--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দেশখনৰ অভ্যন্তৰীণ মন্ত্রী মহছিন নাকভীয়ে ক'বলৈ বাধ্য হৈছে যে পাকিস্তানত চৰকাৰী প্রশাসন যন্ত্র বিকল হৈছে। ইয়াৰ মাজতে চর্চা আৰম্ভ হৈছে যে সেনাৰ মুৰব্বী ফিল্ড মাৰ্শ্বাল আছিম মুনিৰে সংঘর্ষজর্জৰ পাকিস্তানৰ শাসনভাৰ লোৱাৰ প্রস্তুতি চলাইছে।

ডিজিটেল ডেস্ক: ছৌডি আৰব, তুৰস্কৰ সৈতে ত্রিপাক্ষিক সামৰিক চুক্তি কৰি 'ইছলামিক নাটো' গঠন কৰিলেও পাকিস্তানত আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে। প্রতিৰক্ষা বিশেষজ্ঞসকলৰ মতে, পাকিস্তানৰ বিদেশ নীতিয়ে এটা সুচল পর্যায় পাইছে যদিও দেশখনৰ আভ্যন্তৰীণ দিশত চৰম বিপর্যয় আহিছে। 


পাকিস্তানৰ দুখন প্রদেশ বেলুচিস্তান আৰু খাইবাৰ পাখতুনখোৱাত বিদ্রোহে অগ্নিগর্ভ কৰি তুলিছে। বেলুচিস্তানত বেলুচ যুঁজাৰুৱে (বেলুচিস্তান লিবাৰেশ্যন আর্মি) ইতিমধ্যে ১১ আগষ্টত ৮৫ শতাংশ অঞ্চল স্বাধীন বুলি ঘোষণা কৰিছে। ঠিক সেইদৰে পাকিস্তানব দক্ষিণ-পশ্চিমৰ প্রদেশ খাইবাৰ পাখতুনখোৱাত পাকিস্তানী নিৰাপত্তা বাহিনীৰ বিৰুদ্ধে আক্রমণ অব্যাহত বাখিছে। 


আনহাতে, পাকিস্তানৰ পৰা স্বাধীনতা বিচাৰি পি অ' কেত (পাকিস্তান অধিকৃত কাশ্মীৰ) জনতাই প্রবল প্রতিবাদ অব্যাহত ৰাখিছে। শোষিত, পীড়িত জনতাৰ প্রতিবাদ দমনৰ নামত পাকিস্তানী সেনাই নির্মভাৱে হত্যা কৰিছে প্রতিবাদকাৰীক। পি অ' কেবাসীয়ে অহা ১৪ আগষ্টত পাকিস্তানৰ স্বাধীনতা দিৱস 'ক'লা দিৱস' হিচাপে পালন কৰাৰ বিষয়ে ঘোষণা কৰিছে। 


দেশখনৰ অভ্যন্তৰীণ মন্ত্রী মহছিন নাকভীয়ে ক'বলৈ বাধ্য হৈছে যে পাকিস্তানত চৰকাৰী প্রশাসন যন্ত্র বিকল হৈছে। ইয়াৰ মাজতে চর্চা আৰম্ভ হৈছে যে সেনাৰ মুৰব্বী ফিল্ড মাৰ্শ্বাল আছিম মুনিৰে সংঘর্ষজর্জৰ পাকিস্তানৰ শাসনভাৰ লোৱাৰ প্রস্তুতি চলাইছে। উল্লেখযোগ্য যে যোৱা ৯ আগষ্ট দেশখনত হোৱা ইক'নমিক ছামিটত অভ্যন্তৰীণ মন্ত্রী নাকভীয়ে কয় যে পাকিস্তানৰ শতিকা পুৰণি ৰাজনৈতিক গাঁথনি দুর্বল হৈ পৰিছে। দেশখনৰ ৰাজনৈতিক নেতাসকল আৰু সামৰিক মুৰব্বী আছিম মুনিৰে সময়োচিত ব্যবস্থা নল'লে পাকিস্তান বিধ্বস্ত হ'ব বুলি নাকভীয়ে দাবী কৰে।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ