--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শেহতীয়াকৈ তেহৰান প্রশাসনে হৰমুজ জলপথ মুকলি কৰাৰ ক্ষেত্ৰত আমেৰিকাক কেইবাটাও চৰ্ত পূৰণৰ দাবী জনাইছে। ইৰানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে প্রকাশ কৰিছে যে আমেৰিকা যুক্তৰাষ্ট্ৰই যেতিয়ালৈকে নিজৰ স্বভাৱ সলনি নকৰে, তেতিয়ালৈকে হৰমুজ প্রণালী মুকলি কৰা নহ'ব।

ডিজিটেল ডেস্ক: বিশ্ব বাণিজ্যৰ অন্যতম গুৰুত্বপূৰ্ণ পথ হৰমুজ প্রণালী মুকলি হোৱাৰ ক্ষেত্ৰত পুনৰ প্রশ্নবোধক চিহ্নৰ সৃষ্টি হৈছে। দিনচেৰেক পূৰ্বে ইৰানৰ বিদেশ মন্ত্র্যালয়ে প্রকাশ কৰিছিল যে দেশখনে ওমানৰে বুজাবুজিৰ পাছতে হৰমুজ প্রণালী পুনৰ মুকলি কৰি দিব। কিন্তু শেহতীয়াকৈ তেহৰান প্রশাসনে হৰমুজ জলপথ মুকলি কৰাৰ ক্ষেত্ৰত আমেৰিকাক কেইবাটাও চৰ্ত পূৰণৰ দাবী জনাইছে। ইৰানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে প্রকাশ কৰিছে যে আমেৰিকা যুক্তৰাষ্ট্ৰই যেতিয়ালৈকে নিজৰ স্বভাৱ সলনি নকৰে, তেতিয়ালৈকে হৰমুজ প্রণালী মুকলি কৰা নহ'ব। 


তদুপৰি উল্লেখ কৰে যে আমি আমাৰ দাবীসমূহৰ পৰা আঁতৰি নাহোঁ, লাগিলে পুনৰ যুদ্ধত অৱতীৰ্ণ হ'ম। উল্লেখযোগ্য যে ইৰানে মার্কিন প্রশাসনৰ ওচৰত কেই বাটাও দাবী উত্থাপন কৰিছে। ইৰানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিব মহম্মদ বাঘেৰ জুলঘাদৰৰ মন্তব্যৰ ভিত্তিত দেশখনৰ সংবাদ মাধ্যমে প্রকাশ কৰিছে যে পুনৰ ইৰানক ভাবুকি দিব নোৱাৰিব। তদুপৰি ইৰান আৰু ইয়াৰ সহযোগী দেশসমূহৰ লগত আমেৰিকাই চলাই থকা যুদ্ধখন স্থায়ীভাবে বন্ধ কৰিব লাগিব। 


আনফালে ইৰানৰ বন্দৰসমূহত মার্কিন অৱৰোধ উঠাই লোৱাৰ লগতে মধ্যপ্রাচ্যৰ পৰা মার্কিন সেনা প্রত্যাহাৰ কৰিব লাগিব। আমেৰিকাই বৰ্তমানলৈকে ইৰানৰ দাবী সন্দৰ্ভত কোনো তাৎক্ষণিক প্রতিক্রিয়া প্রকাশ কৰা নাই।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ