--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্ৰথম অৱস্থাত পুৱা বলিয়াঘাটৰ অভয় হাজৰিকা (২১) নামৰ যুৱকজনৰ মৃতদেহ নলাৰ পৰা উদ্ধাৰ হৈছিল। ইয়াৰ মাত্ৰ ৫-৬ মিটাৰ দূৰত্বতে একেটা নলাৰ পৰা আন এজন যুৱকৰো মৃতদেহ উদ্ধাৰ কৰা হয়।

ডিজিটেল ডেস্ক: শিৱসাগৰ জিলাৰ বেতবাৰী দিচাং মাজগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ নলাৰ পৰা শনিবাৰে পুৱা একেটা স্থানৰ পৰাই দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি হৈছে।


প্ৰথম অৱস্থাত পুৱা বলিয়াঘাটৰ অভয় হাজৰিকা (২১) নামৰ যুৱকজনৰ মৃতদেহ নলাৰ পৰা উদ্ধাৰ হৈছিল। ইয়াৰ মাত্ৰ ৫-৬ মিটাৰ দূৰত্বতে একেটা নলাৰ পৰা আন এজন যুৱকৰো মৃতদেহ উদ্ধাৰ কৰা হয়। দ্বিতীয়জন মৃত যুৱকক মানস দাস (২৩) বুলি চিনাক্ত কৰা হৈছে। বলিয়াঘাটৰ অনন্ত দাস আৰু জুলী দাসৰ পুত্ৰ আছিল মানস দাস। 


প্ৰাথমিক অনুমান অনুসৰি, এ এছ ০৪ এ ডি ৩৫৫২ নম্বৰৰ FZ মটৰচাইকেলখনত একেলগে উঠি দুয়ো যাত্ৰা কৰিছিল। শুকুৰবাৰে দিনৰ ভাগতে অভয় হাজৰিকাৰ সৈতে মানস দাসে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰলৈ বুলি ওলাই গৈছিল। কি পৰিস্থিতিত তেওঁলোকৰ মৃত্যু হ'ল সেয়া ৰহস্যৰ আৱৰ্তত। 


ঘটনাৰ খবৰ পাই তাৎক্ষণিকভাৱে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতিৰ তন্নতন্নকৈ তদন্ত আৰম্ভ কৰিছে। একেটা স্থানৰ পৰা দুজনকৈ যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
জামিন লাভ কৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত অমৃতপ্ৰভা মহন্তই; কি কি চৰ্ত আৰোপ কৰিলে আদালতে?
৩৮ টা চোৰাং গৰুসহ এখন টাটা আল্ট্ৰা বাহন জব্দ মায়ং আৰক্ষীৰ; পলাতক সৰবৰাহকাৰীৰ দল
লক্ষীপুৰত কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য: ১ কোটি টকাৰ নিষিদ্ধ টেবলেটসহ আটক দুই সৰবৰাহকাৰী
ধুন্দুলিৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
তামাৰহাটত ধুমুহা-বৰষুণৰ তাণ্ডৱ; ভাঙি পৰিল ১৫ খনতকৈ অধিক দুৰ্গাপূজাৰ গেট
মুদ্রাস্ফীতি, টকাৰ মূল্য হ্রাস; ৫.৫০ শতাংশলৈ বৃদ্ধি ৰেপ’ৰেট
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস