ডিজিটেল ডেস্ক: আমেৰিকাত ভাৰতীয় পেছাদাৰীসকলৰ বাবে জীৱনৰেখা স্বৰূপ এইচ-১ বি ভিছাক লৈ এটা নতুন সংকটৰ সৃষ্টি হৈছে। আমেৰিকাৰ বিভিন্ন কোম্পানীত কৰ্মচাৰীৰ ছাটাই অভিযান চলি থকাৰ মাজতে প্রায় ১০ হাজাৰ ভাৰতীয় পেছাদাৰীয়ে চাকৰি হেৰুৱাই ভাৰতলৈ ঘূৰি আহিব লগা হৈছে। ৬০ দিনৰ 'গ্ৰেছ পিৰিয়ড'ৰ ভিতৰত নতুন নিযুক্তিৰ সন্ধান নোপোৱাত ভাৰতীয় পেছাদাৰীসকল স্বদেশলৈ ঘূৰি আহিব লগা পৰিস্থিতি হৈছে।
আমেৰিকাত এইচ-১ বি ভিছা লৈ কৰ্মৰত হৈ থকা ভাৰতীয়সকলে হঠাতে চাকৰি হেৰুৱাই স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰিবলগা হোৱাত এটা বৃহৎ সংকটৰ সৃষ্টি হৈছে। যোৱা বৰ্ষৰ তুলনাত আমেৰিকাৰ পৰা স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰা এইচ-বি ভিছাধাৰী ভাৰতীয়ৰ সংখ্যা চলিত বর্ষত দুগুণ হৈছে। গোলকীয় তথ্য-প্রযুক্তি (আই টি) খণ্ডত চলি থকা ছাটাই অভিযান আৰু আমেৰিকাৰ কঠোৰ ভিছা নীতিৰ বাবেই এই উদ্বেগজনক পৰিস্থিতিৰ উদ্ভৱ হৈছে।
উল্লেখযোগ্য যে বৰ্তমানৰ নিয়ম অনুসৰি এজন এইচ-১ বি ভিছাধাৰীয়ে চাকৰি হেৰুওৱাৰ পাছত নতুন নিযুক্তিদাতা বিচাৰিবলৈ মাত্র ৬০ দিনৰ সময় পায়। এই সময়সীমাৰ ভিতৰত কাম বিচাৰি নাপালে তেওঁলোকে আমেৰিকা এৰিবলৈ বাধ্য হয়। অন্যথা তেওঁলোকক আমেৰিকাৰ পৰা বিতাৰণ কৰা হ'ব পাৰে। আনহাতে, মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ প্ৰশাসনে এই ৬০ দিনৰ 'গ্ৰেছ পিৰিয়ড'ৰ ব্যৱস্থাটো সম্পূৰ্ণৰূপে বাতিল কৰাৰ প্ৰস্তুতি চলাইছে। এই ভিছা নিয়ম কাৰ্যকৰী হ'লে চাকৰি যোৱাৰ লগে লগে ভাৰতীয় পেছাদাৰীসকলে আমেৰিকা ত্যাগ কৰিব লাগিব।
আনহাতে, এই বর্ধিত অনিশ্চয়তাৰ বাবে বহু ভাৰতীয় অভিযন্তা আৰু পেছাদাৰীয়ে কানাডা, অষ্ট্ৰেলিয়া আৰু জার্মানিৰ দৰে দেশত চাকৰিৰ বাবে বিকল্প পথৰ সন্ধান কৰিছে। আমেৰিকাৰ নাগৰিকত্ব আৰু প্ৰব্ৰজন সেৱাসমূহে শেহতীয়াকৈ প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি, চলিত বৰ্ষৰ প্ৰথমার্ধত ১০,০০০ ভাৰতীয়ই আমেৰিকাত চাকৰি হেৰুৱাইছে আৰু স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰিছে। আনহাতে, ট্রাম্প প্রশাসনে সম্পূর্ণৰূপে বাতিল কৰিব লগা ৬০ দিনৰ 'গ্ৰেছ পিৰিয়ড'ৰ বিধেয়কখন মার্কিন সংসদত উত্থাপন কৰে। ট্রাম্প প্রশাসনে এই বিধেয়খনত সংখ্যাগৰিষ্ঠ সমর্থন লাভ কৰিছে। ট্রাম্পৰ ঘোৰ সমৰ্থকসকলে এই ক্ষেত্রত সেউজ সংকেত দিছে। আমেৰিকাত প্ৰব্ৰজনৰ বিৰোধিতা কৰা সাংসদসকলেও এই বিধেয়কখনত সমর্থন জনাইছে। যদি এই প্রস্তাবিত বিধেয়খন গৃহীত হয়, তেনেহ'লে এইচ-১ বি ভিছাধাৰী ভাৰতীয়সকলে চাকৰি হেৰুওৱাৰ লগে লগে আমেৰিকা ত্যাগ কৰিব লাগিব।
উল্লেখযোগ্য যে বছৰি ৭০ শতাংশ ভাৰতীয়ই এইচ-১ বি ভিছাৰ বাবে আৱেদন কৰে। আনহাতে, আমেৰিকাত থকা ভাৰতীয় এইচ-১ বি ভিছাধাৰী পৰিয়ালবোৰ আকৌ এবাৰ ডাঙৰ অনিশ্চয়তাৰ সন্মুখীন হৈছে। ড'নাল্ড ট্রাম্প প্রশাসনে এইচ-১ বি ভিছাধাৰীৰ স্বামী বা স্ত্ৰীৰ বাবে থকা এইচ-৪ ভিছা ৱৰ্ক পার্মিট (এইচ -৪ ই এ ডি) বাতিল কৰাৰ বাবে এটা নতুন প্রস্তাৱ আনিছে। আমেৰিকাৰ গৃহ সুৰক্ষা বিভাগে ২০১৫ চনৰ সেই ঐতিহাসিক নিয়মটো সলনি কৰিবলৈ ওলাইছে, যাৰ অধীনত এইচ-১ বি ভিছাধাৰী লোকৰ স্বামী-পত্নীক আমেৰিকাত বৈধভাৱে কাম কৰাৰ অনুমতি দিছিল।
উল্লেখযোগ্য যে এইচ-৪ ৱৰ্ক পার্মিটৰ ৯০ শতাংশ ভাৰতীয়ই লাভ কৰে আৰু ইয়াৰ ভিতৰত ৯৪ শতাংশই হৈছে উচ্চ শিক্ষিত ভাৰতীয় মহিলা। এই নিয়ম কাৰ্যকৰী হ'লে ১ লাখ ভাৰতীয় পৰিয়াল ক্ষতিগ্রস্ত হ'ব।
উৎস: দৈনিক জনমভূমি