ডিজিটেল ডেস্কঃ ৱমেনছ প্ৰিমিয়াৰ লীগ ২০২৫ৰ নিলামত ১৬ বছৰীয়া এগৰাকী খেলুৱৈৰ ওপৰত মুম্বাই ইণ্ডিয়ানছৰ বৃহৎ বাজি। মুম্বাইয়ে তামিলনাডুৰ জি কমালীনীক ভিত্তি মূল্যতকৈ বহুগুণ বেছি টকাৰে ক্ৰয় কৰিছিল। আমোদজনক কথাটো হ’ল কমলিনীৰ মহেন্দ্ৰ সিং ধোনীৰ গুণো আছে। কমলিনীৰ ভিত্তি মূল্য আছিল ১০ লাখ টকা। কিন্তু মুম্বাইয়ে ১.৬০ কোটি টকাত ক্ৰয় কৰিলে তেওঁক। বৈভৱ সূৰ্যবংশী হৈ পৰিল আই পি এলৰ আটাইতকৈ কম বয়সীয়া কোটিপতি। এই অভিলেখ ৱমেনছ প্ৰিমিয়াৰ লীগত কমলিনীৰ নামত পঞ্জীয়ন হোৱাৰ সম্ভাৱনা আছে।
কমলিনীয়ে ঘৰুৱা ক্ৰিকেটত তামিলনাডুৰ হৈ খেলে। বহু সময়ত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে ছানীয়ে। ডব্লিউ পি এলৰ নিলামত কমলিনীৰ ওপৰত মুম্বাইয়ে প্ৰথম নিলাম দিছিল। কিন্তু ইয়াৰ পিছত দিল্লী কেপিটেলছে এই দৌৰত যোগদান কৰে। দিল্লীয়ে শেষ নিবিদা দিছিল ১.৫০ কোটি টকা। আনহাতে মুম্বাইয়ে ১.৬০ কোটি টকাৰ নিবিদা দি কমলিনীক ক্ৰয় কৰে।
কম বয়সতে বিস্ফোৰক ইনিংছেৰে নিজৰ নাম উজলাইছে কমলিনীয়ে। ভাৰতৰ ১৯ বছৰ অনুৰ্ধ মহিলা দলৰ হৈ খেলিছে তেওঁ। পাকিস্তানৰ বিৰুদ্ধে এখন খেলত অপৰাজিত ৪৪ ৰান সংগ্ৰহ কৰিছিল কমলিনীয়ে। এই সময়ছোৱাত তেওঁ ৪টা চাৰি আৰু ৩টা ছয় কৰে। এই মেচত অপৰাজিত আছিল কমলিনী। তেওঁ ভাৰতীয় দলত ৯ উইকেটত জয়ৰ দিশত আগুৱাই লৈ যায়। এই মেচখন আছিল মহিলাৰ ১৯ বছৰ অনুৰ্ধ টি-২০ এছিয়া কাপ ২০২৪ৰ।
আচলতে তামিলনাডুৰ প্ৰতিভাৱান ক্ৰিকেটাৰ কমালীনীও মহেন্দ্ৰ সিং ধোনিৰ দৰে উইকেটকীপাৰ বেটছমেন। বেটিঙৰ সমান্তৰালকৈ তেওঁ উইকেটকীপাৰতো পাকৈত। ত্ৰিভুজ শৃংখলাত ভাৰতৰ হৈ শৃংখলাৰ খেলুৱৈ হিচাপেও পৰিগণিত হয় কমলিনী । ১৯ বছৰ অনুৰ্ধ মহিলাৰ খেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অপৰাজিত ৭৯ ৰান সংগ্ৰহ কৰিছিল কমলিনীয়ে।
Leave A Comment