--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্ৰথম অৱস্থাত পুৱা বলিয়াঘাটৰ অভয় হাজৰিকা (২১) নামৰ যুৱকজনৰ মৃতদেহ নলাৰ পৰা উদ্ধাৰ হৈছিল। ইয়াৰ মাত্ৰ ৫-৬ মিটাৰ দূৰত্বতে একেটা নলাৰ পৰা আন এজন যুৱকৰো মৃতদেহ উদ্ধাৰ কৰা হয়।

ডিজিটেল ডেস্ক: শিৱসাগৰ জিলাৰ বেতবাৰী দিচাং মাজগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ নলাৰ পৰা শনিবাৰে পুৱা একেটা স্থানৰ পৰাই দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি হৈছে।


প্ৰথম অৱস্থাত পুৱা বলিয়াঘাটৰ অভয় হাজৰিকা (২১) নামৰ যুৱকজনৰ মৃতদেহ নলাৰ পৰা উদ্ধাৰ হৈছিল। ইয়াৰ মাত্ৰ ৫-৬ মিটাৰ দূৰত্বতে একেটা নলাৰ পৰা আন এজন যুৱকৰো মৃতদেহ উদ্ধাৰ কৰা হয়। দ্বিতীয়জন মৃত যুৱকক মানস দাস (২৩) বুলি চিনাক্ত কৰা হৈছে। বলিয়াঘাটৰ অনন্ত দাস আৰু জুলী দাসৰ পুত্ৰ আছিল মানস দাস। 


প্ৰাথমিক অনুমান অনুসৰি, এ এছ ০৪ এ ডি ৩৫৫২ নম্বৰৰ FZ মটৰচাইকেলখনত একেলগে উঠি দুয়ো যাত্ৰা কৰিছিল। শুকুৰবাৰে দিনৰ ভাগতে অভয় হাজৰিকাৰ সৈতে মানস দাসে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰলৈ বুলি ওলাই গৈছিল। কি পৰিস্থিতিত তেওঁলোকৰ মৃত্যু হ'ল সেয়া ৰহস্যৰ আৱৰ্তত। 


ঘটনাৰ খবৰ পাই তাৎক্ষণিকভাৱে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতিৰ তন্নতন্নকৈ তদন্ত আৰম্ভ কৰিছে। একেটা স্থানৰ পৰা দুজনকৈ যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ