ডিজিটেল ডেস্ক: ‘‘মা তুমি উভতি আহা, তোমালৈ বহুত মনত পৰিছে, আমি বহুত কষ্টত আছোঁ’’— এয়া কোনো নাট্যৰ দৃশ্য নহয়, মাতৃস্নেহৰ পৰা বঞ্চিত এটি কণমানিৰ কান্দোনভৰা আকুল আহ্বান।
ওদালগুৰি জিলাৰ কলাইগাঁৱৰ বেলতলি নিবাসী সঞ্জীৱ স্বামীৰ পত্নী মৰমী স্বামী যোৱা জুলাই মাহৰ ২৪ তাৰিখৰ পৰা সন্ধানহীন হৈ আছে। দুই সন্তানক ঘৰতে এৰি ৰহস্যজনকভাৱে নিখোজ হৈ আছে মৰমী স্বামী। পত্নীৰ এই আকস্মিক অন্তৰ্ধানৰ পিছৰে পৰা সম্পূৰ্ণভাৱে দিশহাৰা হৈ পৰিছে স্বামী সঞ্জীৱ স্বামী।
প্ৰাপ্ত তথ্য অনুসৰি, পত্নীৰ সন্ধান বিচাৰি ইতিমধ্যে কলাইগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে স্বামী সঞ্জীৱে। কিন্তু দুৰ্ভাগ্যজনকভাৱে ইমান দিনেও আৰক্ষীয়ে মহিলাগৰাকীৰ কোনো ধৰণৰ শুংসুত্ৰ উলিয়াবলৈ সমৰ্থ হোৱা নাই। কেৱল নিজৰ তদন্ত অব্যাহত ৰাখিছে বুলি দায়সৰা মন্তব্য প্ৰদান কৰি আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে নোলোৱাৰ অভিযোগ উত্থাপন হৈছে।
আৰক্ষীৰ তদন্তত মৰমীয়ে নিতুল দাস নামৰ এজন যুৱকৰ সৈতে সঘনাই বাৰ্তালাপ কৰি থকাৰ তথ্য লাভ কৰিছে। ঘণ্টা ঘণ্টা ধৰি নিতুলৰ সৈতে ফোনত কথা পাতি থাকে মৰমীয়ে। নিতুল দাস সম্পৰ্কত সঞ্জীৱ স্বামীৰ ভাগিন হয়। কিন্তু নিতুল দাসো ঘৰতেই আছে তেওঁ মৰমীক লৈ অন্তৰ্ধান হোৱা নাই, তাকে লৈ সমগ্ৰ ঘটনাটো অধিক ৰহস্যজনক হৈ পৰিছে।
বকোৰ চাহৰ হোটেল এখনত সাধাৰণ কাৰিকৰ হিচাপে কাম কৰি কোনোমতে সংসাৰখন চলাই অহা সঞ্জীৱৰ বাবে এতিয়া পৰিস্থিতি অতিশয় শোচনীয় হৈ পৰিছে। এফালে কামৰ তাগিদা আৰু আনফালে মাতৃহাৰা দুটি শিশু সন্তানৰ ভৰণ-পোষণৰ দায়িত্ব লৈ এক প্ৰকাৰ দিশহাৰা হৈ পৰিছে সঞ্জীৱ স্বামী।
বুকুত হেজাৰটা বেদনা লৈ শেষত সংবাদ মাধ্যমৰ জৰিয়তে নিজ মাতৃ আৰু পত্নীক ঘূৰাই পাবলৈ আকুল প্ৰাৰ্থনা জনাইছে কণমানি দুই সন্তানে আৰু স্বামী সঞ্জীৱে। পত্নী য’তেই নাথাকক তেওঁ ঘূৰি আহিলে আঁকোৱালি লৈ আগৰদৰেই সংসাৰখন আগবঢ়াই নিম বুলি জনাইছে সঞ্জীৱ স্বামীয়ে।
যদি কোনো সদাশয় ব্যক্তিয়ে নিখোজ মৰমী স্বামীক ক’ৰবাত প্ৰত্যক্ষ কৰে বা তেওঁৰ সন্ধান জানে, তেন্তে তৎক্ষণাৎ তলৰ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালটোৱে সবিনয়ে অনুৰোধ জনাইছে।
যোগাযোগৰ নম্বৰ: 7086355097 (সঞ্জীৱ স্বামী)