--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সেই ভয়াৱহ পৰিস্থিতিৰ মাজতেই কৰ্মক্ষেত্ৰৰ পৰা পাহাৰৰ ওপৰত উঠি প্ৰাণ ৰক্ষা পেলাইছিল এই কেইগৰাকী অসমৰ লোকে।

ডিজিটেল ডেস্ক: নেপালৰ ভয়াৱহ জলপ্ৰলয়ৰ ফলত নিহত হ’ল বহু লোক। উদ্ধাৰ অভিযান চলিছে যদিও এতিয়াও সন্ধানহীন হৈ আছে বহু লোক। তেনে সময়তে নেপালত কাম কৰিবলৈ যোৱা অসমৰ ৮ গৰাকী শ্ৰমিকক উদ্ধাৰ কৰাৰ বিপৰীতে নগাঁও, নলবাৰী আৰু কাৰ্বি আংলঙৰ আৰু ৫ গৰাকী শ্ৰমিক এতিয়াও সন্ধানহীন।


নিশা নেপাল সীমান্তৰ পৰা অসমৰ বিভিন্ন জিলাৰ আঠ গৰাকীকৈ ব্যক্তিক উদ্ধাৰ কৰি ধুবুৰীলৈ লৈ যায় আৰক্ষী প্ৰশাসনে। আজি পুৱাৰ ভাগত আটাইকেইজন ঘৰলৈ ৰাওনা হয়। আঠ গৰাকীৰ ভিতৰত আছে পংকজ বৰ্মন, গোপাল চান্দ দেৱনাথ, গৌতম দাস, সমৰ বেজবৰুৱা, চাৰ্ভিছন মাৰাক, চানেৰেশ্বৰ নাৰ্জাৰী, ছিলভা মাৰাক আৰু ইলিপছোন চাংমা।


উল্লেখ্য যে, অসমৰ বিভিন্ন জিলাৰ পৰা নেপালৰ এটা পাৱাৰ গ্ৰীড কোম্পানীত কাম কৰি আছিল ১৩ জনকৈ শ্ৰমিক। হঠাৎ প্ৰায় ৬০ ফুট ওপৰেৰে পানী বৈ অহাৰ ফলত নেপালত নামি আহিছিল ভয়াৱহ দুৰ্যোগ। সেই ভয়াৱহ পৰিস্থিতিৰ মাজতেই কৰ্মক্ষেত্ৰৰ পৰা পাহাৰৰ ওপৰত উঠি প্ৰাণ ৰক্ষা পেলাইছিল এই কেইগৰাকী অসমৰ লোকে। 


নেপালৰ উদ্ধাৰকাৰী বাহিনীয়ে পাহাৰৰ পৰা এই সকলক উদ্ধাৰ কৰাৰ পিছত আজি সুকলমে অসমত উপস্থিত ৮ গৰাকী লোক।


ইপিনে নগাঁও, নলবাৰী আৰু কাৰ্বি আংলঙৰ পাঁচ গৰাকী শ্ৰমিক এতিয়াও সন্ধানহীন। পাঁচ সতীৰ্থ সন্ধানহীন হৈ থকাৰ লগতে ভয়াৱহতাৰ বিৱৰণ দি দুখ প্ৰকাশ কৰে এইসকল লোকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামিন লাভ কৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত অমৃতপ্ৰভা মহন্তই; কি কি চৰ্ত আৰোপ কৰিলে আদালতে?
৩৮ টা চোৰাং গৰুসহ এখন টাটা আল্ট্ৰা বাহন জব্দ মায়ং আৰক্ষীৰ; পলাতক সৰবৰাহকাৰীৰ দল
লক্ষীপুৰত কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য: ১ কোটি টকাৰ নিষিদ্ধ টেবলেটসহ আটক দুই সৰবৰাহকাৰী
ধুন্দুলিৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
তামাৰহাটত ধুমুহা-বৰষুণৰ তাণ্ডৱ; ভাঙি পৰিল ১৫ খনতকৈ অধিক দুৰ্গাপূজাৰ গেট
মুদ্রাস্ফীতি, টকাৰ মূল্য হ্রাস; ৫.৫০ শতাংশলৈ বৃদ্ধি ৰেপ’ৰেট
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস