--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জুলাই মাহত মুদ্রাস্ফীতিৰ হাৰ বৃদ্ধিৰ প্ৰধান কাৰণ খাদ্য সামগ্ৰীৰ আকাশলংঘী দাম। মন কৰিবলগীয়া যে খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিয়ে পৰিয়ালৰ বাজেটত প্রত্যক্ষভাৱে প্ৰভাৱ পেলায়।

ডিজিটেল ডেস্ক: ৯ মাহ ধৰি মুদ্রাস্ফীতিৰ ধাৰা অব্যাহত আছে দেশত। চৰকাৰী তথ্য মতে, জুলাইত মুদ্রাস্ফীতিৰ হাৰ ৪.৪৫%। ইয়াৰ আগতে জুন মাহত মুদ্রাস্ফীতিৰ হাৰ আছিল ৪.৩৮%। আনহাতে একেৰাহে দ্বিতীয় মাহত মুদ্রাস্ফীতিৰ হাৰে ভাৰতীয় ৰিজার্ভ বেংকে বান্ধি দিয়া সীমা অতিক্রম কৰে। উল্লেখযোগ্য যে ভাৰতীয় ৰিজার্ভ বেংকে খুচুৰা মুদ্রাস্ফীতিৰ হাৰ ৪% বা তাৰ তলত ৰখাৰ লক্ষ্য বান্ধি দিছিল।


জুলাই মাহত মুদ্রাস্ফীতিৰ হাৰ বৃদ্ধিৰ প্ৰধান কাৰণ খাদ্য সামগ্ৰীৰ আকাশলংঘী দাম। মন কৰিবলগীয়া যে খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিয়ে পৰিয়ালৰ বাজেটত প্রত্যক্ষভাৱে প্ৰভাৱ পেলায়। যোৱা খাদ্য সামগ্ৰীৰ মুদ্রাস্ফীতিৰ হাৰ জুন মাহৰ ৫.৩২%ৰ পৰা বৃদ্ধি পাই ৫.৫২% হয়। যোৱা মাহত নগৰাঞ্চলৰ তুলনাত গ্রামাঞ্চলত খাদ্য সামগ্ৰীৰ দাম অধিক বৃদ্ধি পায়। 


জুলাইত খাদ্য সামগ্ৰীৰ মুদ্রাস্ফীতিৰ হাৰ গ্রামাঞ্চলত ৫.৭৯% হোৱাৰ বিপৰীতে নগৰাঞ্চলত আছিল ৫.০৫%। যোৱা মাহত পিয়াঁজৰ মুদ্রাস্ফীতিৰ হাৰ ৪.৭৩%ৰ পৰা ২২.৫৪%লৈ, নহৰুৰ ১৭.৯৩%ৰ পৰা ৩৫.৩৬%লৈ বৃদ্ধি পায়। জুলাইত আদাই সকলো অভিলেখ ভংগ কৰে আৰু মুদ্রাস্ফীতিৰ হাৰ ৫০.৪১%ৰ পৰা ৮৩.৬২%লৈ বৃদ্ধি পায়। ইয়াৰ বিপৰীতে আলুৰ দাম যোৱা বছৰৰ তুলনাত ১৬.৫৬% হ্রাস পায়। দাম বৃদ্ধিৰ মাধমাৰ কেৱল খাদ্য সামগ্ৰীয়েই শোধোৱা নাই। আন সামগ্রী তথা সেৱাৰ দামো জুলাইত বৃদ্ধি পায়। যোৱা মাহত ভ্ৰমণ কৰাটো সামান্য পৰিমাণে ব্যয় বহুল হৈ পৰে, কিয়নো পৰিবহণৰ মুদ্রাস্ফীতিৰ হাৰ ৪.৩১%ৰ পৰা ৪.৪৩%লৈ বৃদ্ধি পায়। আনহাতে সামগ্ৰীৰ পৰিবহণ ব্যয় ৭.৭৭শতাংশলৈ বৃদ্ধি পায়। আনহাতে প্রসাধন সামগ্ৰী, সামাজিক সুৰক্ষাৰ সৈতে জড়িত সামগ্ৰীসমূহৰ মুদ্রাস্ফীতিৰ হাৰ যোৱা মাহতো ১৪.৭৭% হৈ থাকে। স্বাস্থ্য সেৱা আৰু শিক্ষা সেৱাৰ মুদ্রাস্ফীতিৰ হাৰ আছিল ক্ৰমে ১.৩৪% আৰু ৩.৬৪%। উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ