--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অসম গ্রন্থমেলা গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা হ'ব। এইবাৰৰ গ্ৰন্থমেলাত পূৰ্বৰ দৰেই সকলো নবীন-প্রবীণ পঢ়ুৱৈক সাহিত্য চর্চাৰ বাবে আগ্রহী কৰাৰ পৰিকল্পনা কৰা হৈছে।

ডিজিটেল ডেস্ক : বিগত বছৰসমূহত গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন চহৰত অনুষ্ঠিত হৈ অহা 'অসম গ্রন্থমেলা'ৰ ধাৰাবাহিকতা ৰক্ষা কৰি এই বছৰটোত বিভিন্ন চহৰত আয়োজন কৰিবলগীয়া গ্ৰন্থমেলাৰ প্ৰথমখন সময়সূচী অসম প্রকাশন পৰিষদে ঘোষণা কৰিছে। 


কালি অসম প্ৰকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই ঘোষণা কৰা এই সময়সূচী অনুসৰি, অহা ১৩ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰলৈ যোৰহাট জিলা ক্রীড়া সন্থা (জে ডি এছ এ)-ৰ খেলপথাৰত দহদিনীয়াকৈ অসম গ্রন্থমেলা আয়োজন কৰা হ'ব। ঠিক তেনেদৰে অহা ২৪ ডিচেম্বৰ, ২০২৬ৰ পৰা ৬ জানুৱাৰী, ২০২৭-লৈ চৈধ্যদিনীয়া কাৰ্যসূচীৰে অসম গ্রন্থমেলা গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা হ'ব। এইবাৰৰ গ্ৰন্থমেলাত পূৰ্বৰ দৰেই সকলো নবীন-প্রবীণ পঢ়ুৱৈক সাহিত্য চর্চাৰ বাবে আগ্রহী কৰাৰ পৰিকল্পনা কৰা হৈছে। 


উল্লেখযোগ্য যে ইতিমধ্যে গ্রন্থমেলালৈ আমন্ত্ৰণৰ বাবে দেশৰ কেইবাগৰাকী বিশিষ্ট লেখক, সাহিত্যিকৰ সৈতে যোগাযোগ কৰা হৈছে। অসমৰ লগতে অসমৰ বাহিৰৰ বহু প্রকাশন গোষ্ঠীয়ে পৰিষদৰ সৈতে যোগাযোগ কৰি থকাৰ পৰিপ্ৰেক্ষিতত পৰিষদে গ্রন্থমেলা আয়োজনৰ যো-জা সম্পূৰ্ণ কৰাৰ লগে লগেই সকলোৰে সুবিধাৰ বাবে প্ৰাৰম্ভতে দুখন গ্ৰন্থমেলাৰ সময়সূচী ঘোষণা কৰিছে। 


পৰৱৰ্তী সময়ত অন্য স্থানত আয়োজন কৰিবলগীয়া গ্ৰন্থমেলাৰ সময় আৰু আয়োজনৰ তাৰিখ পৰিষদে পৰৱৰ্তী সময়ত ঘোষণা কৰিব বুলি সচিব কলিতাই জানিবলৈ দিছে। উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
আজি জন্মাষ্টমী; সৌভাগ্যৰ দুৱাৰ মুকলি হ’ব তিনি ৰাশিৰ জাতক-জাতিকাৰ
ধুবুৰী আৰক্ষীৰ সফল অভিযান; ২৪টা গৰু উদ্ধাৰ, দুজনক আটক
‘‘মা তোমালৈ বহুত মনত পৰিছে, উভতি আহা’’; ২৪ জুলাইৰ পৰা সন্ধানহীন ওদালগুৰিৰ দুই সন্তানৰ এগৰাকী মাতৃ
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা