--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিবাহৰ পাছত ৰনাল্ডো আৰু জৰ্জিনাই ছ’চিয়েল মিডিয়াত এক বিশেষ ফটো শ্বেয়াৰ কৰে। ফটোখনত দুয়োৰে হাতত দেখা যায় বিবাহৰ আঙঠি।

ডিজিটেল ডেস্ক: বিশ্বৰ ফুটবলপ্ৰেমীৰ প্ৰিয় তাৰকা ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে আৰম্ভ কৰিলে জীৱনৰ নতুন অধ্যায়। দীৰ্ঘদিনীয়া প্ৰেমিকা জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল পৰ্তুগীজ ফুটবল তাৰকাগৰাকী। ১১ আগষ্টত পৰ্তুগালৰ মনোমোহা উপকূলীয় চহৰ কাস্কাইছত অতি ঘনিষ্ঠ পৰিসৰত অনুষ্ঠিত হয় তেওঁলোকৰ বিবাহ অনুষ্ঠান।


প্ৰায় এটা দশকজোৰা সম্পৰ্কৰ অন্তত ৰনাল্ডো আৰু জৰ্জিনাই নিজৰ প্ৰেমক দিলে নতুন পৰিচয়। ২০২৫ চনৰ আগষ্টত দুয়োৰে বাগদান হৈছিল আৰু তাৰ এবছৰৰ পাছতেই বিবাহপাশত আবদ্ধ হয় তেওঁলোক।


বিবাহৰ পাছত ৰনাল্ডো আৰু জৰ্জিনাই ছ’চিয়েল মিডিয়াত এক বিশেষ ফটো শ্বেয়াৰ কৰে। ফটোখনত দুয়োৰে হাতত দেখা যায় বিবাহৰ আঙঠি। এই ছবিৰ জৰিয়তেই তাৰকাদ্বয়ে তেওঁলোকৰ নতুন জীৱনৰ আৰম্ভণিৰ কথা অনুৰাগীসকলক জনায়।


বিশেষভাৱে চৰ্চিত হৈছে বিবাহ অনুষ্ঠানটোৰ সৰলতা আৰু ব্যক্তিগত পৰিৱেশ। একাধিক প্ৰতিবেদন অনুসৰি, অনুষ্ঠানটো আছিল যথেষ্ট ঘনিষ্ঠ আৰু পৰিয়ালকেন্দ্ৰিক। ৰনাল্ডো আৰু জৰ্জিনাৰ সন্তানসকলো এই বিশেষ মুহূৰ্তৰ সাক্ষী হয়।


ফুটবলৰ সেউজীয়া পথাৰত অসংখ্য অভিলেখ গঢ়া ৰনাল্ডোৰ ব্যক্তিগত জীৱনতো এই বিবাহে যেন আৰম্ভ কৰিলে এক নতুন ইনিংছ। বিশ্বজুৰি থকা অনুৰাগীয়ে এতিয়া ছ’চিয়েল মিডিয়াত এই তাৰকা দম্পতীক জনাইছে শুভেচ্ছা।


প্ৰেম, পৰিয়াল আৰু সফলতাৰ এক দীঘলীয়া যাত্ৰাৰ পাছত ৰনাল্ডো-জৰ্জিনাৰ এই নতুন অধ্যায়লৈ এতিয়া বিশ্বৰ ক্ৰীড়া অনুৰাগীৰে দৃষ্টি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ভয়ংকৰ নাও দুৰ্ঘটনা; একেটা পৰিয়ালৰ ৭টা শিশুসহ ১৩টা কণমানিৰ গংগাত সলিল সমাধি
চৰকাৰী কার্যসূচী লৈ ১৬ অক্টোবৰৰ পৰা ২২ অক্টোবৰলৈ পবিত্ৰ মাৰ্ঘেৰিটাৰ বিদেশ ভ্ৰমণ
তুলা ৰাশিত অস্ত হ’ব শুক্ৰ গ্ৰহৰ; ৪ ৰাশিৰ জাতক-জাতিকাৰ সমস্যা বৃদ্ধিৰ সম্ভাৱনা
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
তুলা ৰাশিত অস্ত হ’ব শুক্ৰ গ্ৰহৰ; ৪ ৰাশিৰ জাতক-জাতিকাৰ সমস্যা বৃদ্ধিৰ সম্ভাৱনা
চৰকাৰী কার্যসূচী লৈ ১৬ অক্টোবৰৰ পৰা ২২ অক্টোবৰলৈ পবিত্ৰ মাৰ্ঘেৰিটাৰ বিদেশ ভ্ৰমণ
বিহাৰত ভয়ংকৰ নাও দুৰ্ঘটনা; একেটা পৰিয়ালৰ ৭টা শিশুসহ ১৩টা কণমানিৰ গংগাত সলিল সমাধি
উভতি নহা বাটেৰে গুচি গ’ল নানা পাটেকাৰ; শোকস্তব্ধ দেশবাসী
খৈৰাবাৰীত লাভ জেহাদ! হিন্দু পৰিচয় দি ডিব্ৰুগড়ৰ নাবালিকাক পলুৱাই নিলে ধুবুৰীৰ যুৱকে