--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নিৰাপত্তা পৰিষদৰ প্ৰতিবেদনত আৰু কোৱা হৈছে, 'দিল্লীৰ লালকিল্লাত ২০২৫ চনৰ নৱেম্বৰত হোৱা আক্ৰমণৰ বাবে আনুষ্ঠানিকভাৱে এ কিউ আই এছক জগৰীয়া কৰা হৈছে।

ডিজিটেল ডেস্ক: ১১ জন লোকৰ প্ৰাণ কাঢ়ি লোৱা, ২০২৫ চনৰ নৱেম্বৰত সংঘটিত লালকিল্লাৰ সমীপৰ বিস্ফোৰণৰ বাবে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে (ইউ এন এছ চি) আনুষ্ঠানিকভাৱে আল-কায়দাক (আল-কায়দা ইন ইণ্ডিয়ান ছাবকণ্টিনেণ্ট এ কিউ আই এছ) জগৰীয়া কৰিছে। 


ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ 'এনালাইটিকেল ছাপ'র্ট এণ্ড ছেংশ্যন্‌ছ মনিটৰিং টীম'ৰ ৩৮সংখ্যক প্রতিবেদনৰ পৰা এই কথা জানিব পৰা গৈছে। সোমবাৰে প্ৰকাশ পোৱা এই প্রতিবেদনত কোৱা হৈছে যে লজিষ্টিক (সামগ্রী পৰিৱহণ আৰু পৰিচালনা ব্যৱস্থা) আৰু বিত্তীয় নেটৱৰ্ক উন্নত কৰি, তথা বিকেন্দ্ৰীকৃত, ক্ষুদ্ৰ আৰু বিক্ষিপ্ত গোটবোৰৰ দ্বাৰা কাম কৰি, এ কিউ আই এছৰ এটা অসংগঠিত সংগঠনৰ পৰা আঞ্চলিক সন্ত্রাসবাদী সংগঠনলৈ ক্রমবিকাশ ঘটিল। 


নিৰাপত্তা পৰিষদৰ প্ৰতিবেদনত আৰু কোৱা হৈছে, 'দিল্লীৰ লালকিল্লাত ২০২৫ চনৰ নৱেম্বৰত হোৱা আক্ৰমণৰ বাবে আনুষ্ঠানিকভাৱে এ কিউ আই এছক জগৰীয়া কৰা হৈছে।' বাংলাদেশত গোট (চেল) গঠনৰ বাবে সংগঠনটোৱে কৰা চেষ্টাৰ বাবে প্রতিবেদনখনত উদ্বেগ প্রকাশ কৰা হৈছে। উল্লেখযোগ্য যে লালকিল্লাৰ আক্ৰমণৰ বাবে ৰাষ্ট্ৰসংগই আল-কায়দাক দোষাৰোপ কৰাটো গুৰুত্বপূৰ্ণ অগ্রগতি, কাৰণ ইয়াৰ আগতে ৰাষ্ট্ৰসংঘৰ এখন সদস্য ৰাষ্ট্ৰই উক্ত বিস্ফোৰণৰ সৈতে জৈছ-এ-মহম্মদৰ (জে-ই-এম) সম্পর্ক আছিল বুলি কৈছিল।


উল্লেখযোগ্য যে ২০২৫ চনৰ ১০ নৱেম্বৰত বিয়লি ৭ মান বজাত এতিহাসিক লালকিল্লাৰ সমীপত বিস্ফোৰণ সংঘটিত কৰা হৈছিল। এখন হুণ্ডাই আই ২০ গাড়ীৰ ভিতৰত বিস্ফোৰকখিনি ৰখা হৈছিল। উক্ত গাড়ীখন চলাইছিল ওমৰ উন নবীৰে। তেওঁ আত্মঘাতী বোমাৰুৰূপে উক্ত আক্ৰমণ সংঘটিত কৰিছিল বুলি সন্দেহ কৰা হৈছিল। নবীৰ উক্ত বিস্ফোৰণত মৃত্যু হৈছিল। উক্ত বিস্ফোৰণত ১১জন নিহত আৰু দুই ডজনতকৈ অধিক লোক আহত হৈছিল। উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
গ্রাহকলৈ ‘ৰিলায়েন্স ডিজিটেল’ৰ বিশেষ অফাৰ
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰতিবেদন; লালকিল্লাত বিস্ফোৰণ ঘটাইছিল আল-কায়দাই
সৰুপথাৰত মৰ্মান্তিক ঘটনা; মুকলিকৈ পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি শিশুৰ মৃত্যু
চকুত কাপোৰ বান্ধি ৫৫ ছেকেণ্ডতে ১৪ গৰাকী মহান ব্যক্তিৰ ছবি চিনাক্ত! 'অসম বুক অৱ ৰেকৰ্ডছ'ত নাম অন্তৰ্ভুক্ত গৌৰীপুৰৰ কণমানি ইফা হকৰ
মেৰাপানীত দোকানৰ পৰা ২০ হাজাৰ টকা চুৰি কৰা চোৰক উত্তম মধ্যম ৰাইজৰ
গুৱাহাটীত আজি ডুৰাণ্ড কাপৰ অন্তিম মেচ
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
অসমৰ বান পৰিস্থিতি: মৃতকৰ সংখ্যা ৯৮ লৈ বৃদ্ধি, ১৩ খন জিলাত ১.৫৫ লাখ লোক এতিয়াও প্ৰভাৱিত
অসমত দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস ২০২৬ ব্যাপক উৎসাহেৰে উদযাপন
উজনি অসমৰ বানাক্ৰান্তৰ কাষত KBVSASUN: মানৱীয় সহায় আগবঢ়ালে সংস্থাটোৱে
শিৱসাগৰৰ উদ্যোগ বিধ্বস্ত, শ শ লোকৰ জীৱিকা সংকটত
অসমৰ বান পৰিস্থিতি ভয়াৱহ: ৪৯ জনৰ মৃত্যু, শিৱসাগৰত ৯ জন সন্ধানহীন
নলবাৰীত কৃষি খণ্ডৰ ডিজিটেলকৰণৰ বাবে ব্যাপক প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন
অসমত বানৰ ক্ষতি নিৰূপণৰ বাবে ব্যাপক ডিজিটেল জৰীপ আৰম্ভ, মৃতকৰ সংখ্যা ৯৮ লৈ বৃদ্ধি