৰিব লাগিব। মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছৰ দৰে সফল দলৰ মূল্য ৫০০০ টকাৰ পৰা ৬০০০ কোটি টকালৈকে। আনহাতে আহমেদাবাদ আৰু লক্ষ্ণৌৰ দৰে নতুন দলৰ বাবে প্ৰায় ৫০০০ কোটি টকাৰ  প্ৰয়োজন।

    আইপিএল দল ক্ৰয়ৰ বাবে প্ৰয়োজনীয় চৰ্ত

    আইপিএলৰ দল এটা কিনিবলৈ হ’লে বি চি চি আইৰ পৰা অনুমোদন ল’ব লাগিব। ইয়াৰ উপৰিও পঞ্জীয়ন মাচুল দিব লাগিব, যিটো হ’ব পাৰে ১০ৰ পৰা ২০ লাখ টকা । ইয়াৰ পিছত আপুনি দলটো চলাবলৈ সক্ষম বুলি প্ৰমাণ কৰিবলৈ নিলামত অংশগ্ৰহণৰ সময়ত আৰ্থিক উৎসৰ বিকল্প দেখুৱাব লাগিব।