--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জুলাই মাহত মুদ্রাস্ফীতিৰ হাৰ বৃদ্ধিৰ প্ৰধান কাৰণ খাদ্য সামগ্ৰীৰ আকাশলংঘী দাম। মন কৰিবলগীয়া যে খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিয়ে পৰিয়ালৰ বাজেটত প্রত্যক্ষভাৱে প্ৰভাৱ পেলায়।

ডিজিটেল ডেস্ক: ৯ মাহ ধৰি মুদ্রাস্ফীতিৰ ধাৰা অব্যাহত আছে দেশত। চৰকাৰী তথ্য মতে, জুলাইত মুদ্রাস্ফীতিৰ হাৰ ৪.৪৫%। ইয়াৰ আগতে জুন মাহত মুদ্রাস্ফীতিৰ হাৰ আছিল ৪.৩৮%। আনহাতে একেৰাহে দ্বিতীয় মাহত মুদ্রাস্ফীতিৰ হাৰে ভাৰতীয় ৰিজার্ভ বেংকে বান্ধি দিয়া সীমা অতিক্রম কৰে। উল্লেখযোগ্য যে ভাৰতীয় ৰিজার্ভ বেংকে খুচুৰা মুদ্রাস্ফীতিৰ হাৰ ৪% বা তাৰ তলত ৰখাৰ লক্ষ্য বান্ধি দিছিল।


জুলাই মাহত মুদ্রাস্ফীতিৰ হাৰ বৃদ্ধিৰ প্ৰধান কাৰণ খাদ্য সামগ্ৰীৰ আকাশলংঘী দাম। মন কৰিবলগীয়া যে খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিয়ে পৰিয়ালৰ বাজেটত প্রত্যক্ষভাৱে প্ৰভাৱ পেলায়। যোৱা খাদ্য সামগ্ৰীৰ মুদ্রাস্ফীতিৰ হাৰ জুন মাহৰ ৫.৩২%ৰ পৰা বৃদ্ধি পাই ৫.৫২% হয়। যোৱা মাহত নগৰাঞ্চলৰ তুলনাত গ্রামাঞ্চলত খাদ্য সামগ্ৰীৰ দাম অধিক বৃদ্ধি পায়। 


জুলাইত খাদ্য সামগ্ৰীৰ মুদ্রাস্ফীতিৰ হাৰ গ্রামাঞ্চলত ৫.৭৯% হোৱাৰ বিপৰীতে নগৰাঞ্চলত আছিল ৫.০৫%। যোৱা মাহত পিয়াঁজৰ মুদ্রাস্ফীতিৰ হাৰ ৪.৭৩%ৰ পৰা ২২.৫৪%লৈ, নহৰুৰ ১৭.৯৩%ৰ পৰা ৩৫.৩৬%লৈ বৃদ্ধি পায়। জুলাইত আদাই সকলো অভিলেখ ভংগ কৰে আৰু মুদ্রাস্ফীতিৰ হাৰ ৫০.৪১%ৰ পৰা ৮৩.৬২%লৈ বৃদ্ধি পায়। ইয়াৰ বিপৰীতে আলুৰ দাম যোৱা বছৰৰ তুলনাত ১৬.৫৬% হ্রাস পায়। দাম বৃদ্ধিৰ মাধমাৰ কেৱল খাদ্য সামগ্ৰীয়েই শোধোৱা নাই। আন সামগ্রী তথা সেৱাৰ দামো জুলাইত বৃদ্ধি পায়। যোৱা মাহত ভ্ৰমণ কৰাটো সামান্য পৰিমাণে ব্যয় বহুল হৈ পৰে, কিয়নো পৰিবহণৰ মুদ্রাস্ফীতিৰ হাৰ ৪.৩১%ৰ পৰা ৪.৪৩%লৈ বৃদ্ধি পায়। আনহাতে সামগ্ৰীৰ পৰিবহণ ব্যয় ৭.৭৭শতাংশলৈ বৃদ্ধি পায়। আনহাতে প্রসাধন সামগ্ৰী, সামাজিক সুৰক্ষাৰ সৈতে জড়িত সামগ্ৰীসমূহৰ মুদ্রাস্ফীতিৰ হাৰ যোৱা মাহতো ১৪.৭৭% হৈ থাকে। স্বাস্থ্য সেৱা আৰু শিক্ষা সেৱাৰ মুদ্রাস্ফীতিৰ হাৰ আছিল ক্ৰমে ১.৩৪% আৰু ৩.৬৪%। উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী