ডিজিটেল ডেস্ক: ৰেপাৰ তথা জনপ্ৰিয় পঞ্জাবী গায়ক বাদশ্বাহৰ দ্বিতীয় বিবাহো সফল নহ’ল। পঞ্জাবী অভিনেত্ৰী ইশা ৰিখীৰ সৈতে ৫ মাহ পূৰ্বে দ্বিতীয় বাৰলৈ সংসাৰৰ পাতনি মেলিছিল বাদশ্বাহে। শেহতীয়াকৈ ছ’চিয়েল মিডিয়া প’ষ্টৰ জৰিয়তে ইশা ৰিখীৰ সৈতে তেওঁৰ দ্বিতীয় বিবাহৰ অন্ত পৰা বুলি ঘোষণা কৰিছে গায়কগৰাকীয়ে। বিগত কিছুদিন ধৰি বাদশ্বাহ আৰু ইশা ৰিখীৰ সম্পৰ্কত ফাট মেলাৰ খবৰে চৰ্চা লাভ কৰিছিল। অৱশেষত তেওঁলোকে নিজৰ বিবাহ বিচ্ছেদৰ কথা নিশ্চিত কৰিলে।
বাদশ্বাহ আৰু ইশা ৰিখী উভয়ে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত প’ষ্ট শ্বেয়াৰ কৰি পৃথক হোৱাৰ কথা ঘোষণা কৰিছে। পাৰস্পৰিক সন্মতি মৰ্মেই তেওঁলোকে পৃথক হোৱা বুলি নিজৰ প’ষ্টত স্পষ্ট কৰি দিছে। এই সময়ছোৱাত তেওঁলোকৰ গোপনীয়তা বৰ্তাই ৰখাৰ বাবেও দুয়োজনে জনসাধাৰণক অনুৰোধ জনাইছে।
বিচ্ছেদৰ ঘোষণা কৰি বাদশ্বাহে নিজৰ প’ষ্টত লিখিছে— মই আৰু ইশা ৰিখীয়ে পাৰস্পৰিক সন্মতিৰে পৃথক হোৱাৰ আৰু নিজ নিজ পথেৰে আগবাঢ়ি যোৱাৰ সিদ্ধান্ত লৈছোঁ। পাৰস্পৰিক সদ্ভাৱৰে এই সিদ্ধান্ত লোৱা হৈছে আৰু আমি আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ যাতে এই সময়ছোৱাত আমাৰ গোপনীয়তাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে।
এই বিষয়ে যাতে অধিক কোনো ধৰণৰ উৰাবাতৰি বা অনুমান প্ৰচাৰ নহয়, সেই কথাও বাদশ্বাহ আৰু ইশাই নিজৰ প’ষ্টত স্পষ্ট কৰি দিছে। তেওঁলোকে লগতে কয় এই বিষয়টোৰ সন্দৰ্ভত আমি বেলেগ আৰু একো পষ্ট নকৰোঁ। আমি অনুৰোধ জনাইছোঁ যে আমাৰ সম্পৰ্কক লৈ যেন অধিক কোনো অনুমান বা আন্দাজ নকৰে।
উল্লেখ্য যে, বাদশ্বাহ আৰু ইশা ৰিখীয়ে সদায় নিজৰ সম্পৰ্কক লোকচক্ষুৰ আঁৰত ৰাখিছিল। তেওঁলোকে অতি গোপনে বিবাহপাশত আবদ্ধ হৈছিল। কিন্তু ২০২৬ চনৰ মাৰ্চ মাহত যেতিয়া ইশাৰ মাতৃ পুনম ৰিখীয়ে ইনষ্টাগ্ৰামত তেওঁলোকৰ অন্তৰংগ বিবাহৰ ছবিসমূহ শ্বেয়াৰ কৰিছিল, তেতিয়াহে দুয়োৰে বিবাহৰ খবৰ ভাইৰেল হৈ পৰিছিল।
ইফালে, ইশাই পিছত ২০২৬ চনৰ জুন মাহত ইনষ্টাগ্ৰামৰ 'আস্ক মি এনিথিং' ছেছনৰ জৰিয়তে নিজেই তেওঁলোকৰ বিবাহৰ কথা নিশ্চিত কৰিছিল। প্ৰতিবেদন অনুসৰি, বিবাহপাশত আবদ্ধ হোৱাৰ পূৰ্বে বাদশ্বাহ আৰু ইশাই প্ৰায় ৪ বছৰ ধৰি একেলগে ডেটিং কৰিছিল। কিন্তু দুখৰ বিষয় যে দুয়োৰে বিবাহ দীৰ্ঘস্থায়ী নহ’ল। বিবাহৰ মাত্ৰ ৫ মাহৰ ভিতৰতে বাদশ্বাহ আৰু ইশা পৃথক হৈ পৰিল।
উল্লেখ্য ইয়াৰ পূৰ্বে বাদশ্বাহে ২০১২ চনত জেচমিন মচিহৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। ২০১৭ চনৰ জানুৱাৰী মাহত দুয়োৰে কন্যা জেচমি গ্ৰেচ মচিহ সিঙৰ জন্ম হয়, ২০২০ চনত দুয়োৰে বিবাহ বিচ্ছেদ ঘটে।
বাদশ্বাহৰ প্ৰাক্তন পত্নী জেচমিন কন্যা জেচমিৰ সৈতে লণ্ডনত থাকে। দুখৰ বিষয় যে মাত্ৰ ৫ মাহৰ ভিতৰতে বাদশ্বাহৰ দ্বিতীয় বিবাহো ভাঙি গ’ল। অৱশ্যে, দ্বিতীয় বিবাহ ভাঙি যোৱাৰ আচল কাৰণ এতিয়ালৈকে পোহৰলৈ অহা নাই।