ডিজিটেল ডেস্ক: বাক্সাৰ জোপাদং হাইস্কুলত সংঘটিত এক ৰহস্যজনক ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিদ্যালয়খনৰ নৱম আৰু দশম শ্ৰেণীৰ ২২ গৰাকীকৈ ছাত্ৰীয়ে হঠাৎ অস্বাভাৱিক আচৰণ কৰাক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে বিদ্যালয় কৰ্তৃপক্ষ, অভিভাৱক আৰু স্থানীয় ৰাইজ।
বিদ্যালয় কৰ্তৃপক্ষৰ ভাষ্য অনুসৰি, হঠাৎ একাংশ ছাত্ৰীয়ে চিঞৰ-বাখৰ কৰাৰ লগতে অস্বাভাৱিক আচৰণ কৰিবলৈ আৰম্ভ কৰে। কোনো কোনো ছাত্ৰীয়ে দৌৰিবলৈ চেষ্টা কৰাৰ বিপৰীতে কেইবাগৰাকীও অচেতন হৈ পৰে। ঘটনাক কেন্দ্ৰ কৰি বিদ্যালয়খনত সৃষ্টি হয় এক আতংকময় পৰিৱেশ। ভূতে এই কাণ্ড কৰা বুলি সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে।
ঘটনাটোৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে বিষয়টো ৰাজ্যৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰো দৃষ্টিগোচৰ হয়। মন্ত্ৰীগৰাকীয়ে বিদ্যালয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি ঘটনাৰ বিষয়ে বুজ লয়।
বিদ্যালয়খন বড়ো মাধ্যমৰ হোৱাৰ বাবে স্থানীয় বড়ো সমাজৰ পৰম্পৰা অনুসৰি এগৰাকী বাথৌ পুৰোহিতক বিদ্যালয়লৈ মাতি অনা হয়। ইয়াৰ পিছত পৰম্পৰাগতভাৱে জৰা-ফুকাৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। বিদ্যালয় কৰ্তৃপক্ষৰ মতে, এই আচাৰ-অনুষ্ঠান চলি থকাৰ সময়তো পৰিস্থিতি স্বাভাৱিক হোৱা নাছিল আৰু ২২ গৰাকী ছাত্ৰী অচেতন হৈ পৰে।
ঘটনাটোৰ পাছৰে পৰা অভিভাৱকসকলৰ মাজতো উদ্বেগ বৃদ্ধি পাইছে। নিজৰ সন্তানক বিদ্যালয়লৈ পঠিওৱাৰ ক্ষেত্ৰত একাংশ অভিভাৱকে আশংকা প্ৰকাশ কৰিছে। আনকি কেইগৰাকীমান অভিভাৱকে সন্তানক অন্য বিদ্যালয়লৈ স্থানান্তৰ কৰাৰ কথাও চিন্তা কৰিছে।
ঘটনাটোৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট নোহোৱাত ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষাক লৈ অভিভাৱকসকলৰ মাজত উদ্বেগ আৰু উৎকণ্ঠা বৃদ্ধি পাইছে।
উল্লেখযোগ্য যে বিদ্যালয় কৰ্তৃপক্ষৰ মতে, কেইবাবাৰো বিদ্যালয়খনত একেধৰণৰ ঘটনা সংঘটিত হৈছিল। যাৰ কোনো সমাধান ওলোৱা নাই। তান্ত্ৰিকে কোৱা অনুসৰি বিদ্যালয়খনত কোনো অপশক্তি আছে আৰু সেই অপশক্তিৰ কবলত যি পৰে তেওঁৱেই অস্বাভাৱিক আচৰণ কৰে।
এতিয়া স্বাভাৱিকতেই প্ৰশ্ন উঠিছে—এয়া সঁচাকৈয়ে কোনো ভৌতিক ঘটনা নে ইয়াৰ আঁৰত আছে শাৰীৰিক, মানসিক অথবা অন্য কোনো বৈজ্ঞানিক কাৰণ? ছাত্ৰীসকলৰ একে সময়তে এনে আচৰণৰ আঁৰত কি আছে, সেয়া জানিবলৈ ঘটনাটোৰ বৈজ্ঞানিকভাৱে তদন্ত কৰাটোও গুৰুত্বপূৰ্ণ হৈ পৰিছে।