--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চিএছআইআৰ-এছইআৰচিৰ সঞ্চালক ড° এন
  • আনন্দবল্লীৰ চমু ব্যাখ্যাৰে ভ্ৰমণ কাৰ্যসূচী আৰম্ভ হয়। ভাষণত তেওঁ ৰাষ্ট্ৰীয় আন্তঃগাঁথনিৰ বাবে উদ্ভাৱনীমূলক প্ৰযুক্তিৰ বিকাশৰ ক্ষেত্ৰত কেন্দ্ৰটোৰ গুৰুত্বপূৰ্ণ অৱদানৰ কথা আলোকপাত কৰে।

ডিজিটেল ডেস্ক: পিআইবি মিডিয়া ট্যুৰৰ অধীনত তামিলনাডু ভ্ৰমণৰত অসমৰ সংবাদ মাধ্যমৰ সম্পাদক প্ৰতিনিধি দলে চেন্নাইৰ ‘চিএছআইআৰ-ষ্ট্ৰাকচাৰেল ইঞ্জিনীয়াৰিং ৰিচাৰ্চ চেণ্টাৰ’ (চিএছআইআৰ-এছইআৰচি) ভ্ৰমণ কৰে। তেওঁলোকৰ ভ্ৰমণ কালত জ্যেষ্ঠ সাংবাদিকৰ দলটোৱে অধিক সুৰক্ষিত আৰু শক্তিশালী আন্তঃগাঁথনি প্ৰস্তুত কৰাৰ উদ্দেশ্যে উন্নত সংৰচনাত্মক অভিযান্ত্ৰিক প্ৰযুক্তি, দুৰ্যোগ প্ৰশমন ব্যৱস্থা আৰু ভূমিকম্প প্ৰতিৰোধী প্ৰযুক্তিৰ প্ৰত্যক্ষ জ্ঞান অৰ্জনৰ সুবিধা লাভ কৰে।


 চিএছআইআৰ-এছইআৰচিৰ সঞ্চালক ড° এন. আনন্দবল্লীৰ চমু ব্যাখ্যাৰে ভ্ৰমণ কাৰ্যসূচী আৰম্ভ হয়। ভাষণত তেওঁ ৰাষ্ট্ৰীয় আন্তঃগাঁথনিৰ বাবে উদ্ভাৱনীমূলক প্ৰযুক্তিৰ বিকাশৰ ক্ষেত্ৰত কেন্দ্ৰটোৰ গুৰুত্বপূৰ্ণ অৱদানৰ কথা আলোকপাত কৰে। তেওঁ প্ৰতিনিধি দলটোক চিএছআইআৰ-এছইআৰচিৰ সংৰচনাত্মক অভিযান্ত্ৰিকতা, বহনক্ষম নিৰ্মাণ পদ্ধতি, উদ্ভাৱনী সামগ্ৰী, গাঁথনিগত স্বাস্থ্য নিৰীক্ষণ আৰু দুৰ্যোগ প্ৰশমন প্ৰযুক্তিৰ কাম-কাজৰ বিষয়ে অৱগত কৰে।


 ভ্ৰমণৰ সময়ত সংবাদ মাধ্যমৰ প্ৰতিনিধি দলটোৱে চিএছআইআৰ-এছইআৰচিৰ দুটা বিশেষ কৰ্মশালা/গৱেষণাগাৰ পৰিদৰ্শন কৰে, য’ত বিশেষজ্ঞ আৰু বিষয়াসকলে বিভিন্ন উন্নত প্ৰযুক্তি, সঁজুলি আৰু গৱেষণা পদ্ধতি প্ৰদৰ্শন কৰে। প্ৰতিনিধি দলটোক ভূমিকম্প পৰীক্ষণ, গাঁথনিগত প্ৰতিৰোধ ক্ষমতা আৰু অৱক্ষয় পৰীক্ষণ (fatigue testing) সম্পৰ্কীয় প্ৰদৰ্শনী প্ৰদৰ্শন কৰা হয়, যিয়ে ভৱন আৰু আন্তঃগাঁথনিসমূহক ভূমিকম্প আৰু অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা কৰিবলৈ কেনেকৈ নক্সা প্ৰস্তুত আৰু পৰীক্ষা কৰিব পৰা যায়, তাৰ স্পষ্ট ধাৰণা প্ৰদান কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী