--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত বৰপেটা ব্ৰেভছৰ অধিনায়ক দেনিশ দাসে সন্মুখৰ পৰা নেতৃত্ব দি এক দায়িত্বশীল তথা বিস্ফোৰক ইনিংছ উপহাৰ দিয়ে।

ডিজিটেল ডেস্ক: অসম প্ৰিমিয়াৰ লীগত টীম বৰপেটা ব্ৰেভছৰ অপ্ৰতিৰোধ্য যাত্ৰা অব্যাহত আছে। নিজৰ উৎকৃষ্ট ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি দলটোৱে আজিকো খেলখনত নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ এক বৃহৎ বিজয় সাব্যস্ত কৰে। লীগ পৰ্যায়ত এইটো বৰপেটা ব্ৰেভছৰ একেৰাহে দ্বিতীয়টো আকৰ্ষণীয় জয়।


আজিৰ তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত বৰপেটা ব্ৰেভছৰ অধিনায়ক দেনিশ দাসে সন্মুখৰ পৰা নেতৃত্ব দি এক দায়িত্বশীল তথা বিস্ফোৰক ইনিংছ উপহাৰ দিয়ে। দেনিশে মাত্ৰ ৪৫ টা বলৰ মুখামুখি হৈ ৭২ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলে। অধিনায়কগৰাকীৰ এই সুন্দৰ বেটিং প্ৰদৰ্শনৰ সহায়ত বৰপেটা ব্ৰেভছে নিৰ্ধাৰিত ২০ অভাৰত নগাঁও ৰেঞ্জাৰ্চৰ সমুখত ১৭১ ৰানৰ এক বিজয় লক্ষ্য বান্ধি দিয়ে।


১৭১ ৰানৰ বৃহৎ লক্ষ্য খেদিবলৈ নামি বৰপেটাৰ মাৰাত্মক বলিং আক্ৰমণৰ সন্মুখত তিষ্ঠি থাকিবলৈ সক্ষম নহ’ল নগাঁও ৰেঞ্জাৰ্চৰ বেটাৰসকল। বৰপেটাৰ হৈ বিকিৰণ দাসে নিয়ন্ত্ৰিত অথচ আক্ৰমণাত্মক বলিং কৰি ৪ টা গুৰুত্বপূৰ্ণ উইকেট দখল কৰাৰ বিপৰীতে শুভম গুপ্তাই ৩ টা উইকেট লাভ কৰি নগাঁৱৰ বেটিং মেৰুদণ্ড ভাঙি পেলায়।


বিকিৰণ আৰু শুভমৰ এই নিয়ন্ত্ৰিত বলিং আক্ৰমণৰ ফলত অৱশেষত নগাঁও ৰেঞ্জাৰ্চ ৭০ ৰানৰ ডাঙৰ ব্যৱধানত পৰাজিত হয়। এই আকৰ্ষণীয় জয়েৰে বৰপেটা ব্ৰেভছে প্ৰতিযোগিতাখনত নিজৰ স্থিতি আৰু অধিক শক্তিশালী কৰি তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত