ডিজিটেল ডেস্ক: ধুবুৰী জিলাত পুনৰ গৰুৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। গৌৰীপুৰৰ কাউনবাৰী ঘাটত নিশা অভিযান চলাই দুখন নাওৰ পৰা উদ্ধাৰ কৰা হৈছে ২৪ টা গৰু। ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত দুজন লোকক আটক কৰিছে আৰক্ষীয়ে।
নিশা কাউনবাৰী ঘাটত গৰুৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে অভিযান চলায় গৌৰীপুৰ আৰক্ষীয়ে। অভিযানত দুখন নাওত উঠাই লৈ যোৱা অৱস্থাত ২৪টা গৰু উদ্ধাৰ কৰে আৰক্ষীয়ে।
ঘটনাস্থলীৰ পৰা আটক কৰা হয় দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ফকিৰগঞ্জ থানাৰ অন্তৰ্গত মাজেৰালগা গাঁৱৰ শিকান আলী আৰু মাজিপাৰা গাঁৱৰ তাহেৰউদ্দিনক।
আৰক্ষীৰ মতে, গৰুসমূহ অবৈধভাৱে সৰবৰাহৰ উদ্দেশ্যে নাওযোগে লৈ যোৱা হৈছিল। আটক দুয়োজনকে গৌৰীপুৰ থানালৈ আনি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।