--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই পৰিস্থিতিত বাংলাদেশ এতিয়াও আশাবাদী যে ভাৰতৰ বিৰুদ্ধে শৃংখলা আয়োজন কৰা সম্ভৱ হ'ব। উল্লেখযোগ্য যে ভাৰতে ২০২৫ চনৰ আগষ্টত বাংলাদেশত উক্ত শৃংখলা খেলাৰ কথা আছিল।

ডিজিটেল ডেস্ক: ভাৰতৰ মাটিত তিনিখনীয়া টি-২০ ক্রিকেট শৃংখলা খেলিব বুলি বুধবাৰে হঠাৎ ঘোষণা কৰে আফগানিস্তান ক্রিকেট ব'র্ডে। ইয়াৰ ফলত ভাৰতীয় ক্রিকেট দলৰ বাংলাদেশ ভ্রমণ কাৰ্যতঃ বাতিল হয়। ভাৰত আৰু আফগানিস্তানৰ মাজৰ তিনিখনীয়া টি-২০ শৃংখলাৰ মেচসমূহ দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত ১৩, ১৫ আৰু ১৭ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। 

ইফালে, তিনিখন এদিনীয়া আৰু ৩খন টি-২০ মেচ খেলাৰ বাবে ভাৰতীয় দলটো ২৮ আগষ্টত বাংলাদেশলৈ যোৱাৰ কথা আছিল। এদিনীয়াৰ মেচ ১, ৩ আৰু ৬ ছেপ্টেম্বৰত আৰু টি-২০ৰ মেচ ৯, ১২ আৰু ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱাৰ কথা। অর্থাৎ বাংলাদেশৰ বিৰুদ্ধে শেষ টি-২০ মেচ আৰু আফগানিস্তানৰ বিৰুদ্ধে এখন টি-২০ মেচ একেটা দিনতে অনুষ্ঠিত হ'ব। ইয়াৰ ফলত বাংলাদেশ ভ্ৰমণলৈ জটিলতাৰ সৃষ্টি হৈছে। 

এই পৰিস্থিতিত বাংলাদেশ এতিয়াও আশাবাদী যে ভাৰতৰ বিৰুদ্ধে শৃংখলা আয়োজন কৰা সম্ভৱ হ'ব। উল্লেখযোগ্য যে ভাৰতে ২০২৫ চনৰ আগষ্টত বাংলাদেশত উক্ত শৃংখলা খেলাৰ কথা আছিল। কিন্তু বাংলাদেশৰ পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতি আৰু দুয়োখন দেশৰ মাজৰ ভূ-ৰাজনৈতিক উত্তেজনাৰ বাবে সেই শৃংখলা পিছুৱাই দিয়া হৈছিল।

উৎস: দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ