ডিজিটেল ডেস্ক: নেপালৰ ভয়াৱহ জলপ্ৰলয়ৰ ফলত নিহত হ’ল বহু লোক। উদ্ধাৰ অভিযান চলিছে যদিও এতিয়াও সন্ধানহীন হৈ আছে বহু লোক। তেনে সময়তে নেপালত কাম কৰিবলৈ যোৱা অসমৰ ৮ গৰাকী শ্ৰমিকক উদ্ধাৰ কৰাৰ বিপৰীতে নগাঁও, নলবাৰী আৰু কাৰ্বি আংলঙৰ আৰু ৫ গৰাকী শ্ৰমিক এতিয়াও সন্ধানহীন।
নিশা নেপাল সীমান্তৰ পৰা অসমৰ বিভিন্ন জিলাৰ আঠ গৰাকীকৈ ব্যক্তিক উদ্ধাৰ কৰি ধুবুৰীলৈ লৈ যায় আৰক্ষী প্ৰশাসনে। আজি পুৱাৰ ভাগত আটাইকেইজন ঘৰলৈ ৰাওনা হয়। আঠ গৰাকীৰ ভিতৰত আছে পংকজ বৰ্মন, গোপাল চান্দ দেৱনাথ, গৌতম দাস, সমৰ বেজবৰুৱা, চাৰ্ভিছন মাৰাক, চানেৰেশ্বৰ নাৰ্জাৰী, ছিলভা মাৰাক আৰু ইলিপছোন চাংমা।
উল্লেখ্য যে, অসমৰ বিভিন্ন জিলাৰ পৰা নেপালৰ এটা পাৱাৰ গ্ৰীড কোম্পানীত কাম কৰি আছিল ১৩ জনকৈ শ্ৰমিক। হঠাৎ প্ৰায় ৬০ ফুট ওপৰেৰে পানী বৈ অহাৰ ফলত নেপালত নামি আহিছিল ভয়াৱহ দুৰ্যোগ। সেই ভয়াৱহ পৰিস্থিতিৰ মাজতেই কৰ্মক্ষেত্ৰৰ পৰা পাহাৰৰ ওপৰত উঠি প্ৰাণ ৰক্ষা পেলাইছিল এই কেইগৰাকী অসমৰ লোকে।
নেপালৰ উদ্ধাৰকাৰী বাহিনীয়ে পাহাৰৰ পৰা এই সকলক উদ্ধাৰ কৰাৰ পিছত আজি সুকলমে অসমত উপস্থিত ৮ গৰাকী লোক।
ইপিনে নগাঁও, নলবাৰী আৰু কাৰ্বি আংলঙৰ পাঁচ গৰাকী শ্ৰমিক এতিয়াও সন্ধানহীন। পাঁচ সতীৰ্থ সন্ধানহীন হৈ থকাৰ লগতে ভয়াৱহতাৰ বিৱৰণ দি দুখ প্ৰকাশ কৰে এইসকল লোকে।