--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • টেলিভিছনৰ জগতখনত ক্রিকেটাৰে প্রৱেশ কৰাটো কোনো নতুন কথা নহয়। ইয়াৰ আগেয়ে আন এগৰাকী প্ৰাক্তন ভাৰতীয় অধিনায়ক সৌৰভ গাংগুলীয়ে এই কাম কৰিছে।

ডিজিটেল ডেস্ক: এইবাৰ নতুন ভূমিকাত দেখা যাব ৰোহিত শৰ্মাক। টেলিভিছনৰ পৰ্দাত নিজৰ নতুন ইনিংছ আৰম্ভ কৰিবলৈ ওলাইছে ভাৰতৰ তাৰকা বেটাৰগৰাকীয়ে। ছ'নী পিকচাৰ্ছ নেটৱৰ্কে ঘোষণা কৰিছে যে তেওঁলোকৰ 'ফেমিলী ফুল হাউছ উইথ ৰোহিত শর্মা' শীর্ষক নতুন শ্ব'ত দেখা যাব ভাৰতৰ প্রাক্তন অধিনায়কক। ইতিমধ্যেই শ্বুটিং আৰম্ভ হোৱা বুলি জনাইছে ছ'নীয়ে। অহা ১৯ ছেপ্টেম্বৰৰ পৰা টেলিভিছনৰ পৰ্দাত আৰম্ভ হ'ব ৰোহিতৰ নতুন অনুষ্ঠান। কিন্তু শ্ব'টো কি বিষয়ত হ'ব অথবা ইয়াৰ ফর্মেট কি হ'ব সেই সন্দৰ্ভত তেওঁলোকে একো প্রকাশ কৰা নাই। 


টেলিভিছনৰ জগতখনত ক্রিকেটাৰে প্রৱেশ কৰাটো কোনো নতুন কথা নহয়। ইয়াৰ আগেয়ে আন এগৰাকী প্ৰাক্তন ভাৰতীয় অধিনায়ক সৌৰভ গাংগুলীয়ে এই কাম কৰিছে। ক্রিকেটৰ পৰা অৱসৰ লোৱাৰ পাছতে গাংগুলীয়ে 'দাদাগিৰি' নামৰ এটা অনুষ্ঠানৰ সঞ্চালক আছিল। সম্প্রতি 'বিগ বছ বাংলা'ৰ সঞ্চালকৰ ভূমিকাত দেখা গৈছে গাংগুলীক। গাংগুলীৰ পদাংক অনুসৰণ কৰিবলৈ আগবাঢ়িছে ৰোহিতে। ইতিমধ্যেই টেষ্ট আৰু টি-২০ৰ পৰা অৱসৰ লৈছে ৰোহিতে। এতিয়া তেওঁ মাথোঁ এদিনীয়া ক্রিকেটহে খেলে। তেওঁৰ লক্ষ্য ২০২৭ চনৰ এদিনীয়া বিশ্ব কাপত খেলা। 


কিন্তু তেতিয়ালৈকে তেওঁ যে খেলি থাকিব পাৰিব সেয়া নিশ্চিত নহয়। সেই বাবেই নেকি ৰোহিতে টেলিভিছনত ভৰি দিব খুজিছে। এইবাৰ তেওঁ এদিনীয়া ক্রিকেটক বিদায় জনাব নেকি তাকে লৈ আৰম্ভ শেষবাৰৰ বাবে এই বছৰৰ জুলাইত ইংলেণ্ডত ভাৰতীয় দলৰ জাৰ্ছীৰে খেলিছিল। লৰ্ডছৰ শেষৰখন মেচত শতক অৰ্জন কৰি ৰোহিতে প্ৰমাণ কৰি দেখুৱালে যে বেটত তেওঁৰ ৰানৰ ক্ষুধা এতিয়াও শেষ হৈ যোৱা নাই।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী