--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰিয়াই প্ৰথম স্থান অধিকাৰ কৰাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে দিল্লীলৈ নিৰ্বাচিত হৈছে।

ডিজিটেল ডেস্ক: ডিব্ৰুগড়ৰ ৰহমৰীয়াৰ পি এম শ্ৰী ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী তথা 10 Assam BN NCC, Dibrugarhৰ কেডেট ৰিয়া দাসে ছিলঙত অনুষ্ঠিত ৰাইফল শ্বুটিং প্ৰতিযোগিতাত অসাধাৰণ সাফল্য অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। 


উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ মাজত অনুষ্ঠিত এন চি চি কেডেট জুনিয়ৰ ডিভিজনৰ কেইবাটাও পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰিয়াই প্ৰথম স্থান অধিকাৰ কৰাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে দিল্লীলৈ নিৰ্বাচিত হৈছে। 


ইয়াৰ পূৰ্বে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফাইৰিং ৰেঞ্জত অনুষ্ঠিত আন্তঃজিলা পৰ্যায়ৰ কেইবাটাও ৰাউণ্ডৰ প্ৰতিযোগিতাত যোগ্যতা অৰ্জন কৰি ৰিয়াই পৰৱৰ্তী পৰ্যায়লৈ নিৰ্বাচিত হৈছিল। নিজৰ প্ৰতিভা, একাগ্ৰতা আৰু কঠোৰ অনুশীলনৰ জৰিয়তে ৰিয়াই উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ প্ৰতিযোগীৰ মাজত শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হয়। 


ৰিয়াৰ এই সাফল্যত প্ৰশিক্ষক তথা এন চি চি বিষয়া আৰু বিদ্যালয়ৰ শিক্ষক ৰিজু কুমাৰ চুতীয়াই তেওঁক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। লগতে বিদ্যালয়ৰ অধ্যক্ষ মহোদয়, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু সমূহ ছাত্ৰ-ছাত্ৰীয়েও ৰিয়াৰ এই গৌৰৱময় সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰে। ৰিয়াৰ সাফল্যত পিতৃ-মাতৃ, পৰিয়ালৰ লোকৰ লগতে অঞ্চলবাসীও আনন্দিত হৈ তেওঁলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা