--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দেশখনৰ অভ্যন্তৰীণ মন্ত্রী মহছিন নাকভীয়ে ক'বলৈ বাধ্য হৈছে যে পাকিস্তানত চৰকাৰী প্রশাসন যন্ত্র বিকল হৈছে। ইয়াৰ মাজতে চর্চা আৰম্ভ হৈছে যে সেনাৰ মুৰব্বী ফিল্ড মাৰ্শ্বাল আছিম মুনিৰে সংঘর্ষজর্জৰ পাকিস্তানৰ শাসনভাৰ লোৱাৰ প্রস্তুতি চলাইছে।

ডিজিটেল ডেস্ক: ছৌডি আৰব, তুৰস্কৰ সৈতে ত্রিপাক্ষিক সামৰিক চুক্তি কৰি 'ইছলামিক নাটো' গঠন কৰিলেও পাকিস্তানত আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে। প্রতিৰক্ষা বিশেষজ্ঞসকলৰ মতে, পাকিস্তানৰ বিদেশ নীতিয়ে এটা সুচল পর্যায় পাইছে যদিও দেশখনৰ আভ্যন্তৰীণ দিশত চৰম বিপর্যয় আহিছে। 


পাকিস্তানৰ দুখন প্রদেশ বেলুচিস্তান আৰু খাইবাৰ পাখতুনখোৱাত বিদ্রোহে অগ্নিগর্ভ কৰি তুলিছে। বেলুচিস্তানত বেলুচ যুঁজাৰুৱে (বেলুচিস্তান লিবাৰেশ্যন আর্মি) ইতিমধ্যে ১১ আগষ্টত ৮৫ শতাংশ অঞ্চল স্বাধীন বুলি ঘোষণা কৰিছে। ঠিক সেইদৰে পাকিস্তানব দক্ষিণ-পশ্চিমৰ প্রদেশ খাইবাৰ পাখতুনখোৱাত পাকিস্তানী নিৰাপত্তা বাহিনীৰ বিৰুদ্ধে আক্রমণ অব্যাহত বাখিছে। 


আনহাতে, পাকিস্তানৰ পৰা স্বাধীনতা বিচাৰি পি অ' কেত (পাকিস্তান অধিকৃত কাশ্মীৰ) জনতাই প্রবল প্রতিবাদ অব্যাহত ৰাখিছে। শোষিত, পীড়িত জনতাৰ প্রতিবাদ দমনৰ নামত পাকিস্তানী সেনাই নির্মভাৱে হত্যা কৰিছে প্রতিবাদকাৰীক। পি অ' কেবাসীয়ে অহা ১৪ আগষ্টত পাকিস্তানৰ স্বাধীনতা দিৱস 'ক'লা দিৱস' হিচাপে পালন কৰাৰ বিষয়ে ঘোষণা কৰিছে। 


দেশখনৰ অভ্যন্তৰীণ মন্ত্রী মহছিন নাকভীয়ে ক'বলৈ বাধ্য হৈছে যে পাকিস্তানত চৰকাৰী প্রশাসন যন্ত্র বিকল হৈছে। ইয়াৰ মাজতে চর্চা আৰম্ভ হৈছে যে সেনাৰ মুৰব্বী ফিল্ড মাৰ্শ্বাল আছিম মুনিৰে সংঘর্ষজর্জৰ পাকিস্তানৰ শাসনভাৰ লোৱাৰ প্রস্তুতি চলাইছে। উল্লেখযোগ্য যে যোৱা ৯ আগষ্ট দেশখনত হোৱা ইক'নমিক ছামিটত অভ্যন্তৰীণ মন্ত্রী নাকভীয়ে কয় যে পাকিস্তানৰ শতিকা পুৰণি ৰাজনৈতিক গাঁথনি দুর্বল হৈ পৰিছে। দেশখনৰ ৰাজনৈতিক নেতাসকল আৰু সামৰিক মুৰব্বী আছিম মুনিৰে সময়োচিত ব্যবস্থা নল'লে পাকিস্তান বিধ্বস্ত হ'ব বুলি নাকভীয়ে দাবী কৰে।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী