ডিজিটেল ডেস্ক: পিআইবি মিডিয়া ট্যুৰৰ অধীনত তামিলনাডু ভ্ৰমণৰত অসমৰ সংবাদ মাধ্যমৰ সম্পাদক প্ৰতিনিধি দলে চেন্নাইৰ ‘চিএছআইআৰ-ষ্ট্ৰাকচাৰেল ইঞ্জিনীয়াৰিং ৰিচাৰ্চ চেণ্টাৰ’ (চিএছআইআৰ-এছইআৰচি) ভ্ৰমণ কৰে। তেওঁলোকৰ ভ্ৰমণ কালত জ্যেষ্ঠ সাংবাদিকৰ দলটোৱে অধিক সুৰক্ষিত আৰু শক্তিশালী আন্তঃগাঁথনি প্ৰস্তুত কৰাৰ উদ্দেশ্যে উন্নত সংৰচনাত্মক অভিযান্ত্ৰিক প্ৰযুক্তি, দুৰ্যোগ প্ৰশমন ব্যৱস্থা আৰু ভূমিকম্প প্ৰতিৰোধী প্ৰযুক্তিৰ প্ৰত্যক্ষ জ্ঞান অৰ্জনৰ সুবিধা লাভ কৰে।
চিএছআইআৰ-এছইআৰচিৰ সঞ্চালক ড° এন. আনন্দবল্লীৰ চমু ব্যাখ্যাৰে ভ্ৰমণ কাৰ্যসূচী আৰম্ভ হয়। ভাষণত তেওঁ ৰাষ্ট্ৰীয় আন্তঃগাঁথনিৰ বাবে উদ্ভাৱনীমূলক প্ৰযুক্তিৰ বিকাশৰ ক্ষেত্ৰত কেন্দ্ৰটোৰ গুৰুত্বপূৰ্ণ অৱদানৰ কথা আলোকপাত কৰে। তেওঁ প্ৰতিনিধি দলটোক চিএছআইআৰ-এছইআৰচিৰ সংৰচনাত্মক অভিযান্ত্ৰিকতা, বহনক্ষম নিৰ্মাণ পদ্ধতি, উদ্ভাৱনী সামগ্ৰী, গাঁথনিগত স্বাস্থ্য নিৰীক্ষণ আৰু দুৰ্যোগ প্ৰশমন প্ৰযুক্তিৰ কাম-কাজৰ বিষয়ে অৱগত কৰে।
ভ্ৰমণৰ সময়ত সংবাদ মাধ্যমৰ প্ৰতিনিধি দলটোৱে চিএছআইআৰ-এছইআৰচিৰ দুটা বিশেষ কৰ্মশালা/গৱেষণাগাৰ পৰিদৰ্শন কৰে, য’ত বিশেষজ্ঞ আৰু বিষয়াসকলে বিভিন্ন উন্নত প্ৰযুক্তি, সঁজুলি আৰু গৱেষণা পদ্ধতি প্ৰদৰ্শন কৰে। প্ৰতিনিধি দলটোক ভূমিকম্প পৰীক্ষণ, গাঁথনিগত প্ৰতিৰোধ ক্ষমতা আৰু অৱক্ষয় পৰীক্ষণ (fatigue testing) সম্পৰ্কীয় প্ৰদৰ্শনী প্ৰদৰ্শন কৰা হয়, যিয়ে ভৱন আৰু আন্তঃগাঁথনিসমূহক ভূমিকম্প আৰু অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা কৰিবলৈ কেনেকৈ নক্সা প্ৰস্তুত আৰু পৰীক্ষা কৰিব পৰা যায়, তাৰ স্পষ্ট ধাৰণা প্ৰদান কৰে।