--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কার্বি আংলং মর্নিং ষ্টাৰৰ বাবে এই মেচ গুৰুত্বহীন। কাৰণ প্ৰথম দুখন মেচত পৰাস্ত হৈ দলটোৱে ইতিমধ্যে নকআউট সমীকৰণৰ পৰা বাহিৰ হৈছে।

ডিজিটেল ডেস্ক : গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত চলি থকা ১৩৫সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ আজি অন্তিমখন গ্রুপ মেচ অনুষ্ঠিত হ'ব। অজুর্ন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া গ্ৰুপ 'এফ'ৰ ষষ্ঠ মেচখনত অসমৰ দুই দল কাৰ্বি আংলং মর্নিং ষ্টাৰ এফ চি আৰু বড়োলেণ্ড এফ চি মুখামুখি হ'ব।


উল্লেখযোগ্য যে কার্বি আংলং মর্নিং ষ্টাৰৰ বাবে এই মেচ গুৰুত্বহীন। কাৰণ প্ৰথম দুখন মেচত পৰাস্ত হৈ দলটোৱে ইতিমধ্যে নকআউট সমীকৰণৰ পৰা বাহিৰ হৈছে। কিন্তু বড়োলেণ্ড এফ চিয়ে এই মেচখনত আশাৰে অৱতীৰ্ণ হ'ব। কার্বি আংলং মর্নিং ষ্টাৰক বৃহৎ ব্যৱধানত পৰাস্ত কৰিব পাৰিলে বড়োলেণ্ড এফ চিৰ কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জনৰ আশা এতিয়াও সজীৱ আছে। 


এইবাৰ ডুৰাণ্ড কাপত ছটা গ্ৰুপৰ শীৰ্ষ দলটোৰ লগতে দ্বিতীয় স্থানৰ শীর্ষ দুটা দলেও কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অর্জন কৰিব। গুৱাহাটীত হোৱা গ্রুপ 'এফ'ৰ পৰা শীর্ষ দলৰূপে নর্থ-ইষ্ট ইউনাইটেডে ইতিমধ্যে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আনহাতে, দুখন মেচৰ এখনত জয়ী হোৱা বড়োলেও এফ চিয়ে আজি অন্তিম মেচত জয়লাভ কৰিলে ছয় পইন্ট লাভ কৰিব। ছটা গ্ৰুপৰ দ্বিতীয় স্থানৰ দলৰ পৰা ইষ্ট বেংগলৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ প্রায় নিশ্চিত হৈছে। বাকী থকা এটা স্থানৰ বাবে দৌৰত আছে জামছেদপুৰ এফ চি, ছমলেশ্বৰী স্প'র্টিং আৰু বড়োলেও এফ চি। সেয়ে আজিৰ মেচখনত বড়োলেণ্ড এফ চিয়ে বৃহৎ ব্যৱধানত জয়ী হ'লে নকআউট ৰাউণ্ডলৈ যোগ্যতা অর্জন কৰাৰ সুযোগ আছে।


ইফালে, শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত আজি হ'বলগীয়া এখন গুৰুত্বপূৰ্ণ মেচত শ্বিলং লাজং এফ চি আৰু লালছিং এফ চি মুখামুখি হ'ব। এই মেচৰ বিজয়ী দলটোৱে গ্ৰুপত শীর্ষ হৈ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব। ইফালে, কালি হম্মলত হোৱা গ্রুপ 'ডি'ৰ অন্তিম মেচত নেৰ'কা এফ চিয়ে ৩-১ ত এফ চি ৰেংডাই দলক পৰাস্ত কৰে। ৰেংডাই দলে ইতিমধ্যে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাত এই মেচ গুৰুত্বহীন আছিল। উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত