--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতৰ বাবে হতাশাজনক দিশটো হ'ল এতিয়ালৈকে খেল ৫৯৯খন টেষ্টত যিমানসংখ্যকত জয়ী হৈছে, তাতকৈ অধিকত পৰাজিত হৈছে।

ডিজিটেল ডেস্ক: শ্রীলংকাৰ বিৰুদ্ধে গালেত ১৫ আগষ্টৰ পৰা খেলিবলগীয়া টেষ্টখন ভাৰতৰ বাবে ঐতিহাসিক হ'ব। ভাৰতে গালেত নিজৰ ৬০০সংখ্যক টেষ্টত অৱতীৰ্ণ হ'ব। ৬০০সংখ্যক টেষ্ট খেলা ভাৰত এছিয়াৰ প্ৰথমখন আৰু বিশ্বৰ তৃতীয়খন দেশ। ভাৰতৰ আগতে ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াই ছয় শতাধিক টেষ্ট মেচ খেলিছে। ইংলেণ্ডে এতিয়ালৈকে সর্বাধিক ১০৯৭খন আৰু ইয়াৰ পাছতে অষ্ট্ৰেলিয়াই ৮৮২খন টেষ্ট খেলিছে। ভাৰতে প্রথম টেষ্ট খেলিছিল ১৯৩২ চনত। 


ভাৰতৰ প্ৰথম টেষ্টৰ অধিনায়ক আছিল চি কে নাইডু। ১৯৩২ চনৰ পৰা ২০২৬ চনলৈ এই ৯৪ বছৰীয়া যাত্ৰাত ভাৰতীয় দলক ৩৮জন অধিনায়কে নেতৃত্ব দিছে। গালেত ৬০০ সংখ্যক টেষ্টত ভাৰতীয় দলক নেতৃত্ব দিব শুভমন গীলে। ভাৰতৰ বাবে হতাশাজনক দিশটো হ'ল এতিয়ালৈকে খেল ৫৯৯খন টেষ্টত যিমানসংখ্যকত জয়ী হৈছে, তাতকৈ অধিকত পৰাজিত হৈছে। ভাৰতে ১৮৬খন টেষ্টত জয়ী হৈছে আৰু ১৮৮খনত পৰাজিত হৈছে। ভাৰতৰ জয়ৰ শতকৰা হাৰ হ'ল ৩১.১৩। 


শুভমনৰ নেতৃত্বত ভাৰতে এতিয়ালৈকে ৯খন টেষ্টৰ ৫খনত জয়ী আৰু ৩খনত পৰাজিত হৈছে। এখন ড্র হৈছে। মন কৰিবলগীয়া যে ভাৰতে শ্রীলংকাৰ বিৰুদ্ধে বিগত ৬খন টেষ্টৰ এখনতো পৰাজিত হোৱা নাই। সেয়েহে গালেত এই ঐতিহাসিক মেচখন ভাৰতীয় দলে জয়েৰে স্মৰণীয় কৰি ৰাখিব বুলি আশা কৰা হৈছে।

উৎস : দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক