ডিজিটেল ডেস্ক: ৰূপহীহাটৰ বেলগুৰি কছাৰী গাঁৱৰ এগৰাকী কিশোৰ যোৱা শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ থকাৰ ঘটনাই অঞ্চলজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। ১৩ বছৰীয়া নিৰুদ্দেশ হোৱা কিশোৰজনৰ নাম আব্দুল চামাদ৷
পৰিয়ালৰ লোকে জানিব দিয়া মতে, যোৱা শুকুৰবাৰৰ পৰা আব্দুল চামাদৰ কোনো সন্ধান পোৱা হোৱা নাই।কিশোৰজন নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা পৰিয়ালৰ লোকে আত্মীয়-স্বজনৰ ঘৰ, পৰিচিত লোকৰ লগতে সম্ভাব্য বিভিন্ন স্থানত বিচাৰ-খোঁচাৰ চলাই আহিছে যদিও বৰ্তমানলৈকে কিশোৰজনৰ কোনো সন্ধান লাভ কৰা নাই।
কোনো সদাশয় লোকে আব্দুল চামাদৰ কোনো সন্ধান পালে ৰূপহীহাট আৰক্ষী থানা বা পৰিয়ালৰ লোকক অৱগত কৰিবলৈ এই নম্বৰত ৮৪৭২০৩২৯৭০/ ৯৩৯৫২২৭৮৮৩ যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।