ডিজিটেল ডেস্ক: আগন্তুক মাহবোৰত এল নিন’ 'অতি শক্তিশালী' হ'ব। বতৰৰ এই পৰিঘটনা অহা বছৰৰ ফেব্ৰুৱাৰী মাহলৈকে অবিৰতভাৱে থকাটো প্রায় নিশ্চিত। ৰাষ্ট্ৰসংঘৰ জলবায়ু সংস্থাই বৃহস্পতিবাৰে এইদৰে সকীয়াই দিয়ে। ৱ'ল্ড মেটে অ'ৰ'লজিকেল অর্গেনাইজেশ্যনে (ডব্লিউ এম অ') কয় যে এল নিন' এই বৰ্ষৰ শেষৰফালে চূড়ান্ত হ'বগৈ।
জলবায়ুত ইয়াৰ প্ৰভাৱ কিন্তু ২০২৭চনলৈ থাকিব। ডব্লিউ এম অ'-এ কয়, 'এল নিন'ৱে দৃঢ়ভাৱে খোপনি পুতিছে আৰু আগন্তুক মাহবোৰত ইয়াৰ প্রাবল্য বৃদ্ধি পাই অতি শক্তিশালী পৰিঘটনা হ'ব। ই বৃষ্টিপাত আৰু উষ্ণতাৰ ধৰণত প্রভাৱ পেলাব। ফলত বান, খৰাং আৰু অত্যন্ত গৰমৰ বিপদাশংকা থাকিব।' উল্লেখযোগ্য যে এল নিন' হৈছে জলবায়ুৰ প্ৰাকৃতিক পৰিঘটনা আৰু ই জলবায়ু পৰিৱৰ্তনৰ বাবে নহয়। কিন্তু বিজ্ঞানীসকলে আশংকা কৰে যে জীৱাশ্ম ইন্ধন পোৰাৰ বাবে ইতিমধ্যে উষ্ণতা বৃদ্ধি পোৱা পৃথিৱীত ই গৰমৰ ক্ষেত্ৰত পৰিস্থিতি অধিক বেয়া কৰি তুলিব তথা জলবায়ুৰ চৰম অৱস্থাবোৰ অধিক তীব্ৰ কৰি তুলিব। ৰাষ্ট্ৰসংঘৰ মুৰব্বী এন্টনিঅ' গুটেৰেছে কয়, 'এল নিন' আমাৰ চকুৰ আগতে বৃহদাকাৰ লৈছে।' তেওঁ আৰু কয়, 'বিজ্ঞানে এতিয়া আৰু সন্দেহৰ কোনো অৱকাশ ৰখা নাই; গ্ৰহটো অচিহ্নিত পানীৰ মাজত আছে আৰু সেই পানী ক্রমাৎ উষ্ণ হৈছে।
সমুদ্রপৃষ্ঠৰ উষ্ণতা বৃদ্ধি পাইছে, উষ্ণতা বৃদ্ধি পাই গৈয়েই আছে, আৰু বিশ্ব চৰম জলবায়ুৰ বিপজ্জনক অৱস্থাত আছে।' ৰাষ্ট্ৰসংঘৰ মুৰব্বীজনে কয়, 'এতিয়া যুদ্ধখন হৈছে বর্ধিত বিপদাশংকা আৰু জলবায়ুৰ বাবে কাম কৰিবলৈ তথা মানুহক সুৰক্ষা দিবলৈ আমাৰ দায়বদ্ধতাৰ।' বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ (ডব্লিউ এম অ') মুৰব্বী চেলেষ্টে চাওল'ই কয় যে চলিত বৰ্ষৰ এল নিন' হৈছে অসাধাৰণ। এই এল নিন'ৰ প্রভাৱে সমগ্র বিশ্বত সামাজিক আৰু অর্থনৈতিক দিশত গুৰুতৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। এল নিন' পৰিঘটনা বৃদ্ধিৰ লগে লগে ইয়াৰ প্রভাৱত সমগ্ৰ বিশ্বতে খৰাং, আকস্মিক বানকে ধৰি প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি হৈছে।
কিছুমান অঞ্চলত অত্যধিক বৰষুণ আৰু কিছুমান অঞ্চলত বৰষুণ হ্ৰাসৰ দৰে ঘটনা হৈছে। এই অনিয়মিত বৃষ্টিপাতৰ বাবে সমগ্ৰ বিশ্বৰ কৃষি খণ্ডত গুৰুতৰ প্ৰভাৱ পৰিছে আৰু খাদ্য সামগ্ৰীৰ যোগান শৃংখল ব্যাহত হৈছে। ডব্লিউ এম অ'ৰ মুৰব্বীগৰাকীয়ে কয় যে দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষসমূহ আৰু জলবায়ু স্পৰ্শকাতৰ খণ্ডসমূহ যেনে- কৃষি, স্বাস্থ্য, শক্তি আৰু জল খণ্ডক সম্পূর্ণ নজৰত ৰাখি দেশসমূহে সম্ভাব্য প্রাকৃতিক দুর্যোগৰে মোকাবিলা কৰিবলৈ সাজু হ'ব লাগে। উৎস: দৈনিক জনমভূমি