--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • নাটালিয়ে ট্ৰাম্পলৈ ইমান সঘনাই ইতিবাচক খবৰ, ছ’চিয়েল মিডিয়াৰ পোষ্ট আৰু বিভিন্ন চিঠি-পত্ৰ প্ৰেৰণ কৰিছিল যে ট্ৰাম্পৰ মিত্ৰসকলে তেওঁক ‘মানৱ প্ৰিণ্টাৰ’ বুলি নাম দিছিল।

ডিজিটেল ডেস্ক: সময়টো আছিল ২০২৩ চনৰ অক্টোবৰ। নিজৰ বিৰুদ্ধে চলি থকা কেইবাটাও গোচৰৰ শুনানিৰ বাবে নিউয়ৰ্ক চহৰৰ আদালতলৈ যাবলগীয়া হৈছিল ড’নাল্ড ট্ৰাম্প। ট্ৰাম্প টাৱাৰৰ বাসভৱনৰ বাহিৰত ট্ৰাম্পৰ গাড়ীৰ কনভয় সাজু হৈ থকাৰ সময়তে তেওঁৰ কৰ্মচাৰীসকলে আন এক ডাঙৰ সমস্যাৰ সন্মুখীন হয়।


গাড়ীত নাটালি হাৰ্পৰ বাবে কোনো আসন নাছিল। তেতিয়ালৈকে ট্ৰাম্পৰ প্ৰতি দেখুওৱা অত্যন্ত আনুগত্যৰ বাবেই তেওঁ অতি কম সময়ৰ ভিতৰতে ট্ৰাম্পৰ ঘনিষ্ঠ বলয়ত নিজৰ স্থান শক্তিশালী কৰি তুলিছিল।


ঘটনাটোৰ বিষয়ে অৱগত দুটা সূত্ৰই CNNক জনোৱা মতে, গাড়ীৰ আসনক লৈ ট্ৰাম্প টাৱাৰৰ লবীত তীব্ৰ চিঞৰ-বাখৰ আৰু তৰ্ক-বিতৰ্কৰ সৃষ্টি হয়। নাটালিয়ে দাবী কৰিছিল যে ট্ৰাম্পে নিজেই তেওঁক আদালতৰ শুনানিত উপস্থিত থাকিবলৈ কৈছিল। CNNৰ হাতত থকা এখন ছবিয়েও ঘটনাটোৰ সত্যতা নিশ্চিত কৰিছে।


সূত্ৰ দুটাৰ মতে, গাড়ীত আসন নোপোৱাৰ পাছতো নাটালি পিছুৱাই যাবলৈ সাজু নাছিল। অৱশেষত তেওঁ ট্ৰাম্পৰ গাড়ীৰ কনভয়ৰ এখন SUVৰ ট্ৰাংক অৰ্থাৎ গাড়ীৰ পিছফালে থকা খালী অংশত জঁপিয়াই উঠি পৰে। সাধাৰণতে এই অংশত লাগেজ বা অন্যান্য সামগ্ৰী ৰখা হয়।


ঘটনাটো পূৰ্বে প্ৰকাশ পোৱা নাছিল। কিন্তু সাম্প্ৰতিক বছৰবোৰত ট্ৰাম্পৰ কাষত এগৰাকী সৰ্বক্ষণ উপস্থিত আৰু অত্যন্ত অনুগত সহযোগী হিচাপে নাটালিয়ে গঢ়ি তোলা ভূমিকাৰ এক স্পষ্ট ছবি এই ঘটনাই দাঙি ধৰে।


CNNৰ সৈতে কথা পতা একাধিক সূত্ৰৰ মতে, নাটালিৰ কাম কৰাৰ ধৰণে ট্ৰাম্পৰ জ্যেষ্ঠ সহযোগীসকলক অসন্তুষ্ট কৰিছে। আনকি কোনো কোনো সময়ত তেওঁক ৰাষ্ট্ৰপতিৰ ঘনিষ্ঠ বলয়ৰ পৰা আঁতৰাই ৰখাৰ চেষ্টাও কৰা হৈছিল।


টেলিভিছন চেনেলৰ প্ৰাক্তন উপস্থাপিকা নাটালিয়ে ট্ৰাম্পক তেওঁৰ জীৱন ৰক্ষা কৰাৰ কৃতিত্ব দিয়াৰ পাছতেই ৰাষ্ট্ৰপতিৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পাছত লাহে লাহে তেওঁ ৰাষ্ট্ৰপতি আৰু বাহিৰৰ জগতখনৰ মাজত এক গুৰুত্বপূৰ্ণ সংযোগসূত্ৰ হৈ পৰে।


ট্ৰাম্পৰ ওচৰলৈ মিত্ৰসকলৰ বাৰ্তা পঠিওৱাৰ পৰা আৰম্ভ কৰি বৈঠকৰ আয়োজন, Truth Socialত পোষ্ট লিখা আৰু ট্ৰাম্পৰ প্ৰশংসা কৰা বিভিন্ন প্ৰবন্ধৰ প্ৰিণ্টআউট লৈ ফুৰা—প্ৰায় সকলো কামেই তেওঁ কৰে। দিনটোৰ প্ৰায় প্ৰতিটো মুহূৰ্ততে তেওঁ ট্ৰাম্পৰ একেবাৰে ওচৰত থাকে।


হোৱাইট হাউছৰ এগৰাকী উপদেষ্টাই CNNক কয় যে ট্ৰাম্পে নাটালিৰ এই মনোযোগ ভাল পায়। তেওঁ নাটালিৰ শতভাগ দায়বদ্ধতা আৰু আনুগত্যকো পছন্দ কৰে। উপদেষ্টাগৰাকীৰ মতে, নাটালিয়ে কোনো দ্বিধা নকৰে আৰু কোনো প্ৰশ্নও নোতোলে।


শেহতীয়াকৈ ডেম’ক্ৰেটিক দলৰ ছিনেটৰ জন অসফে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক আক্ৰমণ কৰি দিয়া এটা ভাইৰেল ভাষণত পোনপটীয়াকৈ নাটালিৰ নাম উল্লেখ কৰে। ইয়াৰ পাছতে ট্ৰাম্পৰ সৈতে নাটালিৰ সম্পৰ্ক পুনৰ চৰ্চাৰ কেন্দ্ৰলৈ আহিছে।


জৰ্জিয়াৰ এই ছিনেটৰগৰাকীয়ে ৰাষ্ট্ৰপতিক কটাক্ষ কৰি কয় যে কাটাৰৰ ধন কুবেৰে উপহাৰ দিয়া ‘উৰণীয়া প্ৰসাদ’ সদৃশ বিমানত নাটালিৰ সৈতে ট্ৰাম্পে ভ্ৰমণ কৰে।


মূলতঃ যোৱা জুলাই মাহত ইৰাণৰ ভাবুকিৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰপতিয়ে এখন সৰু বিমানত উঠি গোপনে তুৰস্ক এৰি যোৱাৰ সময়ত অতি সৰু এটা সহযোগীৰ দলৰ সৈতে নাটালিৰ উপস্থিতিৰ কথাক লৈয়ে অসফে ইংগিত কৰিছিল।


এই মন্তব্যক লৈ হোৱাইট হাউছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। হোৱাইট হাউছে অসফক ‘লজ্জাজনক আৰু সস্তীয়া নাটক কৰা ব্যক্তি’ তথা ‘দুৰ্বল পৰাজিত’ আখ্যা দি তীব্ৰ সমালোচনা কৰে। একে সময়তে তেওঁৰ বক্তব্য অনলাইনতো ব্যাপকভাৱে চৰ্চিত হয়।


২০২২ চনত ট্ৰাম্পৰ কৰ্মী বাহিনীত যোগদান কৰাৰ পাছৰে পৰা ৰাষ্ট্ৰপতিৰ প্ৰতি দেখুওৱা চৰম আনুগত্যৰ বাবেই ট্ৰাম্পৰ জগতখনত নাটালিৰ দ্ৰুত উত্থান বিশেষভাৱে চকুত পৰিছে। ট্ৰাম্পৰ পুনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত কোনো আনুষ্ঠানিক পদবী নথকাৰ পাছতো নাটালি সমগ্ৰ দেশতে তেওঁৰ সৈতে ছাঁৰ দৰে ঘূৰি ফুৰিছিল।


নাটালিয়ে ট্ৰাম্পলৈ ইমান সঘনাই ইতিবাচক খবৰ, ছ’চিয়েল মিডিয়াৰ পোষ্ট আৰু বিভিন্ন চিঠি-পত্ৰ প্ৰেৰণ কৰিছিল যে ট্ৰাম্পৰ মিত্ৰসকলে তেওঁক ‘মানৱ প্ৰিণ্টাৰ’ বুলি নাম দিছিল।


ট্ৰাম্পৰ বাবে নাটালি কিমান গুৰুত্বপূৰ্ণ হৈ পৰিছে, তাৰ উদাহৰণ দিবলৈ এগৰাকী ৰিপাব্লিকান আইনপ্ৰণেতাই কয় যে তেওঁলোকে মাজে-সময়ে পোনপটীয়াকৈ ৰাষ্ট্ৰপতিৰ সৈতে যোগাযোগ কৰে যদিও সদায় নিশ্চিত কৰে যে নাটালিও বিষয়টোৰ বিষয়ে অৱগত থাকে।


আইনপ্ৰণেতাগৰাকীয়ে কয়, “তেওঁ সদায় উত্তৰ দিয়ে। তেওঁ কেনেকৈ সকলো কাম চম্ভালে, মই নাজানো।” তেওঁৰ মতে, ট্ৰাম্পলৈ বাৰ্তা পঠিওৱাৰ উপৰি নাটালিয়ে নিজে নিজে ৰাষ্ট্ৰপতিৰ হৈ আইনপ্ৰণেতাসকললৈ বিভিন্ন প্ৰবন্ধ আৰু টোকাও প্ৰেৰণ কৰে।


ট্ৰাম্পৰ পিছে পিছে হোৱাইট হাউছলৈ অহাৰ পাছৰে পৰা একাধিক সূত্ৰই জনোৱা মতে, প্ৰায় সকলো ঠাইতে নাটালিক দেখা যায়। ওভাল অফিচত বিভিন্ন চুক্তিত স্বাক্ষৰ কৰা আৰু অনুষ্ঠানৰ ভিডিঅ’ পৰ্যালোচনা কৰি CNN-এ দেখিছে যে কোঠাটোৰ এটা চুকত নাটালিক হাঁহিমুখে থিয় হৈ থকা অথবা ৰাষ্ট্ৰপতিয়ে কথা কোৱাৰ সময়ত সন্মতি জনাই মূৰ দুপিয়াই থকা দেখা যায়।


ট্ৰাম্প বিভিন্ন জনসভালৈ গ’লেও তেওঁৰ কাষত থকা সৰু সহযোগীৰ দলটোত প্ৰায়েই নাটালি থাকে।


সকলো ঠাইতে নাটালিৰ এনে উপস্থিতিয়ে অৱশ্যে মাজে-সময়ে হোৱাইট হাউছৰ আন কৰ্মচাৰীসকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰিছে। বিশেষকৈ ট্ৰাম্পৰ কিছুমান উপদেষ্টাৰ বাবে বিষয়টো সমস্যাজনক হৈ পৰিছে। তেওঁলোকে ৰাষ্ট্ৰপতিৰ সৈতে একান্ত বৈঠক কৰিব বিচাৰে, কিন্তু বহু সময়ত গৈ দেখে যে সেই বৈঠকতো নাটালি উপস্থিত আছে।


এনে পৰিস্থিতিৰ বিষয়ে অৱগত এগৰাকী সূত্ৰই CNNক এই কথা নিশ্চিত কৰিছে। আন এগৰাকী সূত্ৰৰ মতে, ৩৫ বছৰীয়া নাটালি ট্ৰাম্পক লৈ যথেষ্ট সচেতন। তেওঁ আন লোকক কৈ থাকে যে তেওঁ কেৱল ট্ৰাম্পৰ ওচৰতহে জবাবদিহি কৰে। তেওঁৰ এনে মন্তব্যই হোৱাইট হাউছৰ আন কৰ্মচাৰীসকলক অসন্তুষ্ট কৰে, কিয়নো তেওঁলোকে প্ৰশাসনৰ আনুষ্ঠানিক চেইন অৱ কমাণ্ড অনুসৰণ কৰি কাম কৰে।


অৱশ্যে হোৱাইট হাউছৰ এগৰাকী বিষয়াই এই অভিযোগক গুৰুত্বহীন বুলি অভিহিত কৰি কয় যে নাটালিয়ে অধিকাংশ সহকৰ্মীৰ সৈতেই ভালদৰে কাম কৰে। তেওঁ বিভিন্ন বিবৃতি প্ৰস্তুত কৰাত সহায় কৰাৰ লগতে প্ৰাসংগিক তথ্য সঠিক ব্যক্তিৰ ওচৰলৈ পঠিয়ায়।


যোৱা মঙলবাৰে এক বিবৃতিত হোৱাইট হাউছৰ মুখপাত্ৰ ডেভিছ ইঙ্গলেও নাটালিৰ পক্ষত থিয় হৈ কয় যে তেওঁ “ৰাষ্ট্ৰপতি ট্ৰাম্পৰ দলৰ অন্যতম অনুগত আৰু কঠোৰ পৰিশ্ৰমী সহযোগী।”


ডেম’ক্ৰেট ছিনেটৰ অসফে নাটালি আৰু ট্ৰাম্পক লৈ কৰা মন্তব্যক হোৱাইট হাউছৰ ঘনিষ্ঠ লোকসকলেও তীব্ৰ সমালোচনা কৰিছে। তেওঁলোকৰ যুক্তি—সাধাৰণ ভোটাৰৰ মাজত প্ৰায় অপৰিচিত আৰু নিজৰ প্ৰতি জনসাধাৰণৰ মনোযোগ আকৰ্ষণ কৰিব পৰাকৈ বিশেষ একো কৰিব নোৱাৰা এগৰাকী ৰাজনীতিকে ৰাষ্ট্ৰপতিৰ এগৰাকী সহযোগীক লৈ মিছা ইংগিত দিছে।


ট্ৰাম্প আৰু নাটালিৰ সম্পৰ্কৰ বিষয়ে অৱগত এগৰাকী ব্যক্তিয়ে দাবী কৰে যে তেওঁলোকৰ সম্পৰ্ক মূলতঃ “পিতৃ-কন্যাৰ দৰে।”


ৱেষ্ট উইঙত নাটালিৰ অস্বাভাৱিক প্ৰভাৱক লৈ বহুদিন ধৰি সতৰ্ক হৈ থকা লোকসকলেও এতিয়া বুজিব পৰা নাই যে নতুনকৈ সৃষ্টি হোৱা এই বিতৰ্কই হোৱাইট হাউছত নাটালিৰ স্থানত কোনো প্ৰভাৱ পেলাব নেকি। বিশেষকৈ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ওচৰত তেওঁৰ গুৰুত্ব কমিব নেকি—সেই বিষয়টোৱেই এতিয়া চৰ্চাৰ কেন্দ্ৰত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ট্ৰাম্প-নাটালিক লৈ তুংগত চৰ্চা! কোন এই নাটালি, যিয়ে কম সময়তে লাভ কৰিলে ৰাষ্ট্ৰপতিৰ ঘনিষ্ঠ মহলত বিশেষ স্থান?
লং খায়নে? এই মছলাবিধৰ আছে নানা উপকাৰী গুণাগুণ
চেন্নাইস্থিত চিএছআইআৰ-এছইআৰচি ভ্ৰমণ অসমৰ সংবাদ মাধ্যমৰ সম্পাদক-প্ৰতিনিধি দলৰ
গোসাঁইগাঁৱত ড্ৰাগছসহ আটক এজন
উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সামুদ্ৰিক শিক্ষা আৰু কেৰিয়াৰৰ সুযোগ সম্প্ৰসাৰণত গুৰুত্ব আৰোপ কৰিছে ‘ভাৰতীয় সামুদ্ৰিক বিশ্ববিদ্যালয়’য়ে
PIBৰ উদ্যোগত অসমৰ সংবাদ প্ৰতিষ্ঠানৰ ১১জনীয়া সম্পাদক দলৰ ৫দিনীয়া তামিলনাডু ভ্ৰমণ আৰম্ভ
দেশত ৯ মাহ ধৰি বৃদ্ধি মুদ্রাস্ফীতি; খাদ্য-সামগ্ৰীৰ আকাশলংঘী দামৰ পৰিণতি
ভাৰতত টি-২০ শৃংখলা খেলিব আফগানিস্তানে; দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেল
গুৱাহাটীত আজি ডুৰাণ্ড কাপৰ অন্তিম মেচ
মেৰাপানীত দোকানৰ পৰা ২০ হাজাৰ টকা চুৰি কৰা চোৰক উত্তম মধ্যম ৰাইজৰ
চকুত কাপোৰ বান্ধি ৫৫ ছেকেণ্ডতে ১৪ গৰাকী মহান ব্যক্তিৰ ছবি চিনাক্ত! 'অসম বুক অৱ ৰেকৰ্ডছ'ত নাম অন্তৰ্ভুক্ত গৌৰীপুৰৰ কণমানি ইফা হকৰ
সৰুপথাৰত মৰ্মান্তিক ঘটনা; মুকলিকৈ পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি শিশুৰ মৃত্যু
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰতিবেদন; লালকিল্লাত বিস্ফোৰণ ঘটাইছিল আল-কায়দাই
গ্রাহকলৈ ‘ৰিলায়েন্স ডিজিটেল’ৰ বিশেষ অফাৰ