--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অসম গ্রন্থমেলা গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা হ'ব। এইবাৰৰ গ্ৰন্থমেলাত পূৰ্বৰ দৰেই সকলো নবীন-প্রবীণ পঢ়ুৱৈক সাহিত্য চর্চাৰ বাবে আগ্রহী কৰাৰ পৰিকল্পনা কৰা হৈছে।

ডিজিটেল ডেস্ক : বিগত বছৰসমূহত গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন চহৰত অনুষ্ঠিত হৈ অহা 'অসম গ্রন্থমেলা'ৰ ধাৰাবাহিকতা ৰক্ষা কৰি এই বছৰটোত বিভিন্ন চহৰত আয়োজন কৰিবলগীয়া গ্ৰন্থমেলাৰ প্ৰথমখন সময়সূচী অসম প্রকাশন পৰিষদে ঘোষণা কৰিছে। 


কালি অসম প্ৰকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই ঘোষণা কৰা এই সময়সূচী অনুসৰি, অহা ১৩ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰলৈ যোৰহাট জিলা ক্রীড়া সন্থা (জে ডি এছ এ)-ৰ খেলপথাৰত দহদিনীয়াকৈ অসম গ্রন্থমেলা আয়োজন কৰা হ'ব। ঠিক তেনেদৰে অহা ২৪ ডিচেম্বৰ, ২০২৬ৰ পৰা ৬ জানুৱাৰী, ২০২৭-লৈ চৈধ্যদিনীয়া কাৰ্যসূচীৰে অসম গ্রন্থমেলা গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা হ'ব। এইবাৰৰ গ্ৰন্থমেলাত পূৰ্বৰ দৰেই সকলো নবীন-প্রবীণ পঢ়ুৱৈক সাহিত্য চর্চাৰ বাবে আগ্রহী কৰাৰ পৰিকল্পনা কৰা হৈছে। 


উল্লেখযোগ্য যে ইতিমধ্যে গ্রন্থমেলালৈ আমন্ত্ৰণৰ বাবে দেশৰ কেইবাগৰাকী বিশিষ্ট লেখক, সাহিত্যিকৰ সৈতে যোগাযোগ কৰা হৈছে। অসমৰ লগতে অসমৰ বাহিৰৰ বহু প্রকাশন গোষ্ঠীয়ে পৰিষদৰ সৈতে যোগাযোগ কৰি থকাৰ পৰিপ্ৰেক্ষিতত পৰিষদে গ্রন্থমেলা আয়োজনৰ যো-জা সম্পূৰ্ণ কৰাৰ লগে লগেই সকলোৰে সুবিধাৰ বাবে প্ৰাৰম্ভতে দুখন গ্ৰন্থমেলাৰ সময়সূচী ঘোষণা কৰিছে। 


পৰৱৰ্তী সময়ত অন্য স্থানত আয়োজন কৰিবলগীয়া গ্ৰন্থমেলাৰ সময় আৰু আয়োজনৰ তাৰিখ পৰিষদে পৰৱৰ্তী সময়ত ঘোষণা কৰিব বুলি সচিব কলিতাই জানিবলৈ দিছে। উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
জামিন লাভ কৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত অমৃতপ্ৰভা মহন্তই; কি কি চৰ্ত আৰোপ কৰিলে আদালতে?
৩৮ টা চোৰাং গৰুসহ এখন টাটা আল্ট্ৰা বাহন জব্দ মায়ং আৰক্ষীৰ; পলাতক সৰবৰাহকাৰীৰ দল
লক্ষীপুৰত কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য: ১ কোটি টকাৰ নিষিদ্ধ টেবলেটসহ আটক দুই সৰবৰাহকাৰী
ধুন্দুলিৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
তামাৰহাটত ধুমুহা-বৰষুণৰ তাণ্ডৱ; ভাঙি পৰিল ১৫ খনতকৈ অধিক দুৰ্গাপূজাৰ গেট
মুদ্রাস্ফীতি, টকাৰ মূল্য হ্রাস; ৫.৫০ শতাংশলৈ বৃদ্ধি ৰেপ’ৰেট
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস