ডিজিটেল ডেস্ক: ভেজাল ঔষধেৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰ। কিন্তু তাতোকৈ ডাঙৰ কথা এয়ে যে যিবিলাক কোম্পানীয়ে ভেজাল ঔষধ ৰাজ্যত বিক্ৰী কৰি আছে সেই কোম্পানী বা বেপাৰীবোৰৰ বিৰুদ্ধে তথ্যসহ অভিযোগ দিয়াৰ পাছতো ঔষধ নিয়ন্ত্রকে কোনো ব্যৱস্থা এতিয়ালৈকে গ্রহণ কৰা নাই।
এই ভয়ংকৰ অভিযোগ উত্থাপন কৰি আছাম ড্রাগ্ ডীলাৰ্ছ এছ'চিয়েশ্যনৰ বিষয়ববীয়াই সংবাদ মাধ্যমক কয় যে লোহিয়া ট্রেডিং, কে ভি ছেলছ পাণবজাৰ, হিমানশ্ৰী আৰু পল্লৱিকা নামৰ চাৰিটা প্রতিষ্ঠানে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মূল্যতকৈও কম দামত সন্দেহজনক ঔষধ বিক্ৰী কৰি থকাৰ সমস্ত তথ্য কামৰূপৰ ঔষধ নিয়ন্ত্রক বিশ্বজিত তালুকদাৰে জনাৰ পাছতো কোনো ব্যৱস্থা গ্রহণ কৰা নাই।
এছ'চিয়েশ্যনৰ বিষয়ববীয়াই কয় যে ঔষধ নিয়ন্ত্ৰকৰ এনে ভূমিকাত তেওঁলোক স্তম্ভিত হৈ পৰিছে, কাৰণ এই বেপাৰীবোৰে চৰকাৰী বিষয়াৰ ৰহস্যজনক নীৰৱতাৰ বাবেই ভেজাল ঔষধ মুকলিভাৱে বিক্ৰী কৰি থাকিব পাৰিছে। কেন্দ্রীয় চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মূল্যতকৈও কম মূল্যত এই ঔষধসমূহ কেনেদৰে বিক্ৰী কৰি থাকিব পাৰিছে সেয়া নিশ্চিত কৰিবৰ কাৰণে ড্রাগ্ ডীলাৰ্ছ এছ'চিয়েশ্যনৰ তৰফৰ পৰা নিৰ্দিষ্ট ঔষধ কোম্পানীৰ লগতো যোগাযোগ কৰা হৈছিল।
কিন্তু অস্বস্তিজনক কথা এয়ে যে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত বিক্রী হৈ থকা ঔষধসমূহ কোম্পানীৰ আচল ঔষধ নহয় বুলি জানিবলৈ দিছিল বুলি বিষয়ববীয়াসকলে জানিবলৈ দিয়ে। তেওঁলোকে লগতে এইবুলিও কয় যে সমগ্র অসমত ঔষধ যোগান ধৰা এই চাৰিটা বৃহৎ পাইকাৰী ব্যৱসায়ী।
উৎস: দৈনিক জনমভূমি