ডিজিটেল ডেস্কঃ ২০২৪ চনটো ক্ৰিকেট অনুৰাগীৰ বাবে যথেষ্ট আবেগিক আছিল। তেওঁলোকৰ প্ৰিয় খেলুৱৈসকলে উজ্জ্বল প্ৰদৰ্শন কৰি অনুৰাগীক সুখ প্ৰদান কৰাৰ বিপৰীতে একাংশ খেলুৱৈয়ে অৱসৰ গ্ৰহণ কৰি অনুৰাগীক দুখী কৰি তুলিছিল। চলিত বৰ্ষৰ এই পৰ্যন্ত মুঠ ২৮ গৰাকী খেলুৱৈয়ে অৱসৰ গ্ৰহণ কৰিছে। অৱসৰ লোৱা ক্ৰিকেটাৰৰ তালিকাত বিৰাট কোহলী আৰু ৰোহিত শৰ্মাকো অন্তৰ্ভুক্ত কৰা হৈছে। এইসকল ক্ৰিকেটাৰৰ ভিতৰত শেহতীয়া নামটো হৈছে ভাৰতীয় স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনৰ, যিয়ে বুধবাৰে, ১৮ ডিচেম্বৰত সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে। গতিকে এইবছৰ এতিয়ালৈকে কোন কেইগৰাকী ক্ৰিকেটাৰে অৱসৰ লৈছে জানো আহক-
২০২৪ চনত অৱসৰ লোৱা খেলুৱৈসকল-
ৰোহিত শৰ্মা- ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই চলিত বৰ্ষত টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে। তেওঁ টেষ্ট আৰু এদিনীয়া খেলি আছে।
বিৰাট কোহলী- বিৰাট কোহলীয়েও এইবাৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে। কোহলীয়ে এদিনীয়া আৰু টেষ্ট ক্ৰিকেট খেলি আছে।
ৰবীন্দ্ৰ জাদেজা- ভাৰতীয় অলৰাউণ্ডাৰ ৰবিন্দ্ৰ জাদেজাইও টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় ল’লে। জাদেজাই এদিনীয়া আৰু টেষ্ট ক্ৰিকেটতো খেলি আছে।
ডিন এলগাৰ- দক্ষিণ আফ্ৰিকাৰ ডিন এলগাৰে এইবাৰ ক্ৰিকেটৰ তিনিওটা ফৰ্মেটৰ পৰা বিদায় দিলে।
ডেভিড ৱাৰ্নাৰ- অষ্ট্ৰেলিয়াৰ ডেভিদ ৱাৰ্নাৰে ক্ৰিকেটৰ তিনিওটা ফৰ্মেটৰ পৰা বিদায় দিলে।
হাইনৰিখ ক্লাচেন- দক্ষিণ আফ্ৰিকাৰ হাইনৰিখ ক্লাচেনে ২০২৪ চনত টেষ্ট ক্ৰিকেটৰ পৰা বিদায় লৈছিল।
দীনেশ কাৰ্তিক- ভাৰতীয় ক্ৰিকেট দলৰ উইকেটকীপাৰ বেটছমেন দীনেশ কাৰ্তিকেও তিনিওটা ফৰ্মেটৰ পৰা বিদায় লয়।
সৌৰভ তিৱাৰী- ভাৰতৰ সৌৰভ তিৱাৰীয়ে তিনিওটা ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰে।
বৰুণ এৰন- ভাৰতীয় বেগী বলাৰ বৰুণ এৰনে তিনিওটা ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰে।
নীল ৱেগনাৰ- নিউজিলেণ্ডৰ বেগী বলাৰ নীল ৱেগনাৰে তিনিওটা ফৰ্মেটৰ পৰা বিদায় দিলে।
কলিন মুনৰো- নিউজিলেণ্ডৰ কলিন মুনৰোৱে তিনিওটা ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰে।
কেদাৰ জাধৱ- তিনিওটা ফৰ্মেটকে বিদায় দিলে ভাৰতৰ কেদাৰ জাধৱে।
ডেভিড উইজ- নামিবিয়াৰ ডেভিড উইজে তিনিওটা ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰে।
জেমছ এণ্ডাৰছন- ইংলেণ্ডৰ বেগী বলাৰ জেমছ এণ্ডাৰছনে তিনিওটা ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰে। যদিও তেওঁ দীৰ্ঘদিন ধৰি কেৱল টেষ্ট ক্ৰিকেট খেলি আছিল।
শিখৰ ধাৱন- ভাৰতীয় বেটছমেন শিখৰ ধাৱনে তিনিওটা ফৰ্মেটৰ পৰা বিদায় লয়।
ডেভিদ মালান- ইংলেণ্ডৰ ডেভিদ মালানে তিনিওটা ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰে।
শ্বেনন গেব্ৰিয়েল- ৱেষ্ট ইণ্ডিজৰ শ্বেনন গেব্ৰিয়েলে তিনিওটা ফৰ্মেটৰ পৰা বিদায় দিলে।
ৰিদ্দিমান সাহা- ভাৰতীয় উইকেটকীপাৰ বেটছমেন ৱ্ৰিদ্দীমান সাহাই তিনিওটা ফৰ্মেটৰ পৰা বিদায় লয়।
মেথিউ ৱেড- অষ্ট্ৰেলিয়াৰ উইকেটকীপাৰ বেটছমেন মেথিউ ৱেডে তিনিওটা ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰে।
মাহমুদুল্লাহ- বাংলাদেশৰ মাহমুদুল্লাই টি-২০ ইণ্টাৰনেশ্যনেলৰ পৰা অৱসৰ গ্ৰহণ কৰে।
ছাকিব আল হাছান- টেষ্ট আৰু টি-২০ ক্ৰিকেটৰ পৰা বিদায় ল’লে বাংলাদেশৰ অলৰাউণ্ডাৰ ছাকিব আল হাছানে।
ময়েন আলী- ইংলেণ্ডৰ ময়েন আলীয়ে তিনিওটা ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰে।
উইল পুকোভস্কি- অষ্ট্ৰেলিয়াৰ উইল পুকোভস্কিয়ে তিনিওটা ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰে।
মহম্মদ আমিৰ- পাকিস্তান মহম্মদ আমিৰে তিনিওটা ফৰ্মেটৰ পৰা বিদায় ল’লে।
ইমাদ ৱাছিম- পাকিস্তানৰ তাৰকা অলৰাউণ্ডাৰ ইমাদ ৱাছিমে তিনিওটা ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰে।
মহম্মদ ইৰফান- পাকিস্তানৰ বেগী বলাৰ মহম্মদ ইৰফানে তিনিওটা ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰে।
Leave A Comment