--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰিয়াই প্ৰথম স্থান অধিকাৰ কৰাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে দিল্লীলৈ নিৰ্বাচিত হৈছে।

ডিজিটেল ডেস্ক: ডিব্ৰুগড়ৰ ৰহমৰীয়াৰ পি এম শ্ৰী ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী তথা 10 Assam BN NCC, Dibrugarhৰ কেডেট ৰিয়া দাসে ছিলঙত অনুষ্ঠিত ৰাইফল শ্বুটিং প্ৰতিযোগিতাত অসাধাৰণ সাফল্য অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। 

উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ মাজত অনুষ্ঠিত এন চি চি কেডেট জুনিয়ৰ ডিভিজনৰ কেইবাটাও পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰিয়াই প্ৰথম স্থান অধিকাৰ কৰাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে দিল্লীলৈ নিৰ্বাচিত হৈছে। 

ইয়াৰ পূৰ্বে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফাইৰিং ৰেঞ্জত অনুষ্ঠিত আন্তঃজিলা পৰ্যায়ৰ কেইবাটাও ৰাউণ্ডৰ প্ৰতিযোগিতাত যোগ্যতা অৰ্জন কৰি ৰিয়াই পৰৱৰ্তী পৰ্যায়লৈ নিৰ্বাচিত হৈছিল। নিজৰ প্ৰতিভা, একাগ্ৰতা আৰু কঠোৰ অনুশীলনৰ জৰিয়তে ৰিয়াই উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ প্ৰতিযোগীৰ মাজত শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হয়। 

ৰিয়াৰ এই সাফল্যত প্ৰশিক্ষক তথা এন চি চি বিষয়া আৰু বিদ্যালয়ৰ শিক্ষক ৰিজু কুমাৰ চুতীয়াই তেওঁক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। লগতে বিদ্যালয়ৰ অধ্যক্ষ মহোদয়, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু সমূহ ছাত্ৰ-ছাত্ৰীয়েও ৰিয়াৰ এই গৌৰৱময় সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰে। ৰিয়াৰ সাফল্যত পিতৃ-মাতৃ, পৰিয়ালৰ লোকৰ লগতে অঞ্চলবাসীও আনন্দিত হৈ তেওঁলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ