--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতৰ বাবে হতাশাজনক দিশটো হ'ল এতিয়ালৈকে খেল ৫৯৯খন টেষ্টত যিমানসংখ্যকত জয়ী হৈছে, তাতকৈ অধিকত পৰাজিত হৈছে।

ডিজিটেল ডেস্ক: শ্রীলংকাৰ বিৰুদ্ধে গালেত ১৫ আগষ্টৰ পৰা খেলিবলগীয়া টেষ্টখন ভাৰতৰ বাবে ঐতিহাসিক হ'ব। ভাৰতে গালেত নিজৰ ৬০০সংখ্যক টেষ্টত অৱতীৰ্ণ হ'ব। ৬০০সংখ্যক টেষ্ট খেলা ভাৰত এছিয়াৰ প্ৰথমখন আৰু বিশ্বৰ তৃতীয়খন দেশ। ভাৰতৰ আগতে ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াই ছয় শতাধিক টেষ্ট মেচ খেলিছে। ইংলেণ্ডে এতিয়ালৈকে সর্বাধিক ১০৯৭খন আৰু ইয়াৰ পাছতে অষ্ট্ৰেলিয়াই ৮৮২খন টেষ্ট খেলিছে। ভাৰতে প্রথম টেষ্ট খেলিছিল ১৯৩২ চনত। 


ভাৰতৰ প্ৰথম টেষ্টৰ অধিনায়ক আছিল চি কে নাইডু। ১৯৩২ চনৰ পৰা ২০২৬ চনলৈ এই ৯৪ বছৰীয়া যাত্ৰাত ভাৰতীয় দলক ৩৮জন অধিনায়কে নেতৃত্ব দিছে। গালেত ৬০০ সংখ্যক টেষ্টত ভাৰতীয় দলক নেতৃত্ব দিব শুভমন গীলে। ভাৰতৰ বাবে হতাশাজনক দিশটো হ'ল এতিয়ালৈকে খেল ৫৯৯খন টেষ্টত যিমানসংখ্যকত জয়ী হৈছে, তাতকৈ অধিকত পৰাজিত হৈছে। ভাৰতে ১৮৬খন টেষ্টত জয়ী হৈছে আৰু ১৮৮খনত পৰাজিত হৈছে। ভাৰতৰ জয়ৰ শতকৰা হাৰ হ'ল ৩১.১৩। 


শুভমনৰ নেতৃত্বত ভাৰতে এতিয়ালৈকে ৯খন টেষ্টৰ ৫খনত জয়ী আৰু ৩খনত পৰাজিত হৈছে। এখন ড্র হৈছে। মন কৰিবলগীয়া যে ভাৰতে শ্রীলংকাৰ বিৰুদ্ধে বিগত ৬খন টেষ্টৰ এখনতো পৰাজিত হোৱা নাই। সেয়েহে গালেত এই ঐতিহাসিক মেচখন ভাৰতীয় দলে জয়েৰে স্মৰণীয় কৰি ৰাখিব বুলি আশা কৰা হৈছে।

উৎস : দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ভয়ংকৰ নাও দুৰ্ঘটনা; একেটা পৰিয়ালৰ ৭টা শিশুসহ ১৩টা কণমানিৰ গংগাত সলিল সমাধি
চৰকাৰী কার্যসূচী লৈ ১৬ অক্টোবৰৰ পৰা ২২ অক্টোবৰলৈ পবিত্ৰ মাৰ্ঘেৰিটাৰ বিদেশ ভ্ৰমণ
তুলা ৰাশিত অস্ত হ’ব শুক্ৰ গ্ৰহৰ; ৪ ৰাশিৰ জাতক-জাতিকাৰ সমস্যা বৃদ্ধিৰ সম্ভাৱনা
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
তুলা ৰাশিত অস্ত হ’ব শুক্ৰ গ্ৰহৰ; ৪ ৰাশিৰ জাতক-জাতিকাৰ সমস্যা বৃদ্ধিৰ সম্ভাৱনা
চৰকাৰী কার্যসূচী লৈ ১৬ অক্টোবৰৰ পৰা ২২ অক্টোবৰলৈ পবিত্ৰ মাৰ্ঘেৰিটাৰ বিদেশ ভ্ৰমণ
বিহাৰত ভয়ংকৰ নাও দুৰ্ঘটনা; একেটা পৰিয়ালৰ ৭টা শিশুসহ ১৩টা কণমানিৰ গংগাত সলিল সমাধি
উভতি নহা বাটেৰে গুচি গ’ল নানা পাটেকাৰ; শোকস্তব্ধ দেশবাসী
খৈৰাবাৰীত লাভ জেহাদ! হিন্দু পৰিচয় দি ডিব্ৰুগড়ৰ নাবালিকাক পলুৱাই নিলে ধুবুৰীৰ যুৱকে