ডিজিটেল ডেস্ক : নর্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত ১৩৫সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলত আজি নিজৰ অন্তিমখন গ্রুপ মেচত অৱতীৰ্ণ হ'ব। গুৱাহাটীৰ অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া গ্রুপ 'এফ'ৰ পঞ্চম মেচত নর্থ ইষ্ট ইউনাইটেডৰ প্রতিদ্বন্দ্বী জম্মু-কাশ্মীৰৰ দল এফ চি বান।
বিগত দুটা ছিজনৰ চেম্পিয়ন নর্থ ইষ্ট ইউনাইটেড এফ চিয়ে ইতিমধ্যে প্রতিযোগিতাত শক্তিশালী ৰূপত অভিযান আৰম্ভ কৰি প্ৰথম দুখন মেচত জয়লাভ কৰিছে। প্রথম মেচত বড়োলেণ্ড এফ চিক ৬-০ গ'লত পৰাস্ত কৰা দলটোৱে দ্বিতীয় মেচত কাৰ্বি আংলং মর্নিং ষ্টাৰ এফ চিক ৪-১ গ'লত পৰাস্ত কৰে। ইতিমধ্যে নৰ্থ ইষ্ট ইউনাইটেডে কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে দলৰ মৰক্কোৰ তাৰকা ষ্ট্ৰাইকাৰ আজাৰায়ে ইতিমধ্যে হৈ যোৱা দুখন মেচত হেটত্রিকসহ পাঁচটা গ'ল কৰিছে।
ইফালে, এফ চি বান দলে ডুৰাণ্ড কাপৰ অভিষেক মেচতে কার্বি আংলং মর্নিং ষ্টাৰ এফ চিৰ বিৰুদ্ধে জয় অৰ্জন কৰিবলৈ সক্ষম হৈছিল যদিও দ্বিতীয় মেচত দল বড়োলেণ্ড এফ চিৰ বিৰুদ্ধে পৰাস্ত হয়। ইফালে, কালি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত অনুষ্ঠিত গ্রুপ 'এ'ৰ অন্তিম মেচখনত মোহন বাগানে ৬-০ গ'লত চি আই এছ এফ প্ৰ'টেকটক পৰাস্ত কৰি গ্ৰুপত শীর্ষস্থান তথা অপৰাজেয় হৈ কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অর্জন কৰিছে।
উৎস: দৈনিক জনমভূমি