ডিজিটেল ডেস্ক: ১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (আই এম ডি) তথ্য অনুসৰি, ১৯০১ চনৰ পাছত চলিত বৰ্ষৰ আগষ্ট মাহত গৰমে অভিলেখ গঢ়িছে। এই অভূতপূর্ব গৰমৰ মূল কাৰণ হৈছে বৃষ্টিপাত হ্রাস আৰু প্রশান্ত মহাসাগৰত সক্রিয় হৈ থকা এল নিনোৰ প্রভাৱ। ২০২৬ চনৰ আগষ্ট মাহত ভাৰতত গড় উষ্ণতা আছিল ২৮.০১ ডিগ্ৰী চেলছিয়াছ, যিটো পূৰ্বৰ স্বাভাৱিক উষ্ণতা ২৭.০৪ ডিগ্রী চেলছিয়াছতকৈ বহু বেছি।
একেদৰে আগষ্ট মাহটোত সর্বনিম্ন গড় উষ্ণতাও আছিল ১৯০১ চনৰ পাছত সর্বাধিক (২৪.৩৬ ডিগ্রী চেলছিয়াছ) সমগ্র দেশজুৰি বাৰিষাৰ সময়ত বৃষ্টিপাত প্রায় ১৪ শতাংশ হ্রাস পাইছে। অকল আগষ্ট মাহতে স্বাভাৱিকতকৈ ১৬.৩ শতাংশ কম বৰষুণ হৈছে। পঞ্জাব, গুজৰাট, অন্ধ্র প্রদেশ, তামিলনাডু, ৰাজস্থান আদি ৰাজ্যত বৃষ্টিপাত যথেষ্ট হ্রাস পাইছে।
দেশৰ মুঠ ৭৪১খন জিলাৰ ভিতৰত প্রায় ৪৭ শতাংশ জিলাত (৩৫০খন জিলাত) এইবাৰ স্বাভাৱিকতকৈ যথেষ্ট কম বৰষুণৰ ৰেকৰ্ড কৰা হৈছে। কম বৃষ্টিপাতে সৃষ্টি কৰা খৰং সদৃশ পৰিস্থিতিৰ বাবে সমগ্র দেশতে খাৰিফ শস্যৰ খেতি ব্যাপকভাৱে প্ৰভাৱিত হৈছে। বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক মৃত্যুঞ্জয় মহাপাত্রই প্রকাশ কৰা অনুসৰি, চলিত ছেপ্টেম্বৰ মাহতো স্বাভাৱিকতকৈ কম বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। উৎস: দৈনিক জনমভূমি