ডিজিটেল ডেস্ক: অসমৰ ক্ৰীড়া জগতত এক নতুন ইতিহাস সৃষ্টি হ’ল। দুৰ্দান্ত প্ৰদৰ্শন অব্যাহত ৰাখি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথমটো চেম্পিয়ন খিতাপ নিজৰ দখললৈ আনিবলৈ সক্ষম হয় বৰপেটা ব্ৰেভছে। ৰোমাঞ্চকৰ ফাইনেল মেচখনত বৰপেটা ব্ৰেভছে গুৱাহাটী ৰয়েলছক ৫ উইকেটত পৰাস্ত কৰি এই গৌৰৱোজ্জ্বল সফলতা অর্জন কৰে। গুৱাহাটী ৰয়েলছে নিৰ্ধাৰিত ১৬৬ ৰানৰ লক্ষ্য আগবঢ়াই দিয়াৰ পিছতো বৰপেটাৰ ব্ৰেভছৰ খেলুৱৈসকলৰ আক্ৰমণাত্মক বেটিং আৰু সুশৃংখল প্ৰদৰ্শনে দলটোক কাংক্ষিত বিজয়লৈ লৈ যায়।
ফাইনেল মেচখনত প্ৰথমে বেটিং কৰা গুৱাহাটী ৰয়েলছে নিৰ্ধাৰিত ১৯.৪ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৬৫ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ অপেনিং বেটছমেন ৰোহিত সেনে অতি আক্ৰমণাত্মক বেটিং প্ৰদৰ্শন কৰি কেৱল ৩৭টা বলতে ৯০ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলে।
বৰপেটা ব্ৰেভছৰ বলিং খেলুৱৈয়ে সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়। প্ৰাঞ্জল পলে ২টা গুৰুত্বপূর্ণ উইকেট দখল কৰে। ইয়াৰোপৰি শুভম কুমাৰ গুপ্তা ২ টা, দীপজ্যোতি শইকীয়াই ২ টা, বিকিৰণ দাসে ১, ৰাজেশ প্ৰসাদ ১ টা আৰু অৰুণ সোণাৰে ১ উইকেট ল’বলৈ সক্ষম হয়।
বিজয়ৰ বাবে ১৬৬ ৰানৰ লক্ষ্য অনুসৰণ কৰি বৰপেটা ব্ৰেভছে ১৮.৫ অভাৰত ৫টা উইকেট হেৰুৱাই ১৬৬ ৰান সংগ্ৰহ কৰি লক্ষ্যত উপনীত হয়। দলটোৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে অৰুণ সোণাৰে। অৰুণ সোণাৰে বিস্ফোৰক বেটিং প্ৰদৰ্শন কৰি মাত্ৰ ২০টা বলত ৬টা চাৰিৰ সহায়ত অপৰাজিত ৩৪ ৰান সংগ্ৰহ কৰে। ইয়াৰোপৰি হৃষিকেশ দাসে ৩২ বলত ৩৫ ৰান, সৌৰভ দিহিঙীয়াই ১৬ বলত ৩৩ ৰান আৰু অভিলাষ মৌৰ্যই ২০ বলত ২৪ ৰান (৩টা চাৰি) সংযোজন কৰি দলটোক জয়েলৈ আগুৱাই লৈ যায়।
এই বিজয়ৰ জৰিয়তে বৰপেটা ব্ৰেভছে অসমৰ ক্ৰীড়া মানচিত্ৰত এক উজ্জ্বল নাম হিচাপে নিজকে প্ৰতিষ্ঠা কৰিলে আৰু ক্ৰীড়াপ্ৰেমীসকলৰ মাজত আনন্দৰ জোৱাৰ তুলিলে।