--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কেন্দ্রীয় চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মূল্যতকৈও কম মূল্যত এই ঔষধসমূহ কেনেদৰে বিক্ৰী কৰি থাকিব পাৰিছে সেয়া নিশ্চিত কৰিবৰ কাৰণে ড্রাগ্‌ ডীলাৰ্ছ এছ'চিয়েশ্যনৰ তৰফৰ পৰা নিৰ্দিষ্ট ঔষধ কোম্পানীৰ লগতো যোগাযোগ কৰা হৈছিল।

ডিজিটেল ডেস্ক: ভেজাল ঔষধেৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰ। কিন্তু তাতোকৈ ডাঙৰ কথা এয়ে যে যিবিলাক কোম্পানীয়ে ভেজাল ঔষধ ৰাজ্যত বিক্ৰী কৰি আছে সেই কোম্পানী বা বেপাৰীবোৰৰ বিৰুদ্ধে তথ্যসহ অভিযোগ দিয়াৰ পাছতো ঔষধ নিয়ন্ত্রকে কোনো ব্যৱস্থা এতিয়ালৈকে গ্রহণ কৰা নাই।


এই ভয়ংকৰ অভিযোগ উত্থাপন কৰি আছাম ড্রাগ্ ডীলাৰ্ছ এছ'চিয়েশ্যনৰ বিষয়ববীয়াই সংবাদ মাধ্যমক কয় যে লোহিয়া ট্রেডিং, কে ভি ছেলছ পাণবজাৰ, হিমানশ্ৰী আৰু পল্লৱিকা নামৰ চাৰিটা প্রতিষ্ঠানে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মূল্যতকৈও কম দামত সন্দেহজনক ঔষধ বিক্ৰী কৰি থকাৰ সমস্ত তথ্য কামৰূপৰ ঔষধ নিয়ন্ত্রক বিশ্বজিত তালুকদাৰে জনাৰ পাছতো কোনো ব্যৱস্থা গ্রহণ কৰা নাই। 


এছ'চিয়েশ্যনৰ বিষয়ববীয়াই কয় যে ঔষধ নিয়ন্ত্ৰকৰ এনে ভূমিকাত তেওঁলোক স্তম্ভিত হৈ পৰিছে, কাৰণ এই বেপাৰীবোৰে চৰকাৰী বিষয়াৰ ৰহস্যজনক নীৰৱতাৰ বাবেই ভেজাল ঔষধ মুকলিভাৱে বিক্ৰী কৰি থাকিব পাৰিছে। কেন্দ্রীয় চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মূল্যতকৈও কম মূল্যত এই ঔষধসমূহ কেনেদৰে বিক্ৰী কৰি থাকিব পাৰিছে সেয়া নিশ্চিত কৰিবৰ কাৰণে ড্রাগ্‌ ডীলাৰ্ছ এছ'চিয়েশ্যনৰ তৰফৰ পৰা নিৰ্দিষ্ট ঔষধ কোম্পানীৰ লগতো যোগাযোগ কৰা হৈছিল। 


কিন্তু অস্বস্তিজনক কথা এয়ে যে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত বিক্রী হৈ থকা ঔষধসমূহ কোম্পানীৰ আচল ঔষধ নহয় বুলি জানিবলৈ দিছিল বুলি বিষয়ববীয়াসকলে জানিবলৈ দিয়ে। তেওঁলোকে লগতে এইবুলিও কয় যে সমগ্র অসমত ঔষধ যোগান ধৰা এই চাৰিটা বৃহৎ পাইকাৰী ব্যৱসায়ী।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
জামিন লাভ কৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত অমৃতপ্ৰভা মহন্তই; কি কি চৰ্ত আৰোপ কৰিলে আদালতে?
৩৮ টা চোৰাং গৰুসহ এখন টাটা আল্ট্ৰা বাহন জব্দ মায়ং আৰক্ষীৰ; পলাতক সৰবৰাহকাৰীৰ দল
লক্ষীপুৰত কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য: ১ কোটি টকাৰ নিষিদ্ধ টেবলেটসহ আটক দুই সৰবৰাহকাৰী
ধুন্দুলিৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
তামাৰহাটত ধুমুহা-বৰষুণৰ তাণ্ডৱ; ভাঙি পৰিল ১৫ খনতকৈ অধিক দুৰ্গাপূজাৰ গেট
মুদ্রাস্ফীতি, টকাৰ মূল্য হ্রাস; ৫.৫০ শতাংশলৈ বৃদ্ধি ৰেপ’ৰেট
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস