--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শেহতীয়াকৈ তেহৰান প্রশাসনে হৰমুজ জলপথ মুকলি কৰাৰ ক্ষেত্ৰত আমেৰিকাক কেইবাটাও চৰ্ত পূৰণৰ দাবী জনাইছে। ইৰানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে প্রকাশ কৰিছে যে আমেৰিকা যুক্তৰাষ্ট্ৰই যেতিয়ালৈকে নিজৰ স্বভাৱ সলনি নকৰে, তেতিয়ালৈকে হৰমুজ প্রণালী মুকলি কৰা নহ'ব।

ডিজিটেল ডেস্ক: বিশ্ব বাণিজ্যৰ অন্যতম গুৰুত্বপূৰ্ণ পথ হৰমুজ প্রণালী মুকলি হোৱাৰ ক্ষেত্ৰত পুনৰ প্রশ্নবোধক চিহ্নৰ সৃষ্টি হৈছে। দিনচেৰেক পূৰ্বে ইৰানৰ বিদেশ মন্ত্র্যালয়ে প্রকাশ কৰিছিল যে দেশখনে ওমানৰে বুজাবুজিৰ পাছতে হৰমুজ প্রণালী পুনৰ মুকলি কৰি দিব। কিন্তু শেহতীয়াকৈ তেহৰান প্রশাসনে হৰমুজ জলপথ মুকলি কৰাৰ ক্ষেত্ৰত আমেৰিকাক কেইবাটাও চৰ্ত পূৰণৰ দাবী জনাইছে। ইৰানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে প্রকাশ কৰিছে যে আমেৰিকা যুক্তৰাষ্ট্ৰই যেতিয়ালৈকে নিজৰ স্বভাৱ সলনি নকৰে, তেতিয়ালৈকে হৰমুজ প্রণালী মুকলি কৰা নহ'ব। 


তদুপৰি উল্লেখ কৰে যে আমি আমাৰ দাবীসমূহৰ পৰা আঁতৰি নাহোঁ, লাগিলে পুনৰ যুদ্ধত অৱতীৰ্ণ হ'ম। উল্লেখযোগ্য যে ইৰানে মার্কিন প্রশাসনৰ ওচৰত কেই বাটাও দাবী উত্থাপন কৰিছে। ইৰানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিব মহম্মদ বাঘেৰ জুলঘাদৰৰ মন্তব্যৰ ভিত্তিত দেশখনৰ সংবাদ মাধ্যমে প্রকাশ কৰিছে যে পুনৰ ইৰানক ভাবুকি দিব নোৱাৰিব। তদুপৰি ইৰান আৰু ইয়াৰ সহযোগী দেশসমূহৰ লগত আমেৰিকাই চলাই থকা যুদ্ধখন স্থায়ীভাবে বন্ধ কৰিব লাগিব। 


আনফালে ইৰানৰ বন্দৰসমূহত মার্কিন অৱৰোধ উঠাই লোৱাৰ লগতে মধ্যপ্রাচ্যৰ পৰা মার্কিন সেনা প্রত্যাহাৰ কৰিব লাগিব। আমেৰিকাই বৰ্তমানলৈকে ইৰানৰ দাবী সন্দৰ্ভত কোনো তাৎক্ষণিক প্রতিক্রিয়া প্রকাশ কৰা নাই।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী