--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কার্বি আংলং মর্নিং ষ্টাৰৰ বাবে এই মেচ গুৰুত্বহীন। কাৰণ প্ৰথম দুখন মেচত পৰাস্ত হৈ দলটোৱে ইতিমধ্যে নকআউট সমীকৰণৰ পৰা বাহিৰ হৈছে।

ডিজিটেল ডেস্ক : গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত চলি থকা ১৩৫সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ আজি অন্তিমখন গ্রুপ মেচ অনুষ্ঠিত হ'ব। অজুর্ন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া গ্ৰুপ 'এফ'ৰ ষষ্ঠ মেচখনত অসমৰ দুই দল কাৰ্বি আংলং মর্নিং ষ্টাৰ এফ চি আৰু বড়োলেণ্ড এফ চি মুখামুখি হ'ব।


উল্লেখযোগ্য যে কার্বি আংলং মর্নিং ষ্টাৰৰ বাবে এই মেচ গুৰুত্বহীন। কাৰণ প্ৰথম দুখন মেচত পৰাস্ত হৈ দলটোৱে ইতিমধ্যে নকআউট সমীকৰণৰ পৰা বাহিৰ হৈছে। কিন্তু বড়োলেণ্ড এফ চিয়ে এই মেচখনত আশাৰে অৱতীৰ্ণ হ'ব। কার্বি আংলং মর্নিং ষ্টাৰক বৃহৎ ব্যৱধানত পৰাস্ত কৰিব পাৰিলে বড়োলেণ্ড এফ চিৰ কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জনৰ আশা এতিয়াও সজীৱ আছে। 


এইবাৰ ডুৰাণ্ড কাপত ছটা গ্ৰুপৰ শীৰ্ষ দলটোৰ লগতে দ্বিতীয় স্থানৰ শীর্ষ দুটা দলেও কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অর্জন কৰিব। গুৱাহাটীত হোৱা গ্রুপ 'এফ'ৰ পৰা শীর্ষ দলৰূপে নর্থ-ইষ্ট ইউনাইটেডে ইতিমধ্যে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আনহাতে, দুখন মেচৰ এখনত জয়ী হোৱা বড়োলেও এফ চিয়ে আজি অন্তিম মেচত জয়লাভ কৰিলে ছয় পইন্ট লাভ কৰিব। ছটা গ্ৰুপৰ দ্বিতীয় স্থানৰ দলৰ পৰা ইষ্ট বেংগলৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ প্রায় নিশ্চিত হৈছে। বাকী থকা এটা স্থানৰ বাবে দৌৰত আছে জামছেদপুৰ এফ চি, ছমলেশ্বৰী স্প'র্টিং আৰু বড়োলেও এফ চি। সেয়ে আজিৰ মেচখনত বড়োলেণ্ড এফ চিয়ে বৃহৎ ব্যৱধানত জয়ী হ'লে নকআউট ৰাউণ্ডলৈ যোগ্যতা অর্জন কৰাৰ সুযোগ আছে।


ইফালে, শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত আজি হ'বলগীয়া এখন গুৰুত্বপূৰ্ণ মেচত শ্বিলং লাজং এফ চি আৰু লালছিং এফ চি মুখামুখি হ'ব। এই মেচৰ বিজয়ী দলটোৱে গ্ৰুপত শীর্ষ হৈ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব। ইফালে, কালি হম্মলত হোৱা গ্রুপ 'ডি'ৰ অন্তিম মেচত নেৰ'কা এফ চিয়ে ৩-১ ত এফ চি ৰেংডাই দলক পৰাস্ত কৰে। ৰেংডাই দলে ইতিমধ্যে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাত এই মেচ গুৰুত্বহীন আছিল। উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ