--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নিৰাপত্তা পৰিষদৰ প্ৰতিবেদনত আৰু কোৱা হৈছে, 'দিল্লীৰ লালকিল্লাত ২০২৫ চনৰ নৱেম্বৰত হোৱা আক্ৰমণৰ বাবে আনুষ্ঠানিকভাৱে এ কিউ আই এছক জগৰীয়া কৰা হৈছে।

ডিজিটেল ডেস্ক: ১১ জন লোকৰ প্ৰাণ কাঢ়ি লোৱা, ২০২৫ চনৰ নৱেম্বৰত সংঘটিত লালকিল্লাৰ সমীপৰ বিস্ফোৰণৰ বাবে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে (ইউ এন এছ চি) আনুষ্ঠানিকভাৱে আল-কায়দাক (আল-কায়দা ইন ইণ্ডিয়ান ছাবকণ্টিনেণ্ট এ কিউ আই এছ) জগৰীয়া কৰিছে। 


ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ 'এনালাইটিকেল ছাপ'র্ট এণ্ড ছেংশ্যন্‌ছ মনিটৰিং টীম'ৰ ৩৮সংখ্যক প্রতিবেদনৰ পৰা এই কথা জানিব পৰা গৈছে। সোমবাৰে প্ৰকাশ পোৱা এই প্রতিবেদনত কোৱা হৈছে যে লজিষ্টিক (সামগ্রী পৰিৱহণ আৰু পৰিচালনা ব্যৱস্থা) আৰু বিত্তীয় নেটৱৰ্ক উন্নত কৰি, তথা বিকেন্দ্ৰীকৃত, ক্ষুদ্ৰ আৰু বিক্ষিপ্ত গোটবোৰৰ দ্বাৰা কাম কৰি, এ কিউ আই এছৰ এটা অসংগঠিত সংগঠনৰ পৰা আঞ্চলিক সন্ত্রাসবাদী সংগঠনলৈ ক্রমবিকাশ ঘটিল। 


নিৰাপত্তা পৰিষদৰ প্ৰতিবেদনত আৰু কোৱা হৈছে, 'দিল্লীৰ লালকিল্লাত ২০২৫ চনৰ নৱেম্বৰত হোৱা আক্ৰমণৰ বাবে আনুষ্ঠানিকভাৱে এ কিউ আই এছক জগৰীয়া কৰা হৈছে।' বাংলাদেশত গোট (চেল) গঠনৰ বাবে সংগঠনটোৱে কৰা চেষ্টাৰ বাবে প্রতিবেদনখনত উদ্বেগ প্রকাশ কৰা হৈছে। উল্লেখযোগ্য যে লালকিল্লাৰ আক্ৰমণৰ বাবে ৰাষ্ট্ৰসংগই আল-কায়দাক দোষাৰোপ কৰাটো গুৰুত্বপূৰ্ণ অগ্রগতি, কাৰণ ইয়াৰ আগতে ৰাষ্ট্ৰসংঘৰ এখন সদস্য ৰাষ্ট্ৰই উক্ত বিস্ফোৰণৰ সৈতে জৈছ-এ-মহম্মদৰ (জে-ই-এম) সম্পর্ক আছিল বুলি কৈছিল।


উল্লেখযোগ্য যে ২০২৫ চনৰ ১০ নৱেম্বৰত বিয়লি ৭ মান বজাত এতিহাসিক লালকিল্লাৰ সমীপত বিস্ফোৰণ সংঘটিত কৰা হৈছিল। এখন হুণ্ডাই আই ২০ গাড়ীৰ ভিতৰত বিস্ফোৰকখিনি ৰখা হৈছিল। উক্ত গাড়ীখন চলাইছিল ওমৰ উন নবীৰে। তেওঁ আত্মঘাতী বোমাৰুৰূপে উক্ত আক্ৰমণ সংঘটিত কৰিছিল বুলি সন্দেহ কৰা হৈছিল। নবীৰ উক্ত বিস্ফোৰণত মৃত্যু হৈছিল। উক্ত বিস্ফোৰণত ১১জন নিহত আৰু দুই ডজনতকৈ অধিক লোক আহত হৈছিল। উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
জামিন লাভ কৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত অমৃতপ্ৰভা মহন্তই; কি কি চৰ্ত আৰোপ কৰিলে আদালতে?
৩৮ টা চোৰাং গৰুসহ এখন টাটা আল্ট্ৰা বাহন জব্দ মায়ং আৰক্ষীৰ; পলাতক সৰবৰাহকাৰীৰ দল
লক্ষীপুৰত কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য: ১ কোটি টকাৰ নিষিদ্ধ টেবলেটসহ আটক দুই সৰবৰাহকাৰী
ধুন্দুলিৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
তামাৰহাটত ধুমুহা-বৰষুণৰ তাণ্ডৱ; ভাঙি পৰিল ১৫ খনতকৈ অধিক দুৰ্গাপূজাৰ গেট
মুদ্রাস্ফীতি, টকাৰ মূল্য হ্রাস; ৫.৫০ শতাংশলৈ বৃদ্ধি ৰেপ’ৰেট
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস