--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আৰক্ষীৰ তদন্তত মৰমীয়ে নিতুল দাস নামৰ এজন যুৱকৰ সৈতে সঘনাই বাৰ্তালাপ কৰি থকাৰ তথ্য লাভ কৰিছে। ঘণ্টা ঘণ্টা ধৰি নিতুলৰ সৈতে ফোনত কথা পাতি থাকে মৰমীয়ে।

ডিজিটেল ডেস্ক: ‘‘মা তুমি উভতি আহা, তোমালৈ বহুত মনত পৰিছে, আমি বহুত কষ্টত আছোঁ’’— এয়া কোনো নাট্যৰ দৃশ্য নহয়, মাতৃস্নেহৰ পৰা বঞ্চিত এটি কণমানিৰ কান্দোনভৰা আকুল আহ্বান।


ওদালগুৰি জিলাৰ কলাইগাঁৱৰ বেলতলি নিবাসী সঞ্জীৱ স্বামীৰ পত্নী মৰমী স্বামী যোৱা জুলাই মাহৰ ২৪ তাৰিখৰ পৰা সন্ধানহীন হৈ আছে। দুই সন্তানক ঘৰতে এৰি ৰহস্যজনকভাৱে নিখোজ হৈ আছে মৰমী স্বামী। পত্নীৰ এই আকস্মিক অন্তৰ্ধানৰ পিছৰে পৰা সম্পূৰ্ণভাৱে দিশহাৰা হৈ পৰিছে স্বামী সঞ্জীৱ স্বামী।


প্ৰাপ্ত তথ্য অনুসৰি, পত্নীৰ সন্ধান বিচাৰি ইতিমধ্যে কলাইগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে স্বামী সঞ্জীৱে। কিন্তু দুৰ্ভাগ্যজনকভাৱে ইমান দিনেও আৰক্ষীয়ে মহিলাগৰাকীৰ কোনো ধৰণৰ শুংসুত্ৰ উলিয়াবলৈ সমৰ্থ হোৱা নাই। কেৱল নিজৰ তদন্ত অব্যাহত ৰাখিছে বুলি দায়সৰা মন্তব্য প্ৰদান কৰি আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে নোলোৱাৰ অভিযোগ উত্থাপন হৈছে।


আৰক্ষীৰ তদন্তত মৰমীয়ে নিতুল দাস নামৰ এজন যুৱকৰ সৈতে সঘনাই বাৰ্তালাপ কৰি থকাৰ তথ্য লাভ কৰিছে। ঘণ্টা ঘণ্টা ধৰি নিতুলৰ সৈতে ফোনত কথা পাতি থাকে মৰমীয়ে। নিতুল দাস সম্পৰ্কত সঞ্জীৱ স্বামীৰ ভাগিন হয়। কিন্তু নিতুল দাসো ঘৰতেই আছে তেওঁ মৰমীক লৈ অন্তৰ্ধান হোৱা নাই, তাকে লৈ সমগ্ৰ ঘটনাটো অধিক ৰহস্যজনক হৈ পৰিছে। 


বকোৰ চাহৰ হোটেল এখনত সাধাৰণ কাৰিকৰ হিচাপে কাম কৰি কোনোমতে সংসাৰখন চলাই অহা সঞ্জীৱৰ বাবে এতিয়া পৰিস্থিতি অতিশয় শোচনীয় হৈ পৰিছে। এফালে কামৰ তাগিদা আৰু আনফালে মাতৃহাৰা দুটি শিশু সন্তানৰ ভৰণ-পোষণৰ দায়িত্ব লৈ এক প্ৰকাৰ দিশহাৰা হৈ পৰিছে সঞ্জীৱ স্বামী।


বুকুত হেজাৰটা বেদনা লৈ শেষত সংবাদ মাধ্যমৰ জৰিয়তে নিজ মাতৃ আৰু পত্নীক ঘূৰাই পাবলৈ আকুল প্ৰাৰ্থনা জনাইছে কণমানি দুই সন্তানে আৰু স্বামী সঞ্জীৱে। পত্নী য’তেই নাথাকক তেওঁ ঘূৰি আহিলে আঁকোৱালি লৈ আগৰদৰেই সংসাৰখন আগবঢ়াই নিম বুলি জনাইছে সঞ্জীৱ স্বামীয়ে।


যদি কোনো সদাশয় ব্যক্তিয়ে নিখোজ মৰমী স্বামীক ক’ৰবাত প্ৰত্যক্ষ কৰে বা তেওঁৰ সন্ধান জানে, তেন্তে তৎক্ষণাৎ তলৰ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালটোৱে সবিনয়ে অনুৰোধ জনাইছে।


যোগাযোগৰ নম্বৰ: 7086355097 (সঞ্জীৱ স্বামী) 



FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী