--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পঞ্জাব, গুজৰাট, অন্ধ্র প্রদেশ, তামিলনাডু, ৰাজস্থান আদি ৰাজ্যত বৃষ্টিপাত যথেষ্ট হ্রাস পাইছে।

ডিজিটেল ডেস্ক: ১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (আই এম ডি) তথ্য অনুসৰি, ১৯০১ চনৰ পাছত চলিত বৰ্ষৰ আগষ্ট মাহত গৰমে অভিলেখ গঢ়িছে। এই অভূতপূর্ব গৰমৰ মূল কাৰণ হৈছে বৃষ্টিপাত হ্রাস আৰু প্রশান্ত মহাসাগৰত সক্রিয় হৈ থকা এল নিনোৰ প্রভাৱ। ২০২৬ চনৰ আগষ্ট মাহত ভাৰতত গড় উষ্ণতা আছিল ২৮.০১ ডিগ্ৰী চেলছিয়াছ, যিটো পূৰ্বৰ স্বাভাৱিক উষ্ণতা ২৭.০৪ ডিগ্রী চেলছিয়াছতকৈ বহু বেছি। 


একেদৰে আগষ্ট মাহটোত সর্বনিম্ন গড় উষ্ণতাও আছিল ১৯০১ চনৰ পাছত সর্বাধিক (২৪.৩৬ ডিগ্রী চেলছিয়াছ) সমগ্র দেশজুৰি বাৰিষাৰ সময়ত বৃষ্টিপাত প্রায় ১৪ শতাংশ হ্রাস পাইছে। অকল আগষ্ট মাহতে স্বাভাৱিকতকৈ ১৬.৩ শতাংশ কম বৰষুণ হৈছে। পঞ্জাব, গুজৰাট, অন্ধ্র প্রদেশ, তামিলনাডু, ৰাজস্থান আদি ৰাজ্যত বৃষ্টিপাত যথেষ্ট হ্রাস পাইছে। 


দেশৰ মুঠ ৭৪১খন জিলাৰ ভিতৰত প্রায় ৪৭ শতাংশ জিলাত (৩৫০খন জিলাত) এইবাৰ স্বাভাৱিকতকৈ যথেষ্ট কম বৰষুণৰ ৰেকৰ্ড কৰা হৈছে। কম বৃষ্টিপাতে সৃষ্টি কৰা খৰং সদৃশ পৰিস্থিতিৰ বাবে সমগ্র দেশতে খাৰিফ শস্যৰ খেতি ব্যাপকভাৱে প্ৰভাৱিত হৈছে। বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক মৃত্যুঞ্জয় মহাপাত্রই প্রকাশ কৰা অনুসৰি, চলিত ছেপ্টেম্বৰ মাহতো স্বাভাৱিকতকৈ কম বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী