--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই পৰিস্থিতিত বাংলাদেশ এতিয়াও আশাবাদী যে ভাৰতৰ বিৰুদ্ধে শৃংখলা আয়োজন কৰা সম্ভৱ হ'ব। উল্লেখযোগ্য যে ভাৰতে ২০২৫ চনৰ আগষ্টত বাংলাদেশত উক্ত শৃংখলা খেলাৰ কথা আছিল।

ডিজিটেল ডেস্ক: ভাৰতৰ মাটিত তিনিখনীয়া টি-২০ ক্রিকেট শৃংখলা খেলিব বুলি বুধবাৰে হঠাৎ ঘোষণা কৰে আফগানিস্তান ক্রিকেট ব'র্ডে। ইয়াৰ ফলত ভাৰতীয় ক্রিকেট দলৰ বাংলাদেশ ভ্রমণ কাৰ্যতঃ বাতিল হয়। ভাৰত আৰু আফগানিস্তানৰ মাজৰ তিনিখনীয়া টি-২০ শৃংখলাৰ মেচসমূহ দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত ১৩, ১৫ আৰু ১৭ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। 


ইফালে, তিনিখন এদিনীয়া আৰু ৩খন টি-২০ মেচ খেলাৰ বাবে ভাৰতীয় দলটো ২৮ আগষ্টত বাংলাদেশলৈ যোৱাৰ কথা আছিল। এদিনীয়াৰ মেচ ১, ৩ আৰু ৬ ছেপ্টেম্বৰত আৰু টি-২০ৰ মেচ ৯, ১২ আৰু ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱাৰ কথা। অর্থাৎ বাংলাদেশৰ বিৰুদ্ধে শেষ টি-২০ মেচ আৰু আফগানিস্তানৰ বিৰুদ্ধে এখন টি-২০ মেচ একেটা দিনতে অনুষ্ঠিত হ'ব। ইয়াৰ ফলত বাংলাদেশ ভ্ৰমণলৈ জটিলতাৰ সৃষ্টি হৈছে। 


এই পৰিস্থিতিত বাংলাদেশ এতিয়াও আশাবাদী যে ভাৰতৰ বিৰুদ্ধে শৃংখলা আয়োজন কৰা সম্ভৱ হ'ব। উল্লেখযোগ্য যে ভাৰতে ২০২৫ চনৰ আগষ্টত বাংলাদেশত উক্ত শৃংখলা খেলাৰ কথা আছিল। কিন্তু বাংলাদেশৰ পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতি আৰু দুয়োখন দেশৰ মাজৰ ভূ-ৰাজনৈতিক উত্তেজনাৰ বাবে সেই শৃংখলা পিছুৱাই দিয়া হৈছিল।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ