--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বাদশ্বাহ আৰু ইশা ৰিখী উভয়ে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত প’ষ্ট শ্বেয়াৰ কৰি পৃথক হোৱাৰ কথা ঘোষণা কৰিছে। পাৰস্পৰিক সন্মতি মৰ্মেই তেওঁলোকে পৃথক হোৱা বুলি নিজৰ প’ষ্টত স্পষ্ট কৰি দিছে।

ডিজিটেল ডেস্ক: ৰেপাৰ তথা জনপ্ৰিয় পঞ্জাবী গায়ক বাদশ্বাহৰ দ্বিতীয় বিবাহো সফল নহ’ল। পঞ্জাবী অভিনেত্ৰী ইশা ৰিখীৰ সৈতে ৫ মাহ পূৰ্বে দ্বিতীয় বাৰলৈ সংসাৰৰ পাতনি মেলিছিল বাদশ্বাহে। শেহতীয়াকৈ ছ’চিয়েল মিডিয়া প’ষ্টৰ জৰিয়তে ইশা ৰিখীৰ সৈতে তেওঁৰ দ্বিতীয় বিবাহৰ অন্ত পৰা বুলি ঘোষণা কৰিছে গায়কগৰাকীয়ে। বিগত কিছুদিন ধৰি বাদশ্বাহ আৰু ইশা ৰিখীৰ সম্পৰ্কত ফাট মেলাৰ খবৰে চৰ্চা লাভ কৰিছিল। অৱশেষত তেওঁলোকে নিজৰ বিবাহ বিচ্ছেদৰ কথা নিশ্চিত কৰিলে।


বাদশ্বাহ আৰু ইশা ৰিখী উভয়ে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত প’ষ্ট শ্বেয়াৰ কৰি পৃথক হোৱাৰ কথা ঘোষণা কৰিছে। পাৰস্পৰিক সন্মতি মৰ্মেই তেওঁলোকে পৃথক হোৱা বুলি নিজৰ প’ষ্টত স্পষ্ট কৰি দিছে। এই সময়ছোৱাত তেওঁলোকৰ গোপনীয়তা বৰ্তাই ৰখাৰ বাবেও দুয়োজনে জনসাধাৰণক অনুৰোধ জনাইছে।


বিচ্ছেদৰ ঘোষণা কৰি বাদশ্বাহে নিজৰ প’ষ্টত লিখিছে— মই আৰু ইশা ৰিখীয়ে পাৰস্পৰিক সন্মতিৰে পৃথক হোৱাৰ আৰু নিজ নিজ পথেৰে আগবাঢ়ি যোৱাৰ সিদ্ধান্ত লৈছোঁ। পাৰস্পৰিক সদ্ভাৱৰে এই সিদ্ধান্ত লোৱা হৈছে আৰু আমি আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ যাতে এই সময়ছোৱাত আমাৰ গোপনীয়তাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে।


এই বিষয়ে যাতে অধিক কোনো ধৰণৰ উৰাবাতৰি বা অনুমান প্ৰচাৰ নহয়, সেই কথাও বাদশ্বাহ আৰু ইশাই নিজৰ প’ষ্টত স্পষ্ট কৰি দিছে। তেওঁলোকে লগতে কয় এই বিষয়টোৰ সন্দৰ্ভত আমি বেলেগ আৰু একো পষ্ট নকৰোঁ। আমি অনুৰোধ জনাইছোঁ যে আমাৰ সম্পৰ্কক লৈ যেন অধিক কোনো অনুমান বা আন্দাজ নকৰে।


উল্লেখ্য যে, বাদশ্বাহ আৰু ইশা ৰিখীয়ে সদায় নিজৰ সম্পৰ্কক লোকচক্ষুৰ আঁৰত ৰাখিছিল। তেওঁলোকে অতি গোপনে বিবাহপাশত আবদ্ধ হৈছিল। কিন্তু ২০২৬ চনৰ মাৰ্চ মাহত যেতিয়া ইশাৰ মাতৃ পুনম ৰিখীয়ে ইনষ্টাগ্ৰামত তেওঁলোকৰ অন্তৰংগ বিবাহৰ ছবিসমূহ শ্বেয়াৰ কৰিছিল, তেতিয়াহে দুয়োৰে বিবাহৰ খবৰ ভাইৰেল হৈ পৰিছিল।


ইফালে, ইশাই পিছত ২০২৬ চনৰ জুন মাহত ইনষ্টাগ্ৰামৰ 'আস্ক মি এনিথিং' ছেছনৰ জৰিয়তে নিজেই তেওঁলোকৰ বিবাহৰ কথা নিশ্চিত কৰিছিল। প্ৰতিবেদন অনুসৰি, বিবাহপাশত আবদ্ধ হোৱাৰ পূৰ্বে বাদশ্বাহ আৰু ইশাই প্ৰায় ৪ বছৰ ধৰি একেলগে ডেটিং কৰিছিল। কিন্তু দুখৰ বিষয় যে দুয়োৰে বিবাহ দীৰ্ঘস্থায়ী নহ’ল। বিবাহৰ মাত্ৰ ৫ মাহৰ ভিতৰতে বাদশ্বাহ আৰু ইশা পৃথক হৈ পৰিল।


উল্লেখ্য ইয়াৰ পূৰ্বে বাদশ্বাহে ২০১২ চনত জেচমিন মচিহৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। ২০১৭ চনৰ জানুৱাৰী মাহত দুয়োৰে কন্যা জেচমি গ্ৰেচ মচিহ সিঙৰ জন্ম হয়, ২০২০ চনত দুয়োৰে বিবাহ বিচ্ছেদ ঘটে। 


বাদশ্বাহৰ প্ৰাক্তন পত্নী জেচমিন কন্যা জেচমিৰ সৈতে লণ্ডনত থাকে। দুখৰ বিষয় যে মাত্ৰ ৫ মাহৰ ভিতৰতে বাদশ্বাহৰ দ্বিতীয় বিবাহো ভাঙি গ’ল। অৱশ্যে, দ্বিতীয় বিবাহ ভাঙি যোৱাৰ আচল কাৰণ এতিয়ালৈকে পোহৰলৈ অহা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী