ডিজিটেল ডেস্ক: ইৰান-আমেৰিকাৰ যুদ্ধৰ ফলত বিশ্বত সৃষ্টি হোৱা ভূ-ৰাজনৈতিক উত্তেজনা আৰু মুদ্রাস্ফীতিৰ হাৰ বৃদ্ধি পোৱা সত্ত্বেও ভাৰতীয় অর্থনীতি অনুমান কৰাতকৈ যথেষ্ট শক্তিশালী হৈ আছে। কালি প্ৰকাশ কৰা চলিত বছৰৰ প্ৰথম তিনি মাহৰ মুঠ ঘৰুৱা উৎপাদনৰ (জি ডি পি) উন্নয়নৰ তথ্যই এই কথা নিশ্চিত কৰিছে। কালি প্ৰকাশ কৰা তথ্য মতে চলিত বিত্তীয় বৰ্ষৰ প্ৰথম তিনি মাহত দেশৰ উন্নয়নৰ হাৰ আছিল ৭.৮%। উন্নয়নৰ এই হাৰ ভাৰতীয় ৰিজার্ভ বেংকে কৰা অনুমানতকৈ যথেষ্ট বেছি।
উল্লেখযোগ্য যে শক্তিশালী ঘৰুৱা চাহিদা, চৰকাৰী ব্যয় আৰু ৰপ্তানিয়ে ভাৰতীয় অর্থনীতিক আন প্রত্যাহবানসমূহৰ পৰা ৰক্ষা কৰাত সহায় কৰে। কিন্তু খাৰুৱা তেলৰ দাম দেশৰ অৰ্থনীতিৰ বাবে এতিয়াও প্রত্যাহ্বান হৈ আছে। কেন্দ্রীয় চৰকাৰৰ পৰিসংখ্যা মন্ত্ৰ্যালয়ে কালি প্ৰকাশ কৰা তথ্য মতে, ভাৰতৰ প্ৰকৃত জি ডি পি ৭.৮% হাৰত বৃদ্ধি পাই ৮১.৩৬ লাখ কোটি টকা হৈছে। এবছৰৰ আগতে ভাৰতৰ জি ডি পি আছিল ৭৫.৪৬ লাখ কোটি টকা। আনহাতে, নমিনেল জি ডি পি ১০.৩% হাৰত বৃদ্ধি পাই ৮৮.২৭ লাখ কোটি টকা হৈছে। যোৱা বছৰ নমিনেল জি ডি পি আছিল ৮০ লাখ কোটি টকা।
উল্লেখযোগ্য যে ঘৰুৱা অৰ্থনৈতিক গতি-বিধি বৃদ্ধি পোৱাৰ ফলত বাহিৰৰ চাপসমূহে ভাৰতীয় অর্থনীতিত বিশেষ প্রভাৱ পেলাব পৰা নাই। আমেৰিকা-ইৰানৰ যুদ্ধ, খাৰুৱা তেলৰ উচ্চ দাম, বাণিজ্যক লৈ সৃষ্টি হোৱা অনিশ্চয়তা আৰু বিত্তীয় বজাৰত উত্থান-পতনৰ দৰে বাহ্যিক জটিল পৰিস্থিতিৰ সন্মুখীন হোৱা সত্ত্বেও দেশৰ উন্নয়নৰ আশা কৰাতকৈ উন্নত হাৰে এই কথা প্রতীয়মান কৰিছে যে নতুন বিত্তীয় বৰ্ষৰ আৰম্ভণিতে ভাৰতৰ বিকাশৰ গতি শক্তিশালী হৈ আছে। নতুন তথ্যই ইয়াকে প্রকাশ কৰিছে যে ঘৰুৱা অর্থনীতিত গতি-বিধি আশা কৰাতকৈ অধিক শক্তিশালী হৈছে। এই সময়ছোৱাত শক্তি খণ্ডত ব্যয় অধিক বৃদ্ধি পোৱা আৰু ভূ-ৰাজনৈতিক উত্থান-পতনে উৎপাদনত প্রভাৱ পেলাব বুলি আশংকা কৰা হৈছিল।
উল্লেখযোগ্য যে ৰয়টাৰৰ ৫৮জন অর্থনীতিবিদৰ এটা সমীক্ষাত এই বুলি কোৱা হৈছিল যে এপ্রিল-জুন ত্রিমাসিকত দেশৰ উন্নয়নৰ হাৰ ৭.১% হ'ব। অৱশ্যে, অর্থনীতিবিদসকলে এই কথা স্বীকাৰ কৰিছে যে দেশৰ উপভোক্তাৰ চাহিদা, চৰকাৰী মূলধনী ব্যয়, উৎপাদন আৰু নিৰ্মাণ খণ্ডৰ গতি-বিধি তথা ৰপ্তানি বৃদ্ধি ভাৰতীয় অর্থনীতিৰ মূল ভেটি। এই তিনি মাহত বিভিন্ন খণ্ডৰ ভিতৰত সেৱা খণ্ডৰ উন্নয়নৰ হাৰ সৰ্বাধিক আছিল। সেৱা খণ্ডৰ উন্নয়নৰ হাৰ ১০%, উৎপাদন খণ্ডৰ উন্নয়নৰ হাৰ ৯.২% আৰু নিৰ্মাণ খণ্ডৰ উন্নয়নৰ হাৰ ৭.৭% আছিল বিত্তীয় বৰ্ষৰ প্ৰথম তিনি মাহত।
আনহাতে, প্রাথমিক খণ্ডৰ উন্নয়নৰ হাৰ ২.৯% আছিল। ইয়াৰ ভিতৰত মৎস্য পালনৰ উন্নয়নৰ হাৰ ৩.৬% আছিল। ইয়াৰ বিপৰীতে খনি আৰু কোৱেৰী খণ্ডৰ উন্নয়নৰ হাৰ ২.৪% হ্রাস পায়। গৌণ খণ্ডসমূহৰ উন্নয়নৰ হাৰ আছিল ৮.৬%। ইয়াৰ ভিতৰত উৎপাদন খণ্ডৰ উন্নয়নৰ হাৰ ৯.২%, বিদ্যুৎ গেছ আৰু আন সেৱাসমূহৰ উন্নয়নৰ হাৰ ৮.৯% আছিল। সেৱা খণ্ডৰ উন্নয়নৰ হাৰ ১০% আছিল। ইয়াৰ ভিতৰত বিত্তীয়, স্থাৱৰ সম্পত্তি, তথ্য প্রযুক্তি আৰু পেছাদাৰী সেৱাসমূহত উন্নয়নৰ হাৰ সৰ্বাধিক ১২.১% আছিল। আনহাতে, বাণিজ্য, হোটেল পৰিবহণ, যোগাযোগ আৰু মজুতকৰণ খণ্ডত ৮.৫% আছিল। প্রথম তিনি মাহত চিমেণ্টৰ উৎপাদন ৮.৯%, ষ্টীলৰ বিক্ৰী ১৮.৩%, বাণিজ্যিক বাহনৰ বিক্ৰী ১৮.৩%, তিনি চকীয়া বাহনৰ বিক্ৰী ২৯.৭% বৃদ্ধি পায়। আনহাতে, গ্রছ ভেলু এডেড (জি ভি এ) প্রথম তিনি মাহত ৮.২% বৃদ্ধি পাই ৭৩.৮২ লাখ কোটি টকা হয়।
উৎস: দৈনিক জনমভূমি