--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত বৰপেটা ব্ৰেভছৰ অধিনায়ক দেনিশ দাসে সন্মুখৰ পৰা নেতৃত্ব দি এক দায়িত্বশীল তথা বিস্ফোৰক ইনিংছ উপহাৰ দিয়ে।

ডিজিটেল ডেস্ক: অসম প্ৰিমিয়াৰ লীগত টীম বৰপেটা ব্ৰেভছৰ অপ্ৰতিৰোধ্য যাত্ৰা অব্যাহত আছে। নিজৰ উৎকৃষ্ট ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি দলটোৱে আজিকো খেলখনত নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ এক বৃহৎ বিজয় সাব্যস্ত কৰে। লীগ পৰ্যায়ত এইটো বৰপেটা ব্ৰেভছৰ একেৰাহে দ্বিতীয়টো আকৰ্ষণীয় জয়।


আজিৰ তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত বৰপেটা ব্ৰেভছৰ অধিনায়ক দেনিশ দাসে সন্মুখৰ পৰা নেতৃত্ব দি এক দায়িত্বশীল তথা বিস্ফোৰক ইনিংছ উপহাৰ দিয়ে। দেনিশে মাত্ৰ ৪৫ টা বলৰ মুখামুখি হৈ ৭২ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলে। অধিনায়কগৰাকীৰ এই সুন্দৰ বেটিং প্ৰদৰ্শনৰ সহায়ত বৰপেটা ব্ৰেভছে নিৰ্ধাৰিত ২০ অভাৰত নগাঁও ৰেঞ্জাৰ্চৰ সমুখত ১৭১ ৰানৰ এক বিজয় লক্ষ্য বান্ধি দিয়ে।


১৭১ ৰানৰ বৃহৎ লক্ষ্য খেদিবলৈ নামি বৰপেটাৰ মাৰাত্মক বলিং আক্ৰমণৰ সন্মুখত তিষ্ঠি থাকিবলৈ সক্ষম নহ’ল নগাঁও ৰেঞ্জাৰ্চৰ বেটাৰসকল। বৰপেটাৰ হৈ বিকিৰণ দাসে নিয়ন্ত্ৰিত অথচ আক্ৰমণাত্মক বলিং কৰি ৪ টা গুৰুত্বপূৰ্ণ উইকেট দখল কৰাৰ বিপৰীতে শুভম গুপ্তাই ৩ টা উইকেট লাভ কৰি নগাঁৱৰ বেটিং মেৰুদণ্ড ভাঙি পেলায়।


বিকিৰণ আৰু শুভমৰ এই নিয়ন্ত্ৰিত বলিং আক্ৰমণৰ ফলত অৱশেষত নগাঁও ৰেঞ্জাৰ্চ ৭০ ৰানৰ ডাঙৰ ব্যৱধানত পৰাজিত হয়। এই আকৰ্ষণীয় জয়েৰে বৰপেটা ব্ৰেভছে প্ৰতিযোগিতাখনত নিজৰ স্থিতি আৰু অধিক শক্তিশালী কৰি তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ