--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মুদ্রাস্ফীতিৰ হাৰ সৰ্বাধিক হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হয় ইন্ধন তথা শক্তি খণ্ডত। ইয়াৰ লগতে খাদ্য সামগ্ৰীৰ পাইকাৰী মুদ্রাস্ফীতিৰ হাৰো বৃদ্ধি পায়।

ডিজিটেল ডেস্ক : ভয়াৱহ ৰূপত বৃদ্ধি পাইছে দেশৰ মুদ্রাস্ফীতিৰ হাৰ। পাইকাৰী আৰু খুচুৰা দুয়ো ক্ষেত্ৰত মুদ্রাস্ফীতি বৃদ্ধি পাইছে যদিও পাইকাৰী মুদ্রাস্ফীতিৰ এনে গতিত বৃদ্ধি পাইছে যে ই অচিৰে দুটা অংকৰ ঘৰ অতিক্ৰম কৰাৰ আশংকা আছে। আগষ্টত একেৰাহে দ্বিতীয় মাহৰ বাবে মুদ্রাস্ফীতিৰ হাৰ বৃদ্ধি পায়। খাদ্য সামগ্ৰীৰ পৰা ইন্ধন, বিদ্যুতকে ধৰি বিভিন্ন সামগ্ৰীৰ দাম আৰু মাচুল বৃদ্ধিৰ ফলতে সৃষ্টি হৈছে এই পৰিস্থিতিৰ। 


মুদ্রাস্ফীতিৰ হাৰ সৰ্বাধিক হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হয় ইন্ধন তথা শক্তি খণ্ডত। ইয়াৰ লগতে খাদ্য সামগ্ৰীৰ পাইকাৰী মুদ্রাস্ফীতিৰ হাৰো বৃদ্ধি পায়। যোৱা মাহত পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ ইয়াৰ আগৰ মাহৰ তুলনাত ০.১৪% বৃদ্ধি পাই ৯.২% হয়। ইয়াৰ আগতে জুলাই মাহত এই হাৰ ৯.৭৮% আছিল। আনহাতে, অহা মাহত পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ ১০ শতাংশৰ অধিক হোৱাৰো আশংকা কৰা হৈছে। কালি চৰকাৰে প্ৰকাশ কৰা তথ্য মতে, খাদ্য সামগ্ৰী, প্রক্রিয়াকৃত প্ৰস্তুত কৰা সামগ্ৰী আৰু ইন্ধন তথা বিদ্যুতৰ দাম বৃদ্ধিয়ে মুদ্রাস্ফীতিৰ হাৰ বৃদ্ধিত ইন্ধন যোগোয়। মনকৰিবলগীয়া দিশটো আছিল যোৱা মাহত ইন্ধন আৰু বিদ্যুতৰ দাম আন সকলো খণ্ডতকৈ অধিক হোৱাটো। 


আগষ্ট মাহত খাদ্য সামগ্ৰীৰ দামে পাইকাৰী মুদ্রাস্ফীতিত যথেষ্ট চাপৰ সৃষ্টি কৰে। আগষ্টত খাদ্য সামগ্ৰী মুদ্রাস্ফীতিৰ হাৰ ৭.০৫%লৈ বৃদ্ধি পায়। জুলাই মাহত খাদ্য সামগ্ৰীৰ মুদ্রাস্ফীতিৰ হাৰ আছিল ৬.৬৫%। উল্লেখযোগ্য যে দেশত কিছুমান অঞ্চলত বৰষুণ স্বাভাৱিক হোৱা নাই। ইয়াৰ ফলত কিছুমান খাদ্য সামগ্ৰীৰ উৎপাদনক লৈ উদ্বেগৰ সৃষ্টি হৈছে। যদি যোগান প্রভাৱিত হয় তেতিয়া অনাগত দিনবোৰত খাদ্য সামগ্ৰীৰ দাম আৰু অধিক বৃদ্ধি পাব পাৰে। যোৱা মাহত মুদ্রাস্ফীতিৰ হাৰ বৃদ্ধিত সৰ্বাধিক অৰিহণা আছিল ইন্ধন আৰু শক্তি খণ্ডৰ। এই শাখাৰ মুদ্রাস্ফীতিৰ হাৰ জুলাই মাহত ২০.৫%ৰ পৰা যোৱা মাহত ২২.৯৩%লৈ বৃদ্ধি পায়। ইন্ধন আৰু শক্তি সূচকাংক জুলাই মাহত ১০৫.৪ৰ পৰা বৃদ্ধি পাই যোৱা মাহত ১০৮.৩ হয়।


উল্লেখযোগ্য যে শক্তিৰ ব্যয় বৃদ্ধিৰ প্ৰভাৱ কেৱল পেট্রল আৰু ডিজেলতে নহয়, পৰিবহণ, উৎপাদন আৰু আন উদ্যোগসমূহৰ উৎপাদন ব্যয়তো পৰিছে। ইয়াৰ প্ৰভাৱ খুচুৰা মুদ্রাস্ফীতিৰ হাৰতো পৰিব। উৎপাদিত সামগ্ৰীৰ আগষ্টত মুদ্রাস্ফীতিৰ হাৰ জুলাই মাহৰ ৮.২৯%ৰ পৰা যোৱা মাহত ৮.৩৭%লৈ বৃদ্ধি পায়। অৱশ্যে প্রাথমিক সামগ্ৰীৰ (প্রাইমেৰী আর্টিকল্প) মুদ্রাস্ফীতিৰ হাৰ সামান্য হ্রাস পায় আৰু ৮.৫২%ৰ পৰা হ্রাস পাই ৭.৭৬% হয়। বাণিজ্য আৰু উদ্যোগ ম্যালয়ে প্রকাশ কৰা মতে, আগষ্টত পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ বৃদ্ধি পোৱাৰ প্ৰধান কাৰণ হ'ল খনিজ তেল, খাদ্য সামগ্রী, প্রস্তুত কৰা খাদ্য সামগ্ৰী, ধাতুৰ নিৰ্মাণ তথা উৎপাদন, খাদ্যৰ বাদে আন সামগ্ৰী, ৰসায়ন তথা ৰাসায়নিক উৎপাদিত সামগ্রী আদিয়ে মুদ্রাস্ফীতিৰ হাৰত সৃষ্টি কৰা চাপ। ইফালে পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ ম্যালয়ে প্রকাশ কৰা তথ্য মতে, আগষ্ট মাহত খুচুৰা মুদ্রাস্ফীতিৰ হাৰো বৃদ্ধি পায়। আলু-পিঁয়াজকে ধৰি বিভিন্ন শাক-পাচলিৰ দাম বৃদ্ধিয়ে আগষ্ট মাহত খুচুৰা মুদ্রাস্ফীতিৰ হাৰত প্ৰভাৱ পেলায়। ম্যালয়ে প্রকাশ কৰা তথ্য মতে, যোৱা মাহত খুচুৰা মুদ্রাস্ফীতিৰ হাৰ ৪.৮২%লৈ বৃদ্ধি পায়। জুলাই মাহত এই হাৰ আছিল ৪.৪৫%। 


উল্লেখযোগ্য যে খুচুৰা মুদ্রাস্ফীতিৰ হাৰ একেৰাহে দ্বিতীয় মাহৰ বাবে ভাৰতীয় ৰিজার্ভ বেংকে বান্ধি দিয়া ৪%ৰ লক্ষ্যতকৈ অধিক হয়। যোৱা মাহত খাদ্য সামগ্রী অর্থাৎ উপভোক্তা খাদ্য সামগ্ৰীৰ মুদ্রাস্ফীতিৰ হাৰ আছিল ৫.৫৯%। আন কথাত খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে খুচুৰা মুদ্রাস্ফীতিৰ হাৰত চাপৰ সৃষ্টি কৰে। আগষ্টত গ্রামাঞ্চলৰ খুচুৰা মুদ্রাস্ফীতিৰ হাৰ ৫.২৩% আৰু নগৰাঞ্চলত ৪.৩১% হয়। আনকথাত গ্রামাঞ্চলৰ লোকসকলে দাম বৃদ্ধিৰ দ্বাৰা অধিক প্রভাৱিত হৈছে। ইফালে খাদ্য সমগ্ৰীৰ মুদ্রাস্ফীতিৰ হাৰ গ্ৰামাঞ্চলত ৬.১৩% আৰু নগৰাঞ্চলত ৫.৬৪% আছিল। এই সময়ছোৱাত পাৰ্ছনেল কেয়াৰ আৰু সামাজিক সুৰক্ষা আৰু ইয়াৰ সৈতে জড়িত সামগ্রীসমূহৰ দাম সর্বাধিক ১৫.১৭% বৃদ্ধি পায়। ইয়াৰ পাছতে ৰেস্তোৰাঁ আৰু থকা-খোৱাৰ সেৱাত মুদ্রাস্ফীতিৰ হাৰ ৮.৩৮%, বিভিন্ন পানীয় তথা পেয় পদার্থত ৫.৬৬%, পাণ ধঁপাতজাত সামগ্ৰী আৰু আন নিচাযুক্ত উৎপাদিত সামগ্ৰীৰ হাৰ ৪.৭১%, পৰিবহণ খণ্ডৰ হাৰ ৪.৬০% তথা শিক্ষা সেৱাৰ মুদ্রাস্ফীতিৰ হাৰ ৩.৭৩% আছিল। 


ইফালে যোৱা মাহত কাপোৰ, জোতা-চেণ্ডেলৰ দাম ৩.৫৬%, আচবাব-পত্ৰ তথা ঘৰুৱা সামগ্ৰীৰ ২.৬৮%, হাউছিং পানী, বিদ্যুৎ, গেছ আৰু আন ইন্ধনৰ দাম ২.৬১%, মনোৰঞ্জন তথা ক্রীড়াৰ সৈতে জড়িত সামগ্ৰী আদিৰ ১.৩৪% দাম বৃদ্ধি পায়। ইণ্ডিয়া ৰেটিংছ এণ্ড ৰিছাৰ্চৰ মুখ্য অর্থনীতিবিদ দেৱেন্দ্ৰ পন্তৰ মতে, পশ্চিম এছিয়াৰ সংকট এতিয়াও সম্পূর্ণরূপে শেষ হোৱা নাই। ইয়াৰ ফলত বিশ্বত অনিশ্চয়তা অব্যাহত আছে। ইয়াৰ লগতে এইবাৰ স্বাভাৱিক অৱস্থাতকৈ কম বৰষুণে মুদ্রাস্ফীতিত চাপৰ সৃষ্টি কৰিব পাৰে। তেওঁৰ মতে, ইয়াৰ ফলত অহা মাহত পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ ১০.২% হ'ব। উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক