--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গুৱাহাটী ৰয়েলছে নিৰ্ধাৰিত ১৬৬ ৰানৰ লক্ষ্য আগবঢ়াই দিয়াৰ পিছতো বৰপেটাৰ ব্ৰেভছৰ খেলুৱৈসকলৰ আক্ৰমণাত্মক বেটিং আৰু সুশৃংখল প্ৰদৰ্শনে দলটোক কাংক্ষিত বিজয়লৈ লৈ যায়।

ডিজিটেল ডেস্ক: অসমৰ ক্ৰীড়া জগতত এক নতুন ইতিহাস সৃষ্টি হ’ল। দুৰ্দান্ত প্ৰদৰ্শন অব্যাহত ৰাখি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথমটো চেম্পিয়ন খিতাপ নিজৰ দখললৈ আনিবলৈ সক্ষম হয় বৰপেটা ব্ৰেভছে। ৰোমাঞ্চকৰ ফাইনেল মেচখনত বৰপেটা ব্ৰেভছে গুৱাহাটী ৰয়েলছক ৫ উইকেটত পৰাস্ত কৰি এই গৌৰৱোজ্জ্বল সফলতা অর্জন কৰে। গুৱাহাটী ৰয়েলছে নিৰ্ধাৰিত ১৬৬ ৰানৰ লক্ষ্য আগবঢ়াই দিয়াৰ পিছতো বৰপেটাৰ ব্ৰেভছৰ খেলুৱৈসকলৰ আক্ৰমণাত্মক বেটিং আৰু সুশৃংখল প্ৰদৰ্শনে দলটোক কাংক্ষিত বিজয়লৈ লৈ যায়।


ফাইনেল মেচখনত প্ৰথমে বেটিং কৰা গুৱাহাটী ৰয়েলছে নিৰ্ধাৰিত ১৯.৪ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৬৫ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ অপেনিং বেটছমেন ৰোহিত সেনে অতি আক্ৰমণাত্মক বেটিং প্ৰদৰ্শন কৰি কেৱল ৩৭টা বলতে ৯০ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলে। 

বৰপেটা ব্ৰেভছৰ বলিং খেলুৱৈয়ে সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়। প্ৰাঞ্জল পলে ২টা গুৰুত্বপূর্ণ উইকেট দখল কৰে। ইয়াৰোপৰি শুভম কুমাৰ গুপ্তা ২ টা, দীপজ্যোতি শইকীয়াই ২ টা, বিকিৰণ দাসে ১, ৰাজেশ প্ৰসাদ ১ টা আৰু অৰুণ সোণাৰে ১ উইকেট ল’বলৈ সক্ষম হয়।


বিজয়ৰ বাবে ১৬৬ ৰানৰ লক্ষ্য অনুসৰণ কৰি বৰপেটা ব্ৰেভছে ১৮.৫ অভাৰত ৫টা উইকেট হেৰুৱাই ১৬৬ ৰান সংগ্ৰহ কৰি লক্ষ্যত উপনীত হয়। দলটোৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে অৰুণ সোণাৰে। অৰুণ সোণাৰে বিস্ফোৰক বেটিং প্ৰদৰ্শন কৰি মাত্ৰ ২০টা বলত ৬টা চাৰিৰ সহায়ত অপৰাজিত ৩৪ ৰান সংগ্ৰহ কৰে। ইয়াৰোপৰি হৃষিকেশ দাসে ৩২ বলত ৩৫ ৰান, সৌৰভ দিহিঙীয়াই ১৬ বলত ৩৩ ৰান আৰু অভিলাষ মৌৰ্যই ২০ বলত ২৪ ৰান (৩টা চাৰি) সংযোজন কৰি দলটোক জয়েলৈ আগুৱাই লৈ যায়।


এই বিজয়ৰ জৰিয়তে বৰপেটা ব্ৰেভছে অসমৰ ক্ৰীড়া মানচিত্ৰত এক উজ্জ্বল নাম হিচাপে নিজকে প্ৰতিষ্ঠা কৰিলে আৰু ক্ৰীড়াপ্ৰেমীসকলৰ মাজত আনন্দৰ জোৱাৰ তুলিলে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
জামিন লাভ কৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত অমৃতপ্ৰভা মহন্তই; কি কি চৰ্ত আৰোপ কৰিলে আদালতে?
৩৮ টা চোৰাং গৰুসহ এখন টাটা আল্ট্ৰা বাহন জব্দ মায়ং আৰক্ষীৰ; পলাতক সৰবৰাহকাৰীৰ দল
লক্ষীপুৰত কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য: ১ কোটি টকাৰ নিষিদ্ধ টেবলেটসহ আটক দুই সৰবৰাহকাৰী
ধুন্দুলিৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
তামাৰহাটত ধুমুহা-বৰষুণৰ তাণ্ডৱ; ভাঙি পৰিল ১৫ খনতকৈ অধিক দুৰ্গাপূজাৰ গেট
মুদ্রাস্ফীতি, টকাৰ মূল্য হ্রাস; ৫.৫০ শতাংশলৈ বৃদ্ধি ৰেপ’ৰেট
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস